অভিযান (Abhijaan) ১৯৭৩ চনত মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। বিশ্বনাথ চাৰিআলিৰ পৰা নিৰ্ম্মাণ হোৱা প্ৰথমখন অসমীয়া কথাছবি। সুজিত সিংহই ছবিখনৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰাৰ উপৰিও চিত্ৰগ্ৰহণো কৰিছিল।১২
ছবিখনৰ কাহিনী
গাঁৱৰ এটি মধ্যবিত্ত পৰিয়ালৰ দুজন ককাই ভাই। সৰুজন অবিবাহিত। ককায়েক ঢুকুৱাৰ পাছত গোটেই পৰিয়ালৰ ভাৰ পৰে ভায়েক দেৱীৰ ওপৰত। দেৱী আছিল অসৎ চৰিত্ৰৰ। নিজৰ স্বাচ্ছন্দ্যৰ বাবে সকলো কাম কৰিব পৰা বিধৰ। ভতিজাক নীলিমৰ বাবে খৰছ কৰিবলৈ টান পোৱা দদায়েকে সকলো সম্পত্তি বন্ধকত থৈ নিজৰ অসৎ চৰিত্ৰ পূৰণৰ কাৰণে কুচক্ৰী মহাজনৰ সৈতে লগলাগি ঘৰত অশান্তি বঢ়াবলৈ ধৰিলে। পৰিণামত নীলিমৰ মাকে অকালতে মৃত্যুবৰণ কৰিব লগা হ'ল। ভতিজাক নীলিমক উচ্চশিক্ষাৰ খৰচৰ যোগান নধৰাত মাজ ভাগতে কলেজ পৰিত্যাগ কৰিলে। ভনীয়েক লিলিয়ে মাকে সাঁচি থোৱা সোণৰ গহনাবোৰ বন্ধকত দি পঢ়িবৰ বাবে উদগনি দিছিল।১
ইতিমধ্যে চহৰৰ পৰা নতুনকৈ অহা চৰকাৰী ডাক্তৰ জনক লগ পালে আৰু পৰামৰ্শক্ৰমে বি ডি অ'ক লগ ধৰি বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰাৰ ব্যৱস্থাদি কৰি যথেষ্ট উন্নতিৰ পথত আগবাঢ়িল। তাৰবাবে নীলিমৰ 'অভিযান'ৰ প্ৰেৰণা যোগাইছিল কলেজৰ পৰাই ভাল পোৱা বি ডি অ'ৰ কন্যা কৰবীয়ে। কিন্তু ধনী মহাজনে তাক সহ্য কৰিব নোৱাৰি নানা অত্যাচাৰৰ মাজেদি তাৰ 'অভিযান'ক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল। মহাজনৰ চেষ্টা বিফল হ'ল। অৱশেষত বুঢ়া লগুৱা মদনে বিভিন্ন উপায়ৰে সমস্যা সমাধানত সহায় কৰে। শেহত লিলিৰ বিয়া, দদায়েক-ভতিজাকৰ মিলন,নীলিমৰ বিয়াৰে কাহিনী সমাপ্ত হৈছে।১
অভিনয়ত
- নিপন গোস্বামী
- পুৰ্ণিমা পাঠক
- ইলা কাকতি
- অনিল দাস
- ধীৰু ভুঞা
- প্ৰমোদ বৰুৱা, সৰ্বেশ্বৰ পঞ্চানন, বাদল দাস, ভোলা কাকতি, উদয় শইকীয়া, উমা শৰ্মা আদি।১
কলা-কুশলী
(তথ্যপেৰাত উল্লেখ নথকা)
- নৃত্য পৰিচালনা: অজয় চলিহা
- শব্দগ্ৰহণ:টেকনিকা
- ৰূপসজ্জা: গৌৰ ৰঞ্জন দাস আৰু বংশী দাস১
সংগীত
অভিযানৰ সঙ্গীত জীতু-তপনৰ। ছবিখনত চাৰিটা গীত আছিল; গীতকেইটা চাৰিজন বেলেগ বেলেগ গীতিকাৰে ৰচনা কৰিছিল।৩
গীত সংকলন ৱেবচাইটত অভিযানৰ গীত
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভিযান (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৯৮৯১১ (২৫ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।