নামবৰ-দৈগ্ৰুং অভয়াৰণ্য (Nambor - Doigrung Wildlife Sanctuary) অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই গৰমপানী অভয়াৰণ্য তথা নামবৰ অভয়াৰণ্যৰ লগত ২০০৩ চনৰ ১৭ এপ্ৰিলত স্বীকৃতিপ্ৰাপ্ত কাজিৰঙা-কাৰ্বি আংলং হস্তী প্ৰকল্পৰ অন্তৰ্ভুক্ত৷
ইতিহাস
এই অঞ্চলটোক ২০০৩ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়৷১
ভৌগোলিক বিৱৰণ
নামবৰ-দৈগ্ৰুং অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৯৭.১৫ কিলোমিটাৰ৷২ ই গোলাঘাট চহৰৰ পৰা প্ৰায় ২৫ কিঃমিঃ দূৰত্বত অৱস্থিত৷৩
উদ্ভিদকুল
নামবৰ-দৈগ্ৰুং অভয়াৰণ্যৰ বনাঞ্চল প্ৰধানত: ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া যদিও কিছুপৰিমাণে চিৰসেউজীয়া তথা জলাহ ভূমিও দেখা যায়৷ ইয়াৰ উদ্ভিদসমূহৰ ভিতৰত ভেলু, গমাৰি, আজাৰ, নাহৰ, উৰিয়াম, পমা, বনচোম আদিয়ে প্ৰধান৷ তাৰোপৰি ইয়াত কিছুমান আপুৰুগীয়া অৰ্কিডৰ প্ৰজাতিও দেখা পোৱা যায়৷
জীৱ-জন্তু
অভয়াৰণ্যখনত হাতী, বনৰীয়া গাহৰি, মেচেকা, লাজুকী বান্দৰ, মলুৱা বান্দৰ, হলৌ বান্দৰ, গাহৰি নেজীয়া বান্দৰ, নাহৰফুটুকী বাঘ, সুগৰী পহু, শৰ পহু, মেথোন আদিৰ উপৰি কাছ, গুঁই, অজগৰ, নেউল আদিও পােৱা যায়।
প্ৰাণীকুল
অভয়াৰণ্যখন চৰাইৰ বাবেও বিখ্যাত। দেওহাঁহ, হাড়গিলা, ৰাজধনেশ, মইনা, ভীমৰাজ, বাঢ়ৈটোকা, হুদু, পৰঘুমা, হাইঠা, মাটিকপৌ, শিলকপৌ, বনকুকুৰা, ডৰিক, শেন, মৌ-খাপ আদি বিভিন্ন চৰাইৰে অভয়াৰণ্যখন সমৃদ্ধ। স্তন্যপায়ী প্ৰাণী: হেপা, হাতী,অসমীয়া বান্দৰ,টুপীমূৰীয়া বান্দৰ,দল-হৰিণা,নাহৰফুটুকী বাঘ,বন-ৰৌ,শিয়াল,শৰপহু,সুগৰী পহু,সেন্দূৰী বান্দৰ,হলৌ বান্দৰ,বাদুলি,মলুৱা বান্দৰ,লাজুকী বান্দৰ,খটীয়া পহু আদি৷ ৪
চৰাই-চিৰিকটি: দেওহাঁহ, পাকৈঢোৰা,শামুকভঙা আদি৷ ৪সৰীসৃপ:কাছ, গুঁই, পাইথন আদি৪
লগতে চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Asad Rafi Rahmani; M. Zafar-Ul Islam; Indian Bird Conservation Network. (10 December 2004). Important bird areas in India: priority sites for conservation. IBCN, Bombay Natural History Society. ISBN 978-0-19-567333-3
- ↑ assamforest.in/NP_Sanctuaries/wls_nDoigrung.php |title=Nambor - Doigrung Wildlife Sanctuaries |publisher=Department of Environment & Forests, Government of Assam |date=2013-04-05 |accessdate=2013-06-17
- ↑ (2000-07-27). Nambor - Doigrung Wildlife Sanctuary. assamspider.com
- ↑ Welcome to Assam Tourism Official website of Deptt. of Tourism, Assam, India. Assamtourism.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নামবৰ-দৈগ্ৰুং অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৫৩১৩২০ (৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।