চেঙেলী মাছ (dwarf snakehead, বৈজ্ঞানিক নাম: Channa gachua) হৈছে Channidae পৰিয়ালৰ এবিধ মাছ। ইয়াৰ ইংৰাজী নাম "dwarf snakehead" আন কিছু প্ৰজাতিৰ বাবেও ব্যৱহাৰ কৰা হয়। চেঙেলী মাছ দক্ষিণ-পূব এচিয়াৰ সতেজ পানীৰ মাছ আৰু ইয়াক ইৰাণৰ পৰা ইণ্ডোনেচিয়ালৈকে এক বৃহৎ পৰিসৰত পোৱা যায়। Channa gachua একাধিক নিকট সম্পৰ্কীয় প্ৰজাতিৰ সমূহীয়া দ্বৈৰাশিক নাম। ইয়াৰে অতি কমেও তিনি বা চাৰিবিধ প্ৰজাতি আছে আৰু অধিক গৱেষণাই এইসমূহক পৃথককৈ চিনাক্ত কৰিব পাৰে।১ কিছুমান প্ৰজাতি যেন Channa harcourtbutleri আদি যোৱা কিছু দশকত বিচ্ছিন্ন হৈ পৰে।২ পূৰ্বপ্ৰান্তৰ C. gachua-সমূহক প্ৰায়ে ভিন্ন প্ৰজাতি Channa limbata (C. longistomata) হিচাপে গণ্য কৰা হয়। শ্ৰীলংকাত আছুতীয়াকৈ বাস কৰা প্ৰজাতিটোক Channa kelaartii হিচাপে চিনাক্ত কৰা হয়।৩
বিৱৰণ

এই মাছবিধ ২৮ চে:মি: পৰ্যন্ত দীঘল হ'ব পাৰে যদিও সৰহভাগ ক্ষেত্ৰতে ই ইমান দৈৰ্ঘ্যৰ নহয়। ইহঁতে সৰু মাছ, পতংগ আৰু ক্ষুদ্ৰকায় খোলাধাৰী প্ৰাণী খাই জীৱন নিৰ্বাহ কৰে। প্ৰজননৰ পিছত মতা মাছটোৱে মুখত কণীবোৰ আৰু পোণাসমূহ লৈ ফুৰে। মতা মাছসমূহৰ পৃষ্ঠভাগ মাইকী মাছতকৈ অধিক বহল হয় আৰু ফিছাত উজ্জ্বলতৰ ৰঙ থাকে।৪
বিতৰণ
চেঙেলী মাছ ইৰাণ, আফগানিস্তান, পাকিস্তান, নেপাল, ভাৰত, শ্ৰীলংকা, বাংলাদেশ, ভূটান, চীন, ম্যানমাৰ, থাইলেণ্ড, লাওচ, কম্বোদিয়া, ভিয়েটনাম, মালয়েচিয়া, ইণ্ডোনেচিয়া আৰু ছিংগাপুৰত পোৱা যায়।৫ যিকোনো আৰ্দ্ৰভূমিতে ইয়াক সততে দেখা পোৱা যায়।১ ডাঙৰ নদীৰ লগতে খাল-বিল, নিজৰা বা বন্ধ পানী আদিতো এই মাছবিধ পোৱা যায়। ধাননি পথাৰতো চেঙেলী মাছ দেখা পোৱা যায়।৬
তথ্যসূত্ৰ
- ↑ Chaudhry, S. (2010). Channa gachua. পৃ. e.T166123A6179047
- ↑ Ng, H. H., P. K. Ng, and R. Britz. (1999). Channa harcourtbutleri (Annandale, 1918): a valid species of snakehead (Perciformes: Channidae) from Myanmar. Journal of South Asian Natural History 4(1): 57-63
- ↑ Conte-Grand, C., Britz, R., Dahanukar, N., Raghavan, R., Pethi-yagoda, R., Tan, H.H., Hadiaty, R.K., Yaakob, N.S. & Rüber, L. (2017). Barcoding snakeheads (Teleostei, Channidae) re-visited: Discovering greater species diversity and resolving perpetuated taxonomic confusions. PLoS ONE, 12 (9): e0184017
- ↑ Channa gachua – Dwarf Snakehead (Channa limbata, Ophicephalus gachua). Seriously Fish
- ↑ Least Snakehead - Channa gachua - Details - Encyclopedia of Life. Encyclopedia of Life
- ↑ Silva, K. (1991). Population ecology of the paddy field‐dwelling fish Channa gachua (Günther) (Perciformes, Channidae) in Sri Lanka. Journal of fish biology, 38(4), 497-508
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেঙেলী মাছ” প্ৰবন্ধৰ সংশোধন ৩৩০২০০ (৯ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।