অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আদালত (চলচ্চিত্ৰ)

আদালত (Adalat) ১৯৭৬ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা দিলীপ ডেকাৰ। সঙ্গীত জীতু-তপনৰ। উপদেষ্টা হ’ল স্যামা মেধী৷ মূল ভূমিকাত অভিনয় কৰিছে জৰ্জ বেকাৰ দীনেশ দাস, অনুপমা ভট্টাচাৰ্য আদিয়ে।

হালনাগাদ: ৩০ জুন ২০২৫ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

আদালত (Adalat) ১৯৭৬ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমৰ চলচ্চিত্ৰ। লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা দিলীপ ডেকাৰ। সঙ্গীত জীতু-তপনৰ। উপদেষ্টা হ’ল স্যামা মেধী৷ মূল ভূমিকাত অভিনয় কৰিছে জৰ্জ বেকাৰ দীনেশ দাস, অনুপমা ভট্টাচাৰ্য আদিয়ে। ডকাইতৰ জীৱনৰ আধাৰত ছবিখনৰ কাহিনী ৰচনা কৰা হৈছে। এনে বিষয়ত নিৰ্মিত এইখন প্ৰথম অসমীয়া ছবি। ইয়াত যথেষ্ট পৰিমাণৰ হিন্দী সংলাপ সংযোজন কৰা হৈছে। হিন্দী সংলাপ সংযোজন কৰাৰ দিশেৰেও আদালত প্ৰথম অসমীয়া ছবি।১২

কাহিনীৰ সাৰাংশ

এদিন নিশা ডকাইত বাদলে সত্য দুৱৰাৰ ঘৰত সোমায় তেওঁক হত্যা কৰিবলৈ। কিন্তু এটা শিশুক দেখি দুৱৰাক হত্যা নকৰিলে আৰু শিশুটোক অপহৰণ কৰি লৈ গুচি আহিল। শিশুটোক বন্দুক মৰা, ঘোঁৰাত উঠা আদি সকলো শিকোৱা হ’ল। ডাঙৰ হৈ এই শিশুটোৱে হ’ল ইন্দ্ৰজিত, দুখীয়া-নিছলাৰ ত্ৰাণকৰ্তা।১

এদিন হঠাৎ ভূপেন্দ্ৰ চৌধুৰীৰ সৈতে বাদলৰ দেখা-সাক্ষাৎ হয়। পূৰ্বৰ শত্ৰুতা থকা চৌধুৰীক দেখি বাদলৰ মনত প্ৰতিশোধৰ অগনি জ্বলি উঠে। চৌধুৰীৰ একমাত্ৰ ছোৱালী ৰূপা। বাদলে ভাবিলে, এই ৰূপাই চৌধুৰীক বশ কৰাৰ একমাত্ৰ উপায়।১

পিছলৈ সত্য দুৱৰাৰ এজনী ছোৱালী হয়- ৰীতা। ৰূপা তাইৰ কলেজীয়া বান্ধৱী। বেৰিষ্টাৰ হাজৰিকাৰ তোলনীয়া পুতেক তথা ওকালতিৰ সহযোগী বিমললৈ ৰীতাক বোৱাৰী কৰি নিম বুলি আঙুঠি পিন্ধাই থলে।১

কিন্তু আঙুঠি পিন্ধোৱাৰ ৰাতি ৰীতা ঘৰত আছিলনে, ৰীতা আৰু বিমলৰ বিয়াখন হৈ উঠিল নে, বাদলৰ প্ৰকৃত পৰিচয় কি, কিয় তেওঁ সত্য দুৱৰাক হত্যা কৰিবলৈ গৈ শিশুটিক অপহৰণ কৰি আনিলে, ভূপেন্দ্ৰ চৌধুৰীৰ সৈতে তেওঁৰ সম্পৰ্ক কি- এনেবোৰ ৰহস্যঘন বিষয়েৰে আদালত ছবিখনৰ কাহিনীভাগ গঢ় লৈছে।১

অভিনয় শিল্পী

*জৰ্জ বেকাৰ (ইন্দ্ৰজিৎ) *নীলু চক্ৰৱৰ্তী (বাদল) *দীনেশ দাস (ডকাইত দলৰ সদস্য) *ঈষাণ বৰুৱা (বিমল) *কৃষ্ণা দাস (কৃষ্ণা) *অনুপমা ভট্টাচাৰ্য (সত্য দুৱৰাৰ পত্নী) *নিত্যা দত্ত *অখিল ডেকা*চাকিৰ হাজৰিকা *বিৰিঞ্চি ভট্টাচাৰ্য *ৰমেন বৰুৱা *ইন্দ্ৰ বণিয়া (খেতিয়ক হলধৰ) *মিৰেল কুদ্দুছ (বেৰিষ্টাৰ হাজৰিকাৰ লগুৱা) *উজ্জ্বলা *মণিকা *শুভলক্ষ্মী আদি।১

সংগীত

সঙ্গীত পৰিচালনা জীতু-তপনৰ। গীতৰ সংখ্যা ৬টা। গীত লিখিছে নুৰুল হক, দৰ্পনাথ শৰ্মা আৰু নৱকান্ত বৰুৱাই।৩

বাহ্যিক সংযোগ

ইউটিউৱত আদালত ছবি গীত সংকলন ৱেবচাইটত আদালতৰ গীত

তথ্যসূত্ৰ

  1. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 243
  2. ↑ Adalat (1976). www.moviebuff.com/
  3. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 245

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৭৬ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদালত (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫২১৪৮৮ (৩০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।