চেংমৰা (Spiny Arum, বৈজ্ঞানিক নামকৰণ পদ্ধতি: Lasia spinosa) ভাৰতকে ধৰি এচিয়া মহাদেশৰ বিভিন্ন দেশ আৰু পাপুৱা নিউগিনিত পোৱা এবিধ কচুজাতীয় চিৰসেউজ উদ্ভিদ। এই উদ্ভিদজোপা বাৰীৰ ঢাপ, পিটনি, নদীকাষৰীয়া সেমেকা বা জেকা ঠাই আদিত পোৱা যায়| ইয়াক কাঁইটীয়া কচু, ওলমোটোকা, কেশঠুৰী,, লা-ঘটুৱা আদি নামেৰেও জনা যায়।১ বড়ো ভাষাত চেংমৰাক চিব্ৰু আৰু টাই-আহোম ভাষাত ফাকি-চিক-নাম বুলি কোৱা হয়।২৩ অসমত গৰু বিহুৰ দিনা পৰম্পৰা অনুযায়ী খোৱা এশ-এবিধ শাকৰ ভিতৰত চেংমৰা অন্যতম।৪ বনৰীয়া আৰু কৃষিজাত উভয় ধৰণেৰেই উদ্ভিদজোপাৰ বিস্তৃতি পোৱা যায়।৫
বিৱৰণ
চেংমৰা ১-ৰ পৰা ২ মিটাৰ পৰ্যন্ত ওখ হয়। পাতৰ ঠাৰি মঙহাল আৰু দীঘল। প্ৰতিডাল ঠাৰিৰ মূৰত ত্ৰিভুজাকাৰ, ১২-১৩ খণ্ডত বিভক্ত একোখিলা পাত থাকে। পাতৰ মধ্যসিৰা আৰু শাখা সিৰা কাঁইটীয়া। বৃন্ত দীঘল, ত্ৰিভুজাকাৰ, অখণ্ড, বা পখীপাদাকৃতি।১ উদ্ভিদজোপাৰ গোটেই গাতে সৰু সৰু কাঁইট থাকে। ইয়াৰ পুষ্প মঞ্জৰী চুটি আৰু গোটা। চেংমৰাত ৪-৬ ডাল পুংকেশৰ থাকে। পুংদণ্ডডাল চুটি।৬
খাদ্য হিচাপে ব্যৱহাৰ

চেংমৰাৰ উদ্ভিদ পৰিয়ালৰ প্ৰায়বোৰ প্ৰজাতিতে কেলছিয়াম অক্সেলেট ক্ৰিষ্টেলৰ উপস্থিতি পোৱা যায় আৰু মুখ বা জিভাত লাগিলে ই সহস্ৰ তীক্ষ্ণ বেজীয়ে বিন্ধাৰ দৰে অনুভূতি দিব পাৰে। ভালদৰে ৰান্ধিলে বা সম্পূৰ্ণৰূপে শুকুৱাই পেলালে এই উপাদানটো ভংগুৰ অৱস্থালৈ নিব পাৰি। চেংমৰাৰ পাত আৰু গা-গছ বনৌষধি তথা বিভিন্ন আমিষ-নিৰামিষ ব্যঞ্জনৰ উপাদান হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ পাত আৰু মূল অংশ অৰ্শৰোগৰ প্ৰতিকাৰক হিচাপে ব্যৱহৃত হয়।৫
তথ্যসূত্ৰ
- ↑ প্ৰিয়াংকু. চেংমৰা. Xobdo.org
- ↑ Lasia spinosa (L.) Thwaites. India Biodiversity Portal
- ↑ চাও সঞ্জীৱ ফূ কে ( বৰুুৱা ). ব'হাগ বিহু: এশ এটি শাকৰ সম্পৰ্ক. খ্বন মৌঙ
- ↑ ৰুমী বৰা. (14 April. 2013). বহাগ বিহু আৰু শাক খোৱাৰ পৰম্পৰা. xahitya.org
- ↑ Lasia spinosa. tropical.theferns.info
- ↑ ডাঃ ৰেইনী দেৱী. চেংমৰা শাকৰ গুণাগুণ (Spiny arum). বিকাশপেডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেংমৰা” প্ৰবন্ধৰ সংশোধন ৫৬৯১৪৪ (১২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।