অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গানে কি আনে

গানে কি আনে হৈছে ২০১৬ চনৰ ১৪ অক্টোবৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ৰাগা ফিল্ম্‌ছৰ বেনাৰত গৌতম চক্ৰৱৰ্তী, সুনীল গগৈ আৰু ৰাজেশ যশপালে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্য ৰাজেশ যশপালৰ। চিত্ৰনাট্য সহযোগী ইবছন লাল বৰুৱা।

হালনাগাদ: ২৩ অক্টোবৰ ২০২৫ ১৪৪ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

গানে কি আনে হৈছে ২০১৬ চনৰ ১৪ অক্টোবৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ৰাগা ফিল্ম্‌ছৰ বেনাৰত গৌতম চক্ৰৱৰ্তী, সুনীল গগৈ আৰু ৰাজেশ যশপালে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্য ৰাজেশ যশপালৰ। চিত্ৰনাট্য সহযোগী ইবছন লাল বৰুৱা। এজন সংগীতশিল্পীৰ জীৱনৰ কাহিনীৰে নিৰ্মিত বোলছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে জুবিন গাৰ্গ, পৰিণীতা বৰঠাকুৰ আৰু ৰিম্পী দাসে। সংগীত পৰিচালনা আৰু আৱহ সংগীত জুবিন গাৰ্গৰ। অসম আৰু মুম্বাইকে ধৰি বিভিন্ন ঠাইত চলচ্চিত্ৰখনৰ শ্বুটিং হয়। জুবিনৰ জীৱনৰ লগত বোলছবিখনৰ কাহিনীৰ যথেষ্ট মিল থকা বুলি জুবিনে নিজে স্বীকাৰ কৰে১২৩

কাহিনী

বোলছবিখনৰ কাহিনী নীলাভ জোনাক বৰুৱা নামৰ এজন সংগীতশিল্পীৰ জীৱনৰ প্ৰেম আৰু সংঘাতৰ ওপৰত নিৰ্মিত।

অভিনয়ত

কলা-কুশলী

  • প্ৰযোজনা - গৌতম চক্ৰৱৰ্তী, সুনীল গগৈ আৰু ৰাজেশ যশপাল
  • পৰিচালনা/কাহিনী - ৰাজেশ যশপাল
  • মুখ্য সহ পৰিচালনা - অচিন্ত শংকৰ
  • সহ পৰিচালনা - মানস চাগ্ৰা
  • চিত্ৰনাট্য - ৰাজেশ যশপাল, ইবছন লাল বৰুৱা
  • চিত্ৰগ্ৰহণ - প্ৰদীপ দৈমাৰী
  • সংগীত পৰিচালনা/আৱহ সংগীত - জুবিন গাৰ্গ
  • মেক-আপ - সুভাষ
  • পাবলিচিটী ডিজাইন - ড্ৰীম্‌জ ফিচাৰ্ছ১২

সংগীত

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে জুবিন গাৰ্গে। গীতৰ কথা জুবিন গাৰ্গ, হীৰেন ভট্টাচাৰ্য আৰু শশাংক সমীৰৰ। জুবিনৰ অনামিকা (শ্ৰব্য এলবাম) এলবামৰ হীৰেণ ভট্টাচাৰ্যই লিখা 'গানে কি আনে' শীৰ্ষক গীতটি ৰিমেক্ কৰা হৈছে। দুটি গীতৰ সংগীত ব্যৱস্থাপনা অনুৰাগ শইকীয়াৰ।২ ২০১৫ চনৰ ১৩ মাৰ্চ তাৰিখে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত শ্ৰব্য এলবামটি উন্মোচন কৰা হয়।৪

জুবিন গাৰ্গে লিখা 'শালিকী পুৱাৰ' গীতটি তেওঁৰ জীৱনৰ এটি অন্যতম শ্ৰেষ্ঠ সৃষ্টি বুলি অভিহিত কৰিব পাৰি।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Raj dweep. (১১ জানুৱাৰী ২০১৩). Gaane Ki Aane: The Real zubeen on screen. Assam Times
  2. ↑ ভূষণ পাঠক. (১৯ ডিচেম্বৰ ২০১৪). হৃদয়স্পৰ্শী সংগীত আৰু কাহিনীৰে জুবিন গাৰ্গৰ - গানে কি আনে. আজিৰ দৈনিক বাতৰি
  3. ↑ Pranjal Borah. (২৬ অক্টোবৰ ২০১৪). Gaane Ki Aane: Zubeen Garg’s life on celluloid. Kothasobi
  4. ↑ Gaane Ki Aane. Times Music

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০১৬ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰজুবিন গাৰ্গ অভিনিত চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গানে কি আনে” প্ৰবন্ধৰ সংশোধন ৫৪৪৯৮৯ (২৩ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।