অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আমাৰ ঘৰ

আমাৰ ঘৰ (Amar Ghar) ১৯৫৯ চনত মুক্তি পোৱা এখন অসমীয়া কথাছবি। কাহিনী আৰু পৰিচালনা নিপ বৰুৱাৰ। কামৰূপ কলা মন্দিৰৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল অমলেন্দু বাগচীয়ে। চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল লক্ষ্যধৰ চৌধুৰীয়ে। সঙ্গীত পৰিচালক আছিল ব্ৰজেন বৰুৱা। ছবিখনত চাৰিটা গীত আছিল।

হালনাগাদ: ২৫ ডিচেম্বৰ ২০২৩ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

আমাৰ ঘৰ (Amar Ghar) ১৯৫৯ চনত মুক্তি পোৱা এখন অসমৰ চলচ্চিত্ৰ। কাহিনী আৰু পৰিচালনা নিপ বৰুৱাৰ। কামৰূপ কলা মন্দিৰৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল অমলেন্দু বাগচীয়ে। চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল লক্ষ্যধৰ চৌধুৰীয়ে। সঙ্গীত পৰিচালক আছিল ব্ৰজেন বৰুৱা। ছবিখনত চাৰিটা গীত আছিল। এই চাৰিটা গীত চাৰিজন বেলেগ বেলেগ গীতিকাৰে ৰচনা কৰিছিল। তেওঁলোক আছিল- তফজ্জুল আলি, পদ্ম বৰকটকী, কেশৱ মহন্ত আৰু লক্ষ্যধৰ চৌধুৰী।১২

কাহিনী

এই সামাজিক ছবিখনত ঘাইকৈ দেখুওৱা হৈছে যে মাহীমাক মাত্ৰেই বেয়া নহয় আৰু দেখুওৱা হৈছে সমাজৰ ওপৰত ফটিকাৰ কু-প্ৰভাৱ। ১

প্ৰথমা পত্নীৰ বিয়োগৰ পিছত প্ৰদীপৰ ঘৰ নকৈ পোহৰাবলৈ দীপালীৰ প্ৰৱেশ ঘটিল। চাৰিমহীয়া কেঁচুৱা মণ্টিক দীপালীৰ হাতত গতাই প্ৰদীপ নিশ্চিত হ’ল। দীপালীয়েও নিজৰ সন্তানৰ দৰে মণ্টিক বুকুৰ মাজত সুমুৱাই ল’লে। ঘৰখনৰ সকলোৱে ন-বোৱাৰীৰ প্ৰশংসাত পঞ্চমুখ। কেইদিনমান পিছত দীপালীৰ কোলালৈ আহিল এজনী ছোৱালী- মাইনা।২

মসৃণ গতিত গৈ থকা সংসাৰখনত কেনা লগালে বলেনে। নেফাত কেইবছৰমান ঠিকাদাৰী কৰি চহৰলৈ উভতি আহিছে প্ৰদীপৰ বন্ধু বলেন। বলেনৰ সংস্পৰ্শত প্ৰদীপে মদ আৰু জুৱাত হাত দিলে। ঘৰত অশান্তি আৰম্ভ হ’ল। জুৱা-মদৰ পইচা গোটাবলৈ ঘৰৰ দুই এপদ বস্তুও বিক্ৰী কৰা আৰম্ভ হৈ গ’ল। অৱস্থা এনেকুৱাহে হ’লগৈ যে দীপালীয়ে মাইনাক লৈ দেউতাৰ ঘৰলৈ গুছি যাবলৈ বাধ্য হৈ পৰিল। মাহীমাক বুলিয়ে প্ৰদীপে মণ্টিক নিবলৈ নিদিলে।২

কিন্তু মণ্টি আৰু দীপালীয়ে ইজনে-সিজনক জানো এৰি থাকিব পাৰিলে? প্ৰদীপৰ হেজাৰ বাধা-ভাবুকিকো নেওচি মণ্টি বাৰে বাৰে দীপালীৰ ওচৰ পায়গৈ। অৱশেষত প্ৰদীপৰ সংশোধন হ’ল। মদ আৰু জুৱাৰ পৰা আঁতৰি অহাৰ শপত খালে। দীপালী মণ্টি-মাইনাক লৈ পুনৰ আপোন ঘৰলৈ উভতি আহিল।

অভিনয় শিল্পী

সংগীত

সংগীত পৰিচালনা ব্ৰজেন বৰুৱাৰ। তেওঁক সহযোগ কৰিছে ৰমেন বৰুৱাই। চাৰিজন ভিন্ন ভিন্ন গীতিকাৰে ছবিখনৰ বাবে চাৰিটা গীত লিখিছে। এইখন ছবিৰ বাবেই পদ্ম বৰকটকীয়ে প্ৰখমবাৰৰ বাবে চলচ্চিত্ৰীয় গীত ৰচনা কৰে।২৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ মঞ্চলেখা, পৃষ্ঠা ৩২২, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭
  2. ↑ অৰুণলোচন দাস. (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (পৃঃ ১১০). শশী শিশু প্ৰকাশন, গুৱাহাটী
  3. ↑ বাবুল দাস. (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন. বাণী মন্দিৰ, ডিব্ৰুগড়. পৃ. ৬৯

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৫৯ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমাৰ ঘৰ” প্ৰবন্ধৰ সংশোধন ৩৯৮৯৫২ (২৫ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।