অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

চীনা মাছ ধৰা জাল

চীনা মাছ ধৰা জাল এক বিশেষ ধৰণৰ স্থায়ী জাল। ভাৰতত ইয়াক ‘চীনা ভালা’ আৰু ইণ্ডোনেছিয়াত ‘তাংকুল’ বোলা হয়। এইবোৰ মাটিত থীকি মাছ ধৰা ব্যৱস্থা। ভাৰতত ইয়াক সাধাৰণতে ‘চীনা মাছ ধৰা জাল’ বুলি কোৱা হয়। ইয়াৰ আনুষ্ঠানিক নাম হ’ল ‘পাৰৰ পৰা চলোৱা উত্তোলক জাল’।

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২৬ ৩৮৭ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ
কেৰালাৰ কোল্লামত চীনা মাছ ধৰা জাল
কেৰালাৰ কোল্লামত চীনা মাছ ধৰা জালছবি: This Photo was taken by Timothy A. Gonsalves. Feel free to use my photos, but pl · CC BY-SA 4.0
চীনা মাছ ধৰা জাল। কোচিৰ মেৰিন ড্ৰাইভৰ পৰা সন্ধিয়াৰ নীলা আভাৰ এক দৃশ্য।
চীনা মাছ ধৰা জাল। কোচিৰ মেৰিন ড্ৰাইভৰ পৰা সন্ধিয়াৰ নীলা আভাৰ এক দৃশ্য।ছবি: Augustus Binu : flickr · CC BY-SA 3.0

চীনা মাছ ধৰা জাল এক বিশেষ ধৰণৰ স্থায়ী জাল। ভাৰতত ইয়াক ‘চীনা ভালা’ আৰু ইণ্ডোনেছিয়াত ‘তাংকুল’ বোলা হয়। এইবোৰ মাটিত থীকি মাছ ধৰা ব্যৱস্থা। ভাৰতত ইয়াক সাধাৰণতে ‘চীনা মাছ ধৰা জাল’ বুলি কোৱা হয়। ইয়াৰ আনুষ্ঠানিক নাম হ’ল ‘পাৰৰ পৰা চলোৱা উত্তোলক জাল’। ১

ডাঙৰ যান্ত্ৰিক গাঁথনিৰ সহায়ত ২০ মিটাৰতকৈও অধিক বহল জাল সাগৰৰ ওপৰত মেলি ৰখা হয়। প্ৰতিটো গাঁথনি অন্ততঃ ১০ মিটাৰ ওখ হয়। ইয়াৰ এফালে সাগৰৰ ওপৰত ওলমি থকা এখন ডাঙৰ জাল থাকে। আনটো মূৰে কাউণ্টাৰৱেইট বা ভাৰসাম্য ৰক্ষাৰ বাবে ৰচীৰে ডাঙৰ শিল ওলমাই থোৱা হয়। প্ৰতিখন জাল চলাবলৈ সৰ্বাধিক ছয়জন মাছমৰীয়াৰ প্ৰয়োজন হয়। এই জালসমূহ উপকূলীয় দক্ষিণ চীন আৰু ইণ্ডোচীনত ব্যৱহাৰ কৰা হয়। ভাৰতত এইবোৰ ঘাইকৈ কোচি আৰু কোল্লাম চহৰত দেখিবলৈ পোৱা যায়। ২ বৰ্তমান এইবোৰ পৰ্যটকসকলৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ভাৰতত মাছ ধৰাৰ এই পদ্ধতিটো অতি অস্বাভাৱিক আৰু কেৱল এই অঞ্চলতে সীমাবদ্ধ। চতুৰ্দশ শতিকাত অহা চীনা পৰিব্ৰাজকসকলে এই পদ্ধতিটো ইয়াত চিনাকি কৰাই দিছিল। কোচি চহৰৰ নামটো ‘কো-চিন’ শব্দৰ পৰা অহা বুলি বিশ্বাস কৰা হয়। ইয়াৰ অৰ্থ হৈছে ‘চীনৰ দৰে’। ৩

এই সমগ্ৰ ব্যৱস্থাটো অতি সুন্দৰভাৱে ভাৰসাম্য ৰক্ষা কৰি তৈয়াৰ কৰা হৈছে। মূল কাঠডালৰ ওপৰেৰে এজন মানুহ খোজ কাঢ়ি গ’লেই মানুহজনৰ ওজনতে জালখন সাগৰৰ পানীত ডুব যায়। জালখন অলপ সময়ৰ বাবে পানীত এৰি দিয়া হয়। সম্ভৱতঃ মাত্ৰ কেইমিনিটমানৰ বাবে ইয়াক পানীত ৰখা হয়। ইয়াৰ পিছত ৰচী টানি জালখন ওপৰলৈ তোলা হয়। জালখনত সাধাৰণতে বেছি মাছ নুঠে। ইয়াত মাত্ৰ কেইটামান মাছ আৰু মিছা মাছ বা কেঁকোৰা জাতীয় প্ৰাণী পোৱা যায়। এইবোৰ অতি কম সময়ৰ ভিতৰতে ক্ৰেতাসকলৰ ওচৰত বিক্ৰী কৰা হয়।

ৰচীৰ সহায়ত বিভিন্ন দৈৰ্ঘ্যত ডাঙৰ শিল ওলমাই থোৱা হয়। এই শিলবোৰ প্ৰায় ৩০ চেণ্টিমিটাৰ ব্যাসৰ হয়। জালখন ওপৰলৈ তোলাৰ সময়ত শিলবোৰ ইখনৰ পিছত সিখনকৈ এখন মঞ্চৰ ওপৰত পৰে। ইয়াৰ ফলত গোটেই ব্যৱস্থাটোৰ ভাৰসাম্য বজায় থাকে।প্ৰতিখন জাল চালনা কৰাৰ বাবে এক নিৰ্দিষ্ট গভীৰতা থাকে। সেইবাবে জোৱাৰ-ভাটা অহা পানীত এখন নিৰ্দিষ্ট জাল একেৰাহে চলাই থাকিব নোৱাৰি। পানীৰ জোৱাৰ-ভাটাৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন সময়ত বেলেগ বেলেগ জাল ব্যৱহাৰ কৰা হয়।

এই জালবোৰ চীনা পৰিব্ৰাজক ঝেং হে-ই ভাৰতত চিনাকি কৰাই দিছিল বুলি ধাৰণা কৰা হয়। ৪

এই চীনা মাছ ধৰা জালবোৰ বৰ্তমান পৰ্যটকৰ বাবে অতি জনপ্ৰিয় আকৰ্ষণ হৈ পৰিছে। এইবোৰৰ ডাঙৰ আকাৰ আৰু ধুনীয়া গাঁথনি দেখিবলৈ বৰ ধুনীয়া। ইয়াৰ লেহেমীয়া গতি পৰ্যটকৰ বাবে অতি আকৰ্ষণীয়। ইয়াৰ উপৰি ক্ৰেতাই জালৰ পৰা পোনে পোনে নিজৰ পছন্দৰ মাছ কিনিব পাৰে। ওচৰতে থকা পদপথৰ সৰু দোকানীবোৰে এই মাছবোৰ থিতাতে ৰান্ধি দিয়ে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Shore operated stationary lift nets
  2. ↑ Panoramio - Images from Kollam ashtamudi
  3. ↑ 11 Essential Experiences for a Kerala Backpacking Trip
  4. ↑ U.S. News & World Report, Volume 136, No 21, p. 53. 14 June 2004

সম্পৰ্কিত শ্ৰেণী

কেৰালাত পৰ্যটন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চীনা মাছ ধৰা জাল” প্ৰবন্ধৰ সংশোধন ৬৩৬৩৬৪ (২০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।