অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ঐনিতম

ঐনিতম (মিচিং: Oi: Nitom) অসমৰ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত গীত। ঐনিতমৰ অৰ্থ 'প্ৰিয় জনৰ গীত'। এই শ্ৰেণীৰ গীত মিচিংসকলৰ এক প্ৰমুখ লোকগীত শৈলী হিচাপে বিবেচিত হৈছে। ঐনিতমসমূহত সাধাৰণতে প্ৰেমৰ ভাৱ প্ৰতিস্ফূত হৈ উঠে।

হালনাগাদ: ১০ নৱেম্বৰ ২০২৫ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ঐনিতম (মিচিং: Oi: Nitom) অসমৰ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত গীত। ঐনিতমৰ অৰ্থ 'প্ৰিয় জনৰ গীত'। এই শ্ৰেণীৰ গীত মিচিংসকলৰ এক প্ৰমুখ লোকগীত শৈলী হিচাপে বিবেচিত হৈছে। ঐনিতমসমূহত সাধাৰণতে প্ৰেমৰ ভাৱ প্ৰতিস্ফূত হৈ উঠে।

নামৰ অৰ্থ

মিচিং ভাষাত ঐনিতম শব্দৰ অৰ্থ 'প্ৰিয় জনৰ গীত'। ১

মিচিং সমাজত

মিচিংসকলৰ অনেক শ্ৰেণীৰ লোকগীত আছে, যেনে আবাং, কাবাং, বিৰিগ, লুপ', ঐনিতম আদি।২ মিচিং লোকসকলৰ অন্যান্য লোকগীতৰ তুলনাত পিচে, ঐনিতমে অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।৩ মিচিং লোকগীতক ভাগ কৰাৰ আন এক বিধি হ'ল এনেধৰণৰ- ধাৰ্মিক আবাং, ঐনিতম, কাবান, ক-নি-নাম আৰু মমান।৪ ঐনিতম প্ৰেমৰ গীত, কাবান দুখৰ গীত, ক-নি-নাম নিচুকণি গীত আদি।

অতীতত কাবান গীতৰ জনপ্ৰিয়তা পৰিলক্ষিত হৈছিল, পিচে বৰ্তমানত সেই স্থান ঐনিতমে দখল কৰিছে।

মিচিংসকলে আলি আঃয়ে লৃগাঙৰ দৰে পৰ্বত ঐনিতমৰ সুৰত নৃত্য কৰে।৫

চাৰিত্ৰিক দিশ

ঐনিতমক প্ৰেমৰ গীত বুলিব পাৰি। প্ৰকৃতিসম্বন্ধীয় লিখনশৈলী আৰু চৈত্ৰিক চিহ্ন ব্যৱহাৰে ঐনিতমৰ বিহুৰ সৈতে সাদৃশ্য প্ৰকট কৰে।

ঐনিতমৰ এক উদাহৰণ,৬

লঙে মিক্সি দিনামদেমআপঙেপে তি:লাংকায়ুমে মিক্সি দেনামদেমকেৰাচিনপে ৰম্লাংকা

তথ্যসূত্ৰ

  1. ↑ Page No. 67
  2. ↑ Padun, Nahendra. Mising Loko Geet. পৃ. 47
  3. ↑ Info. shodhganga.inflibnet.ac.in
  4. ↑ Kuli. Folk Literature of the Mishing. পৃ. 87
  5. ↑ (2011). Census data. censusindia.gov.in
  6. ↑ Dutta, Birendranath. Mising Folk Song. পৃ. 148

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংগীতমিচিং জনগোষ্ঠী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঐনিতম” প্ৰবন্ধৰ সংশোধন ৫৪৯৭৪৫ (১০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।