অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ললিতা

ললিতা (Lalita) ব্ৰজেন বৰুৱা পৰিচালিত ১৯৭২ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া বোলছবি। চৌধুৰী চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে অপূৰ্ব চৌধুৰীয়ে। কাহিনী আৰু চিত্ৰনাট্য ব্ৰজেন বৰুৱাৰ। সঙ্গীত ৰমেন বৰুৱাৰ।

হালনাগাদ: ২৪ জুলাই ২০২৬ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

ললিতা (Lalita) ব্ৰজেন বৰুৱা পৰিচালিত ১৯৭২ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমৰ চলচ্চিত্ৰ। চৌধুৰী চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে অপূৰ্ব চৌধুৰীয়ে। কাহিনী আৰু চিত্ৰনাট্য ব্ৰজেন বৰুৱাৰ। সঙ্গীত ৰমেন বৰুৱাৰ।১

কাহিনীৰ সাৰাংশ

আঁহতগুৰি গাঁৱত ললিতাৰ সৈতে চিনাকি হৈছিল শিৱসাগৰৰ সমাজকৰ্মী ৰাজেন চৌধুৰীৰ। প্ৰলোভনত ভোল গৈ ললিতাই চৌধুৰীৰ ওচৰত সকলো সমৰ্পন কৰিলে। তাই ভাবিছিল চৌধুৰীয়ে তাইক বিয়া কৰাব। চাৰিমাহ পিছত তাইক ল’ৰা এটাৰ লগত গুৱাহাটীলৈ পঠিয়াই দিলে। গুৱাহাটীলৈ গৈ তাই নিজৰ বিপদৰ কথা বুজিব পাৰিলে। ঘটনাক্ৰমে তাই গৈ উপস্থিত হ’ল সমাজৰ সকলোৱে বেয়া মানুহ বুলি ভবা আফজল আলীৰ ঘৰত। আফজলে ভনীয়েকৰ মৰ্যাদাৰে তাইক আশ্ৰয় দিলে। তাইৰ নতুন নাম হ’ল মৃণালিনী। আফজলৰ ঘৰতে তাই এটি কন্যা সন্তান জন্ম দিলে। নাম থলে চন্দনা।১

ঊনৈশ বছৰ পিছত। ৰাজেন চৌধুৰী এতিয়া সমাজৰ গণ্যমান্য লোক। বাস কৰে গুৱাহাটীত। তেওঁৰ জীয়েক ইলা। গুৱাহাটীত চৌধুৰীয়ে লগ পালে পুৰণি বন্ধু ত্ৰিলোচন কাকতিক; যাৰ সৈতে লগলাগি তেওঁ এসময়ত চৰকাৰী ধন আত্মসাৎ কৰিছিল। কাকতি এতিয়া এজন উদ্যোগপতি। তেওঁৰ দুই পুত্ৰ- ৰাজীৱ আৰু সঞ্জীৱ। ৰাজীৱে চৌধুৰীৰ ছোৱালী ইলাক বিয়া পাতিলে।১

কাকতিৰ সৰু পুতেক সঞ্জীৱৰ সৈতে ললিতা ওৰফে মৃণালিনীৰ ছোৱালী চন্দনাৰ চিনাকি হ’ল। ঘটনাক্ৰমে সঞ্জীৱে জানিব পাৰিলে যে দেউতাৰ কাৰখানা চৰকাৰী ধন আত্মসাৎ কৰি নিৰ্মাণ কৰা আৰু চন্দনা ৰাজীৱ চৌধুৰীৰে অবৈধ জীয়ৰী। সঞ্জীৱৰ হাতত পুৰণি দুখন চিঠি, যি চিঠি প্ৰকাশ পালে চৌধুৰীৰ সামাজিক প্ৰতিষ্ঠা ধূলিসাৎ হৈ পৰিব। সেয়েহে চিঠি দুখন হাত কৰিবলৈ সঞ্জীৱৰ ওপৰত অত্যাচাৰ আৰম্ভ হ'ল।১

অভিনয় শিল্পী

কলা-কুশলী

(তথ্যছ’কত নথকা)

  • শব্দগ্ৰহণ- সতীশ চৌহান
  • শব্দ পুনৰ্সংযোজন- শিৱ ভট্টাচাৰ্য১

সঙ্গীত

ছবিত ৰমেন বৰুৱা̈ই সঙ্গীত দিছে। গীত লিখিছে ব্ৰজেন বৰুৱা̈ আৰু কেশৱ মহন্ত̈ই।২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Das Arunlochan. (2013). ((১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত)). Shashi Shisu Prakashan, Guwahati. পৃ. 193
  2. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 169

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৭২ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ললিতা” প্ৰবন্ধৰ সংশোধন ৬১৯১৫৭ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।