জিকা ভাইৰাছ (Zika virus বা ZIKV) হৈছে ভাইৰাছ পৰিয়াল Flaviviridae আৰু গণ Flavivirus-ৰ অন্তৰ্গত এবিধ বীজাণু।১ দিনত সক্ৰিয় থকা Aedes মহ যেনে A. aegyptiয়ে এই ভাইৰাছ বিয়পায়। এই নামটো ১৯৪৭ চনত ভাইৰাছবিধ প্ৰথম ধৰা পৰা উগাণ্ডাৰ জিকা অৰণ্যৰ পৰা আহিছে।২ জিকা ভাইৰাছৰ ডেংগি, পীত জ্বৰ, জাপানীজ এন্কেফেলাইটিছ আৰু ৱেষ্ট নাইল ভাইৰাছৰ লগত সম্পৰ্ক আছে। ১৯৫০ চনমানৰে পৰা আফ্ৰিকা হৈ এছিয়া পৰ্যন্ত বিষুৱৰেখাৰ ওচৰে মাজৰে এই ৰোগ হোৱা বুলি জনা যায়। ২০০৭ চনৰ পৰা ২০১৬ লৈকে ভাইৰাছবিধ প্ৰশান্ত মহাসাগৰ পাৰ হৈ আমেৰিকালৈ বিয়পে আৰু ২০১৫-২০১৬ জিকা ভাইৰাছ মহামাৰীৰ সৃষ্টি কৰে।
জিকা জ্বৰ বা জিকা ভাইৰাছ ৰোগ বুলি কোৱা সংক্ৰমণে পাতলীয়া ডেংগি জ্বৰৰ দৰে শূন্য বা নূন্যতম লক্ষণ উৎপন্ন কৰে। বিশেষ চিকিৎসা নাই যদিও পাৰাচিটামল ঔষধ আৰু বিশ্ৰামে লক্ষণ পৰিশমৰ সহায় কৰে।৩ ২০১৬ চনলৈকে এই ৰোগ ঔষধ বা প্ৰতিষেধকেৰে প্ৰতিৰোধ কৰিব নোৱাৰি।৩ গৰ্ভৱতী মহিলাৰ পৰা সন্তানলৈ জিকা বিয়পিব পাৰে। ইয়াৰ ফলত মাইক্ৰ'চিফালি (সৰু আকাৰৰ মূৰ), মগজুৰ গুৰুতৰ ক্ষতি আৰু আন জন্মগত খুঁত হ'ব পাৰে।৪৫ প্ৰাপ্তবয়স্কত জিকা সংক্ৰমণে Guillain–Barré syndrome কৰিব পাৰিলেও সেয়া বিৰল।৬২০১৬ চনৰ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ Centers for Disease Control and Prevention (CDC)-এ আক্ৰান্ত দেশসমূহত বিশেষ সাৱধানতাকে ধৰি কেতবোৰ ভ্ৰমণৰ নিৰ্দেশাৱলী প্ৰকাশ কৰে। গৰ্ভৱতী মহিলাৰ বাবে ভ্ৰমণ পিছুৱাই দিয়াৰ দৰে পৰামৰ্শও দিয়া হয়।৭৮ আন চৰকাৰ বা স্বাস্থ্য সন্থাই একে ধৰণৰ ভ্ৰমণ সতৰ্কবাণী দিয়ে,৯১০১১ যাৰ ভিতৰত কলম্বিয়া, ডমিনিকান ৰিপাব্লিক, পৰ্টে ৰিক', ইকুৱেডৰ, এল্ ছাল্ভাদৰ আৰু জামাইকাই অধিক তথ্য নজনালৈকে মহিলাক গৰ্ভধাৰণ পিছুৱানলৈ পৰামৰ্শ দিয়ে।১০১২ ২০১৭ চনৰ ১৫ মে'ত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে গুজৰাটৰ বাপুনগৰ অঞ্চলত তিনিজন জিকা ভাইৰাছ ৰোগী ধৰা পৰা বুলি নিশ্চিত কৰে।১৩ জিকাক বা বুলি উচ্চাৰণ কৰা হয়।১৪১৫
বাহ্যিক সংযোগ
- (19 January 2016). Zika Virus. Division of Vector-Borne Diseases (DVBD), National Center for Emerging and Zoonotic Infectious Diseases (NCEZID). Centers for Disease Control and Prevention
- Zika virus. NCBI Taxonomy Browser
- Schmaljohn, Alan L.; McClain, David. (1996). Medical Microbiology. ISBN 0-9631172-1-1
- Zika Virus – Centers for Disease Control and Prevention
- Flaviviridae Genomes database search results from the Viral Bioinformatics Resource Center
- Viralzone: Flaviviridae
- Virus Pathogen Database and Analysis Resource (ViPR): Flaviviridae
- World Health Organization Zika Virus Fact Sheet
তথ্যসূত্ৰ
- ↑ Malone, Robert W.; Homan, Jane; Callahan, Michael V. (2 March 2016). Zika Virus: Medical Countermeasure Development Challenges. PLOS Neglected Tropical Diseases. পৃ. e0004530
- ↑ Sikka, Veronica; Chattu, Vijay Kumar; Popli, Raaj K. (11 February 2016). The emergence of zika virus as a global health security threat: A review and a consensus statement of the INDUSEM Joint working Group (JWG). Journal of Global Infectious Diseases. পৃ. 3–15
- ↑ (3 March 2016). Symptoms, Diagnosis, & Treatment. Zika virus. Centers for Disease Control and Prevention
- ↑ Rasmussen, Sonja A.; Jamieson, Denise J.; Honein, Margaret A. (13 April 2016). Zika Virus and Birth Defects — Reviewing the Evidence for Causality. New England Journal of Medicine. পৃ. 1981–1987
- ↑ (13 April 2016). CDC Concludes Zika Causes Microcephaly and Other Birth Defects. CDC
- ↑ (7 April 2016). Zika Virus Microcephaly And Guillain–Barré Syndrome Situation Report. World Health Organization
- ↑ (15 January 2016). Zika Virus in the Caribbean. Travelers' Health: Travel Notices. Centers for Disease Control and Prevention
- ↑ Petersen, Emily E.; Staples, J. Erin; Meaney-Delman, Dana. (22 January 2016). Interim Guidelines for Pregnant Women During a Zika Virus Outbreak — United States, 2016. MMWR. Morbidity and Mortality Weekly Report. পৃ. 30–33
- ↑ (22 January 2016). Zika virus: Advice for those planning to travel to outbreak areas. ITV Report. ITV News
- ↑ (22 January 2016). Pregnant Irish women warned over Zika virus in central and South America. RTÉ News
- ↑ (24 January 2016). Zika: Olympics plans announced by Rio authorities. BBC News. British Broadcasting Corporation
- ↑ (23 January 2016). Zika virus triggers pregnancy delay calls. BBC News
- ↑ (26 May 2017). Zika virus infection – India. WHO
- ↑ How to pronounce Zika. HowToPronounce.com
- ↑ (June 2014). Etymologia: Zika Virus. Emerging Infectious Diseases. পৃ. 1090
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিকা ভাইৰাছ” প্ৰবন্ধৰ সংশোধন ৫৯৪৪৫৫ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।