অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জাৰী

জাৰী মুছলমানসকলৰ এবিধ শোক-গাথা। কৰুণ ৰসাত্মক এই গীতত হাছান-হুছেনৰ কাৰবালাত ঘটা কৰুণ কাহিনী বৰ্ণিত হয়। জাৰী শব্দ অৰ্থ শোক কৰা,বেজাৰ কৰা নাইবা কন্দা। সাধাৰণতে মহৰমৰ সময়ত নৃত্য সমদলৰে এই গীত গোৱা হয় যদিও জাৰী গীত গোৱাৰ নিৰ্দিষ্ট বাধা নিষেধ নাই।

হালনাগাদ: ৯ ডিচেম্বৰ ২০২০ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

জাৰী মুছলমানসকলৰ এবিধ শোক-গাথা। কৰুণ ৰসাত্মক এই গীতত হাছান-হুছেনৰ কাৰবালাত ঘটা কৰুণ কাহিনী বৰ্ণিত হয়। জাৰী শব্দ অৰ্থ শোক কৰা,বেজাৰ কৰা নাইবা কন্দা। সাধাৰণতে মহৰমৰ সময়ত নৃত্য সমদলৰে এই গীত গোৱা হয় যদিও জাৰী গীত গোৱাৰ নিৰ্দিষ্ট বাধা নিষেধ নাই। আজান ফকীৰক জাৰী গীতৰ ৰচক বুলি কোবা হয় যদিও আজান ফকীৰ অসমলৈ অহাৰ আগতো অসমত জাৰী গীতৰ প্ৰচলন আছিল বুলি কোনো কোনো বুৰঞ্জীবিদে দাবী কৰে। কৰুণ কাহিনী আৰু শোকাত্মক আৱেদন জাৰী গীতৰ লক্ষণীয় বিশেষত্ব। অসমীয়া দেহ বিচাৰ আৰু লোকগীতৰ লগত সাদৃশ্য থকা জাৰী গীতৰ নৃত্য ধীৰ-স্থিৰ আৰু গহীন। এই গীত গালে বৰষুণ হয় বুলি কোনো কোনো মুছলমান লোকৰ মাজত বিশ্বাস প্ৰচলিত।১

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা, ২০০১, পৃষ্ঠা-৯৭ (১)

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাৰী” প্ৰবন্ধৰ সংশোধন ২৫৩৭৭৯ (৯ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।