প্ৰকৃতি আৰু পৰিৱেশ
উদ্ভিদ, প্ৰাণী, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ-বৈচিত্ৰ্য · ১,০১২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কৰ্দ্দৈ
কৰ্দ্দৈ ( Carambola) ইয়াৰ বৈজ্ঞানিক নাম হ'ল Averrhoa Carambola ৷ ইয়াক ইংৰাজীত পাঁচকোণীয়া (star)ফল বুলিও কোৱা হয়৷ এই ফল কেঁচাতে টেঙা আৰু পকিলে কিছু মিঠা হয়৷
-
ক’লা নুনী
ক’লা নুনী ( black mulberry, বৈজ্ঞানিক নাম: Morus nigra) Moraceae পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। ই দক্ষিণ এচিয়া আৰু আইবেৰিয়ান উপদ্বীপৰ থলুৱা উদ্ভিদ। এই দুই স্থানত ইমানেই প্ৰাচীন কালৰ পৰা ক’লা নুনীৰ খেতি কৰা হয় যে ইয়াৰ সঠিক প্ৰাকৃতিক সময় নিৰূপণ কৰাটো কঠিন।
-
খলিহনা মাছ
খলিহনা (banded gourami, striped gourami, বৈজ্ঞানিক নাম:Trichogaster fasciata) বিষুৱীয় অঞ্চলত পোৱা এবিধ মাছ। এই মাছবিধ এচিয়াৰ বিভিন্ন দেশ যেনে বাংলাদেশ, পূব-ভাৰত, উত্তৰ-পূব ভাৰত, নেপাল, ম্যানমাৰৰ উজনি অঞ্চল, চীন আৰু পাকিস্তানত পোৱা যায়।
-
গঙাচিলনী
গঙাচিলনী (Indian River Tern, বৈজ্ঞানিক নাম-Sterna aurantia) এবিধ মজলীয়া আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি। পাকিস্তানৰ পৰা পূবে ভাৰতীয় উপমহাদেশৰ মাজেৰে ম্যানমাৰ, থাইলেণ্ড আৰু কম্বোডিয়ালৈকে অন্তৰ্দেশীয় নদীৰ কাষৰ ই বাসিন্দা আৰু প্ৰজননকাৰী, য'ত ই সহজলভ্য নহয়৷ বেছিভাগ ষ্টেৰ্না টাৰ্ণৰ দৰে ইয়াক প্ৰায়…
-
গুটিমালী ফুল
গুটিমালী (বৈজ্ঞানিক নাম: Jasminum multiflorum) জেছমিন গণৰ অন্তৰ্গত এক প্ৰকাৰৰ সুগন্ধী বগা ফুল। ইয়াক তেলুগুত "ছান্না জাজি মাল্লি" (సన్న జాజి మల్లి), বাংলাত কুন্দ আৰু সংস্কৃতত মেঘ মল্লিকা বোলে।
-
গেৰেলা
গেৰেলা বা মাটি গাহৰি বা টাপৰী (Greater hog badger, বৈজ্ঞানিক নামঃ Arctonyx collaris) এবিধ সৰু আকাৰৰ স্তন্যপায়ী নিশাচৰ প্ৰাণী। ই দক্ষিণ-পূব এছিয়াৰ স্থানীয় প্ৰাণী। অসমৰ বিভিন্ন অঞ্চলত এই প্ৰাণীবিধ দেখা পোৱা যায়।
-
ঘূৰণীয়া কৃমি
ঘূৰণীয়া কৃমি বা নিমাট'ডা হৈছে প্ৰাণীজগতেৰ দ্বিতীয় বৃহত্তম পৰ্ব। গ্ৰীক শব্দ Nema অৰ্থ Thread বা সূতা আৰু Eidos অৰ্থ Form বা আকাৰৰ পৰা নিমাট'ডা শব্দটো আহিছে। ই এবিধ একলিঙ্গী প্ৰাণী।
-
চকৰিফেঁটী সাপ
চকৰিফেঁটী সাপ বা monocled cobra (Naja kaouthia) ফেঁটীসাপৰ এটা প্ৰজাতি। ইয়াক মধ্য এছিয়া আৰু দক্ষিণ এছিয়াৰ বহু অঞ্চলত পোৱা যায়।
-
চলং
চলং বা কেৰাপেচ হৈছে সন্ধিপদী, যেনে ক্ৰুষ্টেচিয়ান আৰু এৰাকনিড, লগতে মেৰুদণ্ডী প্ৰাণী, যেনে কচ্ছপ আদি কেইবাটাও প্ৰাণীৰ গোটৰ বহিঃকংকাল বা খোলাৰ পৃষ্ঠীয় (ওপৰৰ) অংশ। কচ্ছপ বা কাছৰ তলৰ ফালটোক প্লাষ্ট্ৰন বোলা হয়।
-
চিতৱান ৰাষ্ট্ৰীয় উদ্যান
চিতৱান ৰাষ্ট্ৰীয় উদ্যান (Chitwan National Park) হ'ল নেপালৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। ১৯৭৩ চনত ৰয়েল চিতৱান ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা হোৱা এই ৰাষ্ট্ৰীয় উদ্যানখনক ১৯৮৪ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰা হয়.
-
চীনা বনৰৌ
চীনা বনৰৌ (Chinese pangolin; বৈজ্ঞানিক নামঃ Manis pentadactyla) উত্তৰ ভাৰতীয় উপমহাদেশ, দক্ষিণ-পূব এছিয়াৰ উত্তৰ অংশ আৰু দক্ষিণ চীনৰ স্থানীয় প্ৰাণী। ইয়াক ২০১৪ চনৰ পৰা আই.ইউ.চি.এন.ৰ ৰঙা তালিকাত গুৰুতৰভাৱে বিপন্ন প্ৰাণী হিচাপে তালিকাভুক্ত কৰা হৈছে।
-
চীনা মাছ ধৰা জাল
চীনা মাছ ধৰা জাল এক বিশেষ ধৰণৰ স্থায়ী জাল। ভাৰতত ইয়াক ‘চীনা ভালা’ আৰু ইণ্ডোনেছিয়াত ‘তাংকুল’ বোলা হয়। এইবোৰ মাটিত থীকি মাছ ধৰা ব্যৱস্থা। ভাৰতত ইয়াক সাধাৰণতে ‘চীনা মাছ ধৰা জাল’ বুলি কোৱা হয়। ইয়াৰ আনুষ্ঠানিক নাম হ’ল ‘পাৰৰ পৰা চলোৱা উত্তোলক জাল’।
-
চুক ভেকুলী
চুক ভেকুলী (Asian common toad, বৈজ্ঞানিক নামঃ Duttaphrynus melanostictus) দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ ভেকুলীৰ প্ৰজাতি৷ এই ভেকুলী প্ৰায় ২০ ছে:মি: পৰ্যন্ত ডাঙৰ হ'ব পাৰে৷ ই সাধাৰণতে বাৰিষা প্ৰজনন কৰে৷
-
চুলি শিপা
চুলি শিপা বা শোষক শিপা হৈছে এপিডাৰ্মাল কোষৰ পৰা ওলোৱা, উদ্ভিদৰ শিপাৰ আগত থকা বিশেষ কোষ। ইহঁত এটা কোষৰ পাৰ্শ্বীয় সম্প্ৰসাৰণ আৰু শাখা-প্ৰশাখা খুব কমেইহে থাকে। পৰিপক্ক শিপাৰ অঞ্চলত পোৱা যায়।
-
চেংমৰা
চেংমৰা (Spiny Arum, বৈজ্ঞানিক নাম: Lasia spinosa) ভাৰতকে ধৰি এচিয়া মহাদেশৰ বিভিন্ন দেশ আৰু পাপুৱা নিউগিনিত পোৱা এবিধ কচুজাতীয় চিৰসেউজ উদ্ভিদ। এই উদ্ভিদজোপা বাৰীৰ ঢাপ, পিটনি, নদীকাষৰীয়া সেমেকা বা জেকা ঠাই আদিত পোৱা যায়| ইয়াক কাঁইটীয়া কচু, ওলমোটোকা, কেশঠুৰী,, লা-ঘটুৱা আদি নামেৰেও জনা যায়।
-
চেঙেলী মাছ
চেঙেলী মাছ (dwarf snakehead, বৈজ্ঞানিক নাম: Channa gachua) হৈছে Channidae পৰিয়ালৰ এবিধ মাছ। ইয়াৰ ইংৰাজী নাম "dwarf snakehead" আন কিছু প্ৰজাতিৰ বাবেও ব্যৱহাৰ কৰা হয়। চেঙেলী মাছ দক্ষিণ-পূব এচিয়াৰ সতেজ পানীৰ মাছ আৰু ইয়াক ইৰাণৰ পৰা ইণ্ডোনেচিয়ালৈকে এক বৃহৎ পৰিসৰত পোৱা যায়।
-
চৰাই নিৰীক্ষণ
চৰাই নিৰীক্ষণ (Bird Watching) হৈছে বন্যজীৱ নিৰীক্ষণৰ এক প্ৰকাৰ য'ত চৰাই-চিৰিকতি পৰ্যবেক্ষণ কৰা হয়। ই এক আজৰি সময়ৰ চখৰ লগতে বৈজ্ঞানিক গৱেষণাৰ এক গুৰুত্বপূৰ্ণ আহিলা। চৰাইৰ মাত অনুসৰণ কৰি বা ৱেবকেমৰ নিৰ্দেশনা অনুসৰি খালি চকু বা দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত চৰাই নিৰীক্ষণ কৰা হয়।
-
জিকা ভাইৰাছ
জিকা ভাইৰাছ (Zika virus বা ZIKV) হৈছে ভাইৰাছ পৰিয়াল Flaviviridae আৰু গণ Flavivirus-ৰ অন্তৰ্গত এবিধ বীজাণু। দিনত সক্ৰিয় থকা Aedes মহ যেনে A. aegyptiয়ে এই ভাইৰাছ বিয়পায়। এই নামটো ১৯৪৭ চনত ভাইৰাছবিধ প্ৰথম ধৰা পৰা উগাণ্ডাৰ জিকা অৰণ্যৰ পৰা আহিছে।
-
জিঞাখাটী
জিঞাখাটী (Blue-tailed Bee-eater, বৈজ্ঞানিক নাম-Merops philippinus) 'Meropidae' গোটৰ এবিধ চৰাইৰ প্ৰজাতি৷ ই সাধাৰণতে দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰে বুলি জনা যায়৷ ই প্ৰধানকৈ এবিধ পৰিভ্ৰমণকাৰী চৰাইৰ প্ৰজাতি৷
-
জিলমিল
জিলমিল (বৈজ্ঞানিক নাম: Chenopodium album) অমৰান্থেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। এই একবৰ্ষজীৱী উদ্ভিদবিধ দ্ৰুত গতিত বৃদ্ধি পায়। বিশ্বৰ বহু অঞ্চলত এই উদ্ভিদৰ খেতি কৰা হয় যদিও কিছুমান ঠাইত এই উদ্ভিদক অপতৃণ বুলি গণ্য কৰা হয়।
-
ডায়েটম
ডায়েটম (লেটিন tém-n-ō ৰ পৰা, “I cut” বা “দুটা ভাগত বিভক্ত“) সাগৰ, অন্য জলউৎস আৰু মাটিত পোৱা এবিধ ক্ষুদ্ৰ এককোষী শেলাই। ই ফাইট'প্লেংকটনৰ প্ৰধান প্ৰকাৰ। ডায়েটমে পৃথিৱীত প্ৰতি বছৰে প্ৰস্তুত অম্লজান]ৰ প্ৰায় ২০% উৎপন্ন কৰে। জীৱিত ডায়েটমৰ সংখ্যা এহেজাৰ কোটিৰো বেছি।
-
ঢোঁৰা সাপ
ঢোঁৰা সাপ (checkered keelback বা Asiatic water snake, বৈজ্ঞানিক নাম-Xenochrophis piscator) এছিয়া মহাদেশত বিস্তৃত হৈ থকা এবিধ বিহ নথকা (non venomous) সাপৰ প্ৰজাতি।
-
দীঘলনেজী
দীঘলনেজী হাঁহ (Northern Pintail, বৈজ্ঞানিক নাম-Anas acuta) সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে আৰু শীতকালত বিষুৱীয় অঞ্চলসমূহলৈ পৰিভ্ৰমণ কৰে৷ ইয়াৰ মতা হাঁহটোৰ দীঘল আৰু জোঙা নেজডালৰ বাবে অসমীয়াত 'দীঘলনেজী' আৰু ইংৰাজীত…
-
দেওৰাজ হাঁহ
দেওৰাজ হাঁহ (Greylag Goose, বৈজ্ঞানিক নাম-Anser anser) এবিধ বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ ৰাজহাঁহ(Goose)ৰ প্ৰজাতি৷ ই বিশ্ববিখ্যাত বিজ্ঞানী কনৰাড লৰেন্সৰ আচৰণ সম্পৰ্কীয় গৱেষণাৰ বাবে অধিক পৰিচিত৷
-
দৈকলা
দৈকলা(Great Cormorant, বৈজ্ঞানিক নাম-Phalacrocorax carbo), এবিধ সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ চৰাইৰ প্ৰজাতি। ই cormorant পৰিয়ালৰ অন্তৰ্ভুক্ত।
-
ধৃতিৰাজ
ধৃতৰাজ (Bar-headed Goose, বৈজ্ঞানিক নাম-Anser indicus) এবিধ জলচৰ হাঁহৰ প্ৰজাতি। ইহঁতে মধ্য এছিয়াৰ পৰ্বতীয় হ্ৰদসমূহত সহস্ৰ লগ হৈ কলনীত প্ৰজনন কৰে আৰু দক্ষিণ এছিয়ালৈ পৰিভ্ৰমণ কৰে। ইহঁতে মাটিত বাহ সাজে আৰু তিনিৰ পৰা আঠটাকৈ কণী পাৰে।
-
নাগা মৰিচ
নগা মৰিচ বা নাগা মৰিচ হৈছে ভোট জলকীয়াৰ ওচৰ সম্বন্ধীয় এক প্ৰকাৰৰ উত্তৰ-পূব ভাৰতত উৎপাদিত জলকীয়া। ই এক প্ৰকাৰৰ অতি জ্বলা জলকীয়াৰ অন্যতম।
-
নামবৰ-দৈগ্ৰুং অভয়াৰণ্য
নামবৰ-দৈগ্ৰুং অভয়াৰণ্য (Nambor - Doigrung Wildlife Sanctuary) অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই গৰমপানী অভয়াৰণ্য তথা নামবৰ অভয়াৰণ্যৰ লগত ২০০৩ চনৰ ১৭ এপ্ৰিলত স্বীকৃতিপ্ৰাপ্ত কাজিৰঙা-কাৰ্বি আংলং হস্তী প্ৰকল্পৰ অন্তৰ্ভুক্ত৷
-
নীলগিৰি লেংগুৰ
নীলগিৰি লেংগুৰ (Nilgiri langur; বৈজ্ঞানিক নামঃ Semnopithecus johnii) পুৰণি বিশ্বৰ বান্দৰৰ এবিধ এছিয়ান লেংগুৰ। ইয়াৰ চকচকীয়া, ক’লা নোম আৰু মূৰত কমলা-সোণালী বাদামী মানুহৰ দৰে চুলি থাকে। মাইকী নীলগিৰি লেংগুৰৰ ভিতৰৰ উৰুত বগা নোমৰ দাগ থাকে।
-
নেফাফু
নেফাফু (Clerodendrum colebrookianum; East Indian Glory Bower) এবিধ লেমীয়াছী (Lamiaceae) পৰিয়ালৰ বহু বৰ্ষজীৱি ঔষধী উদ্ভিদ। নেফাফু গছৰ পাত উচ্চ ৰক্তচাপ (hypertension), মধুমেহ (diabetes), কাহ, আৰু বিভিন্ন বাতবিষ জাতীয় ৰোগৰ (rheumatism) বাবে উপকাৰী।