অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কল্লোল (চলচ্চিত্ৰ)

কল্লোল (Kallol) অতুল বৰদলৈ পৰিচালিত এখন ক'লা-বগা অসমীয়া ছবি। সঙ্গীত পৰিচালনা ৰুদ্ৰ বৰুৱাৰ। ছবিখনে ১৯৭৯ত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল। ইয়োৰপৰি ছবিখন ১৯৭৮-৭৯ৰ ভাৰতীয় পেনোৰামালৈও নিৰ্বাচিত হৈছিল৷

হালনাগাদ: ৭ জানুৱাৰী ২০২৪ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

কল্লোল (Kallol) অতুল বৰদলৈ পৰিচালিত এখন ক'লা-বগা অসমীয়া ছবি। সঙ্গীত পৰিচালনা ৰুদ্ৰ বৰুৱাৰ। ছবিখনে ১৯৭৯ত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল।১ ইয়োৰপৰি ছবিখন ১৯৭৮-৭৯ৰ ভাৰতীয় পেনোৰামালৈও নিৰ্বাচিত হৈছিল৷ ২

কাহিনী

কল্লোল এখন বিদ্ৰোহাত্মক, প্ৰতীকধৰ্মী চলচ্চিত্ৰ, য’ত সামন্তবাদী সমাজ এখনৰ শ্ৰেণীদ্বন্দ্বৰ বিষয়ে চিত্ৰায়িত কৰা হৈছে। ইয়াত সামন্তপ্ৰভু হ’ল এজন জমিদাৰ, যাৰ নাম অনঙ্গপ্ৰসাদ চৌধুৰী (বৰুৱা)।স্থানীয় মাছমৰীয়াবোৰ হ’ল সামন্তদাস। সিহঁতে মাছ মাৰে, গুৰুভাগটো পায় জমিদাৰে। জমিদাৰ চৌধুৰী ক্ৰোধান্বিত হয়, যেতিয়া মাছমৰীয়াবোৰে এটা বৃহৎ আকাৰৰ মাছ ধৰাত ব্যৰ্থ হয়। অথচ জমিদাৰক উপেক্ষা কৰি চলা বিদ্ৰোহী যুৱক মণিয়ে সেই মাছটো ধৰিবলৈ সক্ষম হয়। অৱশেষত জমিদাৰৰ বিৰুদ্ধে মাছমৰীয়াবোৰে বিদ্ৰোহ কৰে আৰু সেই বিদ্ৰোহৰ নেতৃত্ব দিয়ে মণিয়ে।১

অভিনয়

গীত

ছবিখনৰ সঙ্গীত পৰিচালনা আৰু গীত ৰচনা কৰিছিল ৰুদ্ৰ বৰুৱাই। কণ্ঠদান নমিতা ভট্টাচাৰ্যৰ।৪

বঁটা আৰু সন্মান

কল্লোল ছবিখনে ১৯৭৯ৰ ২৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ 'ৰজত কমল' বঁটা লাভ কৰিছিল।৫

তথ্যসূত্ৰ

  1. ↑ Kallol
  2. ↑ dff.nic.in/images/Documents/143_IPCatalogue1978-
  3. ↑ Kallol (1978), IMDB
  4. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 240
  5. ↑ Assames Movie List

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমীয়া ছবি১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্লোল (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪০১২১০ (৭ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।