অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অহেতুক

অহেতুক (Ahetuk) হৈছে ২০১৫ চনৰ ২ জানুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ৰাজ ৰাণী প্ৰডাক্‌চনৰ বেনাৰত ৰাজকুমাৰ জৈনে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ বাণী দাসৰ।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৯১
সংশোধনৰ পৰামৰ্শ

অহেতুক (Ahetuk) হৈছে ২০১৫ চনৰ ২ জানুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ৰাজ ৰাণী প্ৰডাক্‌চনৰ বেনাৰত ৰাজকুমাৰ জৈনে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ বাণী দাসৰ। এক গোপন অনুসন্ধানত দুজন সাংবাদিকে সন্মুখীন হোৱা পৰিস্থিতিৰ কাহিনীৰে নিৰ্মিত বোলছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে গুঞ্জন ভৰদ্বাজ আৰু অমৃতা গগৈয়ে। সংগীত পৰিচালনা পৰাণ বৰকটকীৰ। চলচ্চিত্ৰখনৰ শ্বুটিং, প্ৰি-প্ৰডাক্‌চন আৰু প'ষ্ট প্ৰডাক্‌চনৰ সকলোখিনি কাম অসমতে কৰা হয়।১২

কাহিনী

দুজন সাংবাদিকে নিজৰ জীৱনকো বিপদাপন্ন কৰি এটা ঘটনাৰ আচল ৰহস্য জানিবৰ বাবে অনুসন্ধান কৰে। অৱশেষত তেওঁলোক দুজনে গম পায় যে কোনো লোকে নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ কাৰণেহে তেওঁলোক দুজনক ব্যৱহাৰ কৰিছিল।১২

অভিনয়ত

কলা-কুশলী

  • প্ৰযোজনা- ৰাজকুমাৰ জৈন
  • পৰিচালনা/কাহিনী/চিত্ৰনাট্য/সংলাপ- বাণী দাস
  • কাৰ্যবাহী পৰিচালনা - মানস দাস
  • চিত্ৰগ্ৰহণ- নাহিদ আহমেদ
  • সংগীত পৰিচালনা- পৰাণ বৰকটকী
  • চিত্ৰগ্ৰহণকাৰী - ৰক্তিম
  • সম্পাদনা- সঞ্জীৱ বৰঠাকুৰ
  • ভি এফ এক্স- সুমন চৌধুৰী, প্ৰিয়ম চক্ৰৱৰ্তী, উৎপল তালুকদাৰ১২

সংগীত

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা পৰাণ বৰকটকী (জ'জ')ৰ। গীতৰ কথা ইবছন লাল বৰুৱা,‌‌ ৰাজদ্বীপ আৰু বাণী দাসৰ। শ্ৰব্য এলবামটোত মুঠ ৬টা গীত আছে।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (২২ নৱেম্বৰ ২০১৪). Ahetuk to Release on 2nd January 2015. Kothasobi
  2. ↑ (২২ জুন ২০১৪). Ahetuk: New Film by Bani Das. Kothasobi
  3. ↑ AHETUK. Times Music

সম্পৰ্কিত শ্ৰেণী

২০১৫ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অহেতুক” প্ৰবন্ধৰ সংশোধন ৩৭৯৮২৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।