অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বৰ্ফি! (২০১২ চলচ্চিত্ৰ)

বৰ্ফি! অনুৰাগ বসু লিখিত আৰু পৰিচালিত ২০১২ চনত মুক্তি পোৱা এখন ৰোমাণ্টিক হাস্যৰসধৰ্মী চলচ্চিত্ৰ। বৰ্ফি নামৰ বোবা আৰু কলা এজন ল’ৰা আৰু তেওঁৰ দুজনী ছোৱালীৰ সৈতে সম্পৰ্কক লৈ চলচ্চিত্ৰ খনৰ কাহিনী ভাগ, ছোৱালী দুজনীৰে এজনী অ’টিজিমত আক্ৰান্ত (অ’টিষ্টিক)। চলচ্চিত্ৰ খনৰ পটভূমি কলকাতা আৰু দাৰ্জিলিং।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১৩৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বৰ্ফি! অনুৰাগ বসু লিখিত আৰু পৰিচালিত ২০১২ চনত মুক্তি পোৱা এখন ৰোমাণ্টিক হাস্যৰসধৰ্মী চলচ্চিত্ৰ। বৰ্ফি নামৰ বোবা আৰু কলা এজন ল’ৰা আৰু তেওঁৰ দুজনী ছোৱালীৰ সৈতে সম্পৰ্কক লৈ চলচ্চিত্ৰ খনৰ কাহিনী ভাগ, ছোৱালী দুজনীৰে এজনী অ’টিজিমত আক্ৰান্ত (অ’টিষ্টিক)। চলচ্চিত্ৰ খনৰ পটভূমি কলকাতা আৰু দাৰ্জিলিং। মুখ্য অভিনেতা অভিনেত্ৰী সকল হৈছে ৰণবীৰ কাপুৰ, প্ৰিয়ংকা চোপ্ৰা আৰু ইলিয়ানা ডি'ক্ৰুজ।

ভাৰতৰ ১৩০০টা ছবি ঘৰত ২০১২ চনৰ ১৪ ছেপ্টেম্বৰত মুক্তি পোৱা ছবিখনৰ বাজেট আছিল ₹৩০ কোটি।১ অনুৰাগ বসুৱে পাছত ঘোষণা কৰে যে ছবি খনৰ এটা ইংৰাজী সংস্কৰণ মুক্তি দিয়াৰো তেওঁৰ পৰিকল্পনা আছে।২

ইতিমধ্যে চলচ্চিত্ৰ খনক ২০১৩ চনৰ ফেব্ৰুৱাৰীত হ’ব লগা অস্কাৰ বঁটাৰ বাবে ভাৰতৰ পৰা বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবি শাখাৰ বাবে মনোনীত কৰা হৈছে। দেশৰ ভিতৰত সৰ্বাধিক মুঠ উপাৰ্জন কৰা চলচ্চিত্ৰ তালিকাত ইতিমধ্যে বৰ্ফি! য়ে স্থান পাইছে।৩ মুক্তিৰ তিনি সপ্তাহৰ পাছত বৰ্ফিক বক্স অফিচ ইণ্ডিয়াৰ এখন চুপাৰ হিট হিচাপে ঘোষণা কৰা হয়।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The writer has posted comments on this article. (26 July 2005). Directors who got their mojo back. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Jha, Subhash. (19 September 2012). Barfi!: Anurag Basu plans an English version. Times of India
  3. ↑ (9 October 2012). Fastest To The Century: Barfi! In 17 Days. Boxofficeindia
  4. ↑ New Releases Poor OMG! Oh My God Excellent Barfi! Closing In On 100 Crore. boxofficeindia

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্ফি! (২০১২ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৭৫৭৬ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।