নিমিলা অংক (Nimila Anko) ১৯৫৫ চনত মুক্তি পোৱা একাদশ সংখ্যক অসমৰ চলচ্চিত্ৰ। লক্ষ্যধৰ চৌধুৰীৰ একে নামৰ নাটক এখনক ভিত্তি কৰি এই চলচ্চিত্ৰৰ কাহিনী গঢ় লৈছিল। লক্ষ্যধৰ চৌধুৰীয়ে এই বোলছবিখনৰ চিত্ৰনাট্য লিখাৰ উপৰিও পৰিচালনা কৰিছিল। লঘু-ৰসাত্মক আৰু হাস্য-কৰুণ ৰস মিশ্ৰিত এই বোলছবিখনে প্ৰভুত জনপ্ৰিয়তা আৰ্জন কৰিবলৈ সক্ষম হৈছিল। সাধাৰণ মানুহৰ কাহিনীক ৰাইজৰ মাজলৈ আনি এই ছবিখনে অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাণৰ ধাৰা সলনি কৰি দিবলৈ সক্ষম হৈছিল। 'নিমিলা অংক'ৰ নিগেটিভ এতিয়া নাই। পশুপালন বিভাগত থকা প্ৰিণ্ট এটা গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰ কৰা হৈছিল।১২
নিৰ্মাণৰ আঁৰৰ কাহিনী
১৯৪৮ চনত চাৰিখন অসমীয়া ছবি নিৰ্মাণ হৈছিল। তাৰ ভিতৰত ব্যৱসায়িক ভাৱে সফল হোৱা একমাত্ৰ ছবিখন আছিল বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)। ইয়াৰ বাহিৰে কেউখন ছবিয়েই সাফল্যৰ মুখ নেদেখাত অসমীয়া ছবি নিৰ্মাণত স্থিতাৱস্থা আহি পৰে। সেইসময়তে লক্ষ্যধৰ চৌধুৰীয়ে নিজৰ ৰচিত 'নিমিলা অংক' নাটকৰ ভিত্তিত চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়ে।১
১৯৫৪ চনত গুৱাহাটীৰ 'প্ৰাগজ্যোতিষ কলা সংঘ'ৰ পঞ্চম বাৰ্ষিক সভা উপলক্ষ্যে লক্ষ্যধৰ চৌধুৰীয়ে ৰচনা কৰে 'নিমিলা অংক' নামৰ নাট এখন। চহৰীয়া নিম্ন মধ্যবিত্ত পৰিয়াল এটাৰ কাহিনী থকা এই নাটকখন গুৱাহাটীৰ 'কুমাৰ ভাস্কৰ নাট্য মন্দিৰ'ত ১৩ আৰু ১৪ মাৰ্চ, ১৯৫৪ তাৰিখে আশাতীত কৃতকাৰ্যতাৰে মঞ্চস্থ কৰা হয়। এই নাটখনক চলচ্চিত্ৰ ৰূপ দিয়াৰ বাবে লক্ষ্যধৰ চৌধুৰীক প্ৰেৰণা যোগায় সংগীতজ্ঞ পুৰুষোত্তম দাসে। কিন্তু অসমীয়া চলচ্চিত্ৰৰ ব্যৱসায়িক বজাৰ বেয়া হোৱা বাবে প্ৰযোজক পোৱাটো কঠিন আছিল। চান্দা বৰঙনিৰে ছবিখন প্ৰযোজনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি 'নীলাচল চিত্ৰপীঠ' প্ৰতিষ্ঠা কৰা হয়। প্ৰথম খেপত প্ৰায় তিনি হাজাৰ টকা যোগাৰ হয়। তাৰ পাছত মাছখোৱাৰ বদিউৰজ্জামাল-এ দহ হাজাৰ টকা চান্দা দিয়ে। এনেকৈ মুঠ বাইছ হাজাৰ টকা সংগ্ৰহ হোৱাৰ পাছত চিত্ৰ নিৰ্মাণৰ কামৰ বাবে কলিকতালৈ যোৱা হয়। অভিনেতা-অভিনেত্ৰীয়ে কলিকতালৈ যোৱা খৰচ নিজেই বহন কৰিছিল। অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যক হে মাননি দি চুক্তিবদ্ধ কৰা হৈছিল, অন্য অভিনেতা-অভিনেত্ৰীক পাৰিশ্ৰমিক দিয়া হোৱা নাছিল। কাপোৰৰ টোপোলা উপহাৰ স্বৰূপে দিয়া হৈছিল।১
গুৱাহাটীৰ কাষৰ ছয়-মাইল, পঞ্জাবাৰী, ৰাজগঢ়, ফটাশিল আদি ঠাইত বৰ্হিদৃশ্যৰ চিত্ৰগ্ৰহণ কৰা হৈছিল। সৰ্বমুঠ ৬৪,০০০ টকা ব্যয় কৰি ছবিখন নিৰ্মাণ কৰা হৈছিল।১
ছবিখনৰ কাহিনী
অৱসৰপ্ৰাপ্ত কেৰাণী হৰকান্ত কাকতি। অৱসৰৰ পাছতো ঘৰৰ জোৰা মাৰিব নোৱাৰি তেওঁ বেচৰকাৰী প্ৰতিষ্ঠান এটাত কাম কৰে। ইফালে পৰিয়ালত ল'ৰা-ছোৱালী এপাল। তেখেতৰ পত্নী দুগৰাকী। প্ৰথমা পত্নীৰ ফালৰ একমাত্ৰ পুত্ৰ গ্ৰেজুৱাট হোৱাৰ পাছতো ৰোগাক্ৰান্ত হৈ উপাৰ্জনহীন। দ্বিতীয় পক্ষৰ প্ৰথম পুত্ৰ এজন কবি কিন্তু নিবনুৱা, দ্বিতীয়পুত্ৰ উচ্ছৃংখল বিপ্লৱী, তৃতীয় আৰু চতুৰ্থ পুত্ৰ উদণ্ড আৰু মুৰ্খ। দ্বিতীয়া পত্নী বিমলাও দেশৰ কামত মতলীয়া সাংসাৰিক দায়িত্বহীন স্বভাৱৰ। নিতৌ বিভিন্ন অভাৱ অনাটনৰ মাজত জীয়াই থকাৰ তাৰণাই হৈছে ছবিখনৰ মূল বিষয় বস্তু। কাকতিৰ প্ৰথম পুত্ৰ বোৱাৰীয়ে শিক্ষয়িত্ৰীৰ কাম কৰে, আৰু নাতিনী ৰুণু ঘৰখনৰ একমাত্ৰ জেউতি। ৰোগত পৰি সৰু ল'ৰাটো ঢুকায়। অভাৱে ফঁণা তুলি আহে। অভাৱৰ নিমিলা অংক মিলাবলৈ কাকতিয়ে কি পথ লয়? অংক মিলিল নে?১
ৰাইজৰ সঁহাৰি
ছবিখন যোৰহাট আৰু গুৱাহাটীত তিনিটা প্ৰিণ্ট কৰি মুক্তি দিয়া হৈছিল। দৰ্শকেও খুব ভালদৰেই আদৰি লৈছিল। আৰু এটা প্ৰিণ্ট গোলাঘাটত মুক্তি দিয়া হৈছিল। এইখন ছবিৰ প্ৰতি ৰাইজৰ সঁহাৰিয়ে অসমীয়া ছবিৰ ব্যৱসায়িক দিশ কিছু পৰিমাণে সবল কৰি তোলে। অতুল চন্দ্ৰ হাজৰিকাই মঞ্চলেখাত উল্লেখ কৰিছে--"...লক্ষ্যধৰ চৌধুৰীয়ে 'নিমিলা অংক' উলিয়াই অসমীয়া চিনেমাৰ অংক মিলাই দিলে। ..."১
অভিনয়ত
- লক্ষ্যধৰ চৌধুৰী
- অনুপমা ভট্টাচাৰ্য
- গিৰিজা
- বেগম
- ইৰা
- ইলা
- লীলা
- মঞ্জু
- মোৱাজ্জিন আলি
- জীৱেশ্বৰ চক্ৰৱৰ্তী
- হৰেন দাস
- বিভূতি চক্ৰৱৰ্তী
- যদু বৰা
- সূৰ্য বৰা
- হেমেন বৰুৱা
- যাদৱ দাস
- গংগা শৰ্মা
- ক্ষীৰদা বিষয়া
- প্ৰবোধ দাস
- জীৱন শ্ৰীৰাম মেধি
- শংকৰ দাস
- ধীৰেন দাস
- হীৰেন চাহু
- ছৌকৎ বদিউৰজ্জামাল
- জিণ্টু দত্ত
- ললিত বৰা
- পূৰ্ণ বৰুৱা
- বিমল নাথ
- মহম্মদ তাহেৰ
- ধৰ্মেশ্বৰ মহন্ত
- বীৰেন দত্ত
- চাম হুদ
- কেশৱ নাথ
- তফজ্জুল আলি
- আৰ. এন. গোৱেঙ্কা
- তাহেউৰ জামাল
- ধীৰাজ দাস
- ৰমেশ দাস
- মহেন্দ্ৰ বৰদলৈ
- কিশোৰী পাঠক
- কৰুণা শৰ্মা
- বকুল বৰুৱা
- বীৰেন নাহা
- প্ৰিয় দাস
শিশু চৰিত্ৰ
কলা-কুশলী
(তথ্যছকত উল্লেখ নথকা)
- সহকাৰী পৰিচালক: হৰেন্দ্ৰলাল চৌধুৰী
- আলোক চিত্ৰশিল্পী: নলিন দুৱৰা
- সহকাৰী: জিণ্টু দত্ত
- সম্পাদনা সহকাৰী: গোবিন্দ চেটাৰ্জী
- শিল্প নিৰ্দেশনা: বিজয় বসু
- ৰূপসজ্জা: দেবী হালদাৰ
- আলোক সজ্জা: কলিকতা মুভিটোন
- শব্দযন্ত্ৰী: বাণী দত্ত, হৃষিকেশ মুখাৰ্জী
- টেকনিকেল এডভাইজাৰ: কল্যাণ গুপ্ত
- কণ্ঠ সংগীত: উষা বৰদলৈ, বীৰেন দত্ত, দিলীপ শৰ্মা
- যন্ত্ৰ সংগীত: গ্ৰেণ্ড অৰ্কেষ্ট্ৰা
- ব্যৱস্থাপনা: হৰেন্দ্ৰলাল দাস, গান্ধী বসু, শৈলেন ৰায়, পুষ্প চৌধুৰী, ক্ষীৰদা বিষয়া, মুনিন মহন্ত
- প্ৰধান পৃষ্ঠপোষক: বদিউৰজ্জামাল
- ষ্টুডিঅ': কলিকতা মুভিটোন১
'নিমিলা অংক'ৰ গান
ছবিখনত মুঠ চাৰিটা গান আছিল। তিনিটা গানৰ ৰচনা আৰু সুৰ দিছিল পুৰুষোত্তম দাসে। এটি হিন্দী গীতৰ কথা আৰু সুৰ ক্ষীৰদা কান্ত বিষয়াৰ।৩২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিমিলা অংক (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩১২৩৭০ (৩১ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।