অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

নীলগিৰি লেংগুৰ

নীলগিৰি লেংগুৰ (Nilgiri langur; বৈ‍জ্ঞানিক নামঃ Semnopithecus johnii) পুৰণি বিশ্বৰ বান্দৰৰ এবিধ এছিয়ান লেংগুৰ। ইয়াৰ চকচকীয়া, ক’লা নোম আৰু মূৰত কমলা-সোণালী বাদামী মানুহৰ দৰে চুলি থাকে। মাইকী নীলগিৰি লেংগুৰৰ ভিতৰৰ উৰুত বগা নোমৰ দাগ থাকে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৪১৮ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

নীলগিৰি লেংগুৰ (Nilgiri langur; বৈ‍জ্ঞানিক নামঃ Semnopithecus johnii) পুৰণি বিশ্বৰ বান্দৰৰ এবিধ এছিয়ান লেংগুৰ। ইয়াৰ চকচকীয়া, ক’লা নোম আৰু মূৰত কমলা-সোণালী বাদামী মানুহৰ দৰে চুলি থাকে। মাইকী নীলগিৰি লেংগুৰৰ ভিতৰৰ উৰুত বগা নোমৰ দাগ থাকে। পোৱালিবোৰ ৰঙা-বাদামী ৰঙৰ হয় আৰু আৰু ৪-৫ মাহৰ ভিতৰত প্ৰাপ্তবয়স্কৰ ৰং লাভ কৰে।১ নীলগিৰি লেংগুৰ প্ৰাকৃতিকভাৱে‍ বৃক্ষবাসী আৰু সাধাৰণতে গ্ৰীষ্মমণ্ডলীয় চিৰসেউজ অৰণ্যত > ৫০০ মিটাৰ উচ্চতাত পোৱা যায়।২ ই সাধাৰণতে ঋতু অনুসৰি সন্তানসহ অথবা সন্তানবিহনে‍ ৯ৰপৰা ১০ টালৈকে দলৱদ্ধভাৱে গোটত থাকে‍। ইয়াৰ খাদ্য তালিকাত ফল, শিপা আৰু পাত থাকে। ইয়াক আই.ইউ.চি.এন.ৰ ৰঙা তালিকাত ইয়াক অসুৰ‍ক্ষিত প্ৰজাতি‍ হিচাপে তালিকাভুক্ত কৰা হৈছে আৰু ইয়াৰ বাসস্থান ধ্বংস আৰু শৰীৰৰ অংগসমূহৰ বাবে চোৰাং চিকাৰ কৰাৰ ফলত প্ৰাণীবিধলৈ‍ ভাবুকি আহিছে‍, শৰীৰৰ অংগসমূহত কামোদ্দীপক গুণ আছে বুলি ভবা হয়।

শ্ৰেণীবিভাজন

নীলগিৰি লেংগুৰৰ শ্ৰেণীবিভাজনৰ ওপৰত বিতৰ্কৰ সৃষ্টি হৈছে। পৰম্পৰাগতভাৱে ইয়াক ট্ৰেচিপিথেকাছ (Trachypithecus) প্ৰজাতিৰ ভিতৰৰ ৰূপগত সাদৃশ্য যেনে ক্ৰেনিয়েল মৰ্ফ'লজী আৰু নৱজাতকৰ ছালৰ ৰঙৰ ওপৰত ভিত্তি কৰি আৰু ট্ৰেচিপিথেকাছ ভেটুলাছ গোটৰ ভিতৰৰ বেঙুনীয়া মুখৰ লেংগুৰ (Purple-faced langur, Semnopithecus vetulus)ৰ সৈতে অনুমাণিক ঘনিষ্ঠ সম্পৰ্কৰ ভিত্তিত ৰখা হয়, যিটোক পূৰ্বতে টি.ভেটুলাছ বোলা হৈছিল। ডি এন এ আৰু অন্যান্য প্ৰমাণৰপৰা অনুমান কৰিব পাৰি যে নীলগিৰি লেংগুৰ আৰু বেঙুনীয়া মুখৰ লেংগুৰ (Purple-faced langur)ৰ ধূসৰ লেংগুৰ (Gray langurs)ৰ সৈতে অধিক ঘনিষ্ঠ সম্পৰ্ক আছে, আৰু সেয়ে‍ Semnopithecus প্ৰজাতিৰ ভিতৰত ইয়াক পুনৰ শ্ৰেণীভুক্ত কৰা হৈছে।৩৪৫৬৭

বিৱৰণ

প্ৰাপ্তবয়স্ক মতাবোৰৰ মূৰৰপৰা শৰীৰৰ দৈৰ্ঘ্য ৭৮–৮০ চে.মি. (৩১–৩১ ইঞ্চি) আৰু প্ৰাপ্তবয়স্ক মাইকীবোৰৰ দৈৰ্ঘ্য ৫৮–৬০ চে.মি. (২৩–২৪ ইঞ্চি); ইহঁতৰ নেজডাল ৬৮.৫–৯৬.৫ চে.মি. (২৭.০–৩৮.০ ইঞ্চি) দীঘল। মতা নীলগিৰি লেংগুৰৰ ওজন ৯.১–১৪.৮ কিলোগ্ৰাম (২০–৩৩ পাউণ্ড) আৰু মাইকী নীলগিৰি লেংগুৰৰ ওজন ১০.৯–১২ কিলোগ্ৰাম (২৪–২৬ পাউণ্ড)।৮

বিতৰণ

নীলগিৰি লেংগুৰ দক্ষিণ ভাৰতৰ নীলগিৰি পাহাৰৰ স্থানীয় বান্দৰ, ইয়াক কৰ্ণাটক, কেৰালা আৰু তামিলনাডু ৰাজ্যৰ ৩০০–২,০০০ মিটাৰ (৯৮০–৬,৫৬০ ফুট) উচ্চতাত পোৱা যায়।৯ ইয়াক আগষ্ট্যামালা বায়’স্ফিয়াৰ ৰিজাৰ্ভ, আলিয়াৰ ফৰেষ্ট ৰিজাৰ্ভ, আনামালাই টাইগাৰ ৰিজাৰ্ভ, বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান, এৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যান, ইদামালায়াৰ সংৰক্ষিত বনাঞ্চল, মুডুমলাই ৰাষ্ট্ৰীয় উদ্যান, মুকুৰ্থী ৰাষ্ট্ৰীয় উদ্যান, মুণ্ডানথুৰাই বাঘ সংৰক্ষিত বনাঞ্চল, নেলিয়ামপাথি, পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান, শ্বেণ্ডুৰ্নি বন্যপ্ৰাণী অভয়াৰণ্য আৰু চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা যায়।১০

আচৰণ আৰু পৰিৱেশ বিজ্ঞান

গৰ্ভাৱস্থাৰ সময় সঠিকভাৱে জনা নাযায় যদিও ২০০ দিন বুলি ধৰা হৈছে।৮ নীলগিৰি লেংগুৰ বছৰজুৰি প্ৰজননৰ বতৰ থাকে, যাৰ ফলত ইহঁতে বছৰৰ যিকোনো সময়তে সন্তান জন্ম দিব পাৰে।১১ নীলগিৰি লেংগুৰৰ জন্মৰ হাৰ মে’ৰ পৰা জুন মাহৰ ভিতৰত আৰু পুনৰ ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ ভিতৰত বৃদ্ধি পায় (যদিও কম পৰিমাণে)।১১

ভাবুকি

এই প্ৰজাতিটোৰ ছাল (ঢোল তৈয়াৰ কৰিবলৈ), মাংস আৰু পৰম্পৰাগত ঔষধৰ বাবে চিকাৰ কৰা হয়।১ শস্যৰ বাগিছা, খনন, বান্ধ, খণ্ডিতকৰণ, মানৱ বসতি, চিকাৰ, পথ দুৰ্ঘটনা, ইচ্ছাকৃতভাৱে দিয়া জুই, ধুমুহা/বানপানী, ভূমিস্খলন আৰু পোহনীয়া জন্তুৰ হিচাপে থ'বলৈ কৰা ব্যৱসায়ে এই প্ৰাণীবিধৰ বাবে ভাবুকি কঢি়য়াই আনিছে।১ লাগনি‍ কাঠৰ বাবে গছ কটা কাৰ্যই লেংগুৰৰ বাসস্থানত জৈৱিক চাপ সৃষ্টি কৰিছে আৰু ই পৰৱৰ্তী সময়ত প্ৰাণীবিধৰ বাসস্থানত প্ৰভাৱ পেলাব, খাদ্য-উদ্ভিদ হ্ৰাস কৰিব, আচ্ছাদনৰ ধাৰাবাহিকতা নাইকিয়া কৰি সামগ্ৰিক পৰিৱৰ্তন সাধন কৰিব; সেয়াও প্ৰাণীবিধৰ বাবে ভাবুকিস্বৰূপ।১

তথ্যসূত্ৰ

  1. ↑ NATIONAL STUDBOOK Nilgiri Langur (Trachypithecus johnii): III Edition
  2. ↑ Ecology and Conservation of Nilgiri Langur (Trachypithecus johnii)
  3. ↑ Brandon–Jones, D. (2004). Asian Primate Classification. International Journal of Primatology. পৃ. 97–164
  4. ↑ Osterholz, M.; Walter, L.; Roos, C. (2008). Phylogenetic position of the langur genera Semnopithecus and Trachypithecus among Asian colobines, and genus affiliations of their species groups. BMC Evolutionary Biology. পৃ. 58
  5. ↑ Karanth, K.P.; Singh, L.; Collura, R.V. (2008). Molecular phylogeny and biogeography of langurs and leaf monkeys of South Asia (Primates: Colobinae). Molecular Phylogenetics and Evolution. পৃ. 683–694
  6. ↑ Wilson, D.E.; Mittermeier, R.A.; Rylands, A.B. (2012). Handbook of the Mammals of the World, Volume 3: Primates. Lynx Edicions. ISBN 978-84-96553-89-7
  7. ↑ Wang, X.P. (2012). Phylogenetic Relationships among the Colobine Monkeys Revisited: New Insights from Analyses of Complete mt Genomes and 44 Nuclear Non-Coding Markers. PLOS ONE
  8. ↑ Malviya, M.; Srivastav, A.; Nigam, P. (2011). Indian National Studbook of Nilgiri Langur (Trachypithecus johnii). ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান, Dehradun and Central Zoo Authority, New Delhi
  9. ↑ Singh, M.; Kumara, H.N.; Kumar, A. (2020). Semnopithecus johnii
  10. ↑ Govt of India. (2020). The Gazette of India. Government of India. পৃ. 20
  11. ↑ NILGIRI LANGUR Semnopithecus johnii

সম্পৰ্কিত শ্ৰেণী

স্তন্যপায়ী প্ৰাণীবান্দৰকেৰালা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলগিৰি লেংগুৰ” প্ৰবন্ধৰ সংশোধন ৬২৪৩৮৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।