পুতলা ঘৰ (Putala Ghar) ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত সমৰেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত এখন ক'লা-বগা ছবি। ছবিখন প্ৰযোজনা কৰিছিল মঙলদৈৰ ইউনাইটেড প্ৰডাকচনে। সঙ্গীত তফজ্জুল আলিৰ।১
কলা-কুশলী
- কাহিনী, চিত্ৰনাট্য, পৰিচালনা- সমৰেন্দ্ৰ নাৰায়ণ দেৱ
- কেমেৰা- পিণ্টু দাসগুপ্ত
- সম্পাদনা- গোৱিন্দ চেতাৰ্জী
- শব্দগ্ৰহণ- পীযুষ কান্তি ৰয়
- সঙ্গীত গ্ৰহণ আৰু শব্দ পুনৰ্যোজনা- সত্যেন চেতাৰ্জী
- শিল্প নিৰ্দেশন- ভবেন ডেকা, হেমন্ত দত্ত
- নৃত্য- নবীন বৰা
- ৰূপসজ্জা- বংশী দাস১
অভিনয় শিল্পী
- তচদ্দুক ইউছুফ (মৌজাদাৰ)
- মুকুল (কমল)
- কাশ্মীৰি শইকীয়া (বেউলা)
- নিবেদিতা (ৰীণা)
- অৱনী দত্ত, বিপ্লৱ ৰয়, আবদুল্লা মাহমুদ, আশুতোষ চৌধুৰী, হবিবৰ ৰহমান, অনুপ দাস, বিনীতা চহৰীয়া, ৰীণা শইকীয়া১
গীত
পুতলা ঘৰৰ সঙ্গীত আৰু গীত ৰচনা তফজ্জুল আলিৰ।২ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা গীতো ছবিখনত অন্তৰ্ভুক্ত হৈছে।৩ কণ্ঠ দিছে- অণিমা চৌধুৰী, নিৰ্মলা মিশ্ৰ আৰু দ্বীপেন বৰুৱায়।২
| ক্ৰমিক নং | গীতৰ শীৰ্ষ | গীতিকাৰ | কণ্ঠ |
|---|---|---|---|
| ১ | লুকাভাকু খেলোঁ আহা লিহিৰি বনতে, লৰি লৰি ফুৰোঁ আহা খৰালি চাপৰিতে | তফজ্জুল আলি | অণিমা চৌধুৰী, নিৰ্মলা মিশ্ৰ |
| ২ | বৃন্দাবন ত্যেজি কৃষ্ণ মথুৰাক গৈল, দুপৰৰ বেলি যেন থিতাতে লুকাইল | তফজ্জুল আলি | অনিমা চৌধুৰী |
| ৩ | পুতলা ঘৰৰ পুতলা আমি খেলাৰে লগৰী বাচি ল’লোঁ, দুদিন খেলি আমনি লাগি কোন কেনিবাদি যায় গুছি | তফজ্জুল আলি | দ্বীপেন বৰুৱা |
| ৪ | চোৱা চোৱা কথা কোৱা, মনে মনে কিয় তুমি কিয় থাকানো, মিচিকি মিচিকি কিয় হাঁহানো | তফজ্জুল আলি | দ্বীপেন বৰুৱা |
| ৫ | নূপুৰে মাতে ৰুণজুণ নূপুৰে মাতে, সখী যাবৰ বেলি আমাৰ হিয়াখনি বিষাদে ছাটে সখী বিষাদে ছাটে | জ্যোতিপ্ৰসাদ আগৰৱালা | দ্বীপেন বৰুৱা |
বঁটা আৰু সন্মান
ছবিখনে ১৯৭৬ৰ ২৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰজত কমল বঁটা লাভ কৰে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Cast & Crew: Putala Ghar
- ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 251
- ↑ 70's Freshers' Social in Colleges of Assam: Putala Ghar (1976)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুতলা ঘৰ” প্ৰবন্ধৰ সংশোধন ৪৬৬৫০৫ (২৮ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।