ত প্ৰজনন নোহোৱা কালত এটা দৈকলা]]
দৈকলা১(Great Cormorant, বৈজ্ঞানিক নাম-Phalacrocorax carbo), এবিধ সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ চৰাইৰ প্ৰজাতি। ই cormorant পৰিয়ালৰ অন্তৰ্ভুক্ত। ২
বিৱৰণ

ত প্ৰজনন কালত দৈকলা]]
দৈকলা এবিধ ডাঙৰ আকাৰৰ আৰু ক'লা বৰণৰ জলচৰ চৰাই। অৱশ্যে ই বিস্তৃত হৈ থকা অঞ্চলভেদে ইয়াৰ আকাৰ আৰু দেহৰ ৰঙৰ তাৰতম্য দেখা পোৱা যায়। ইয়াৰ ওজন সাধাৰণতে ১.৫ কি:গ্ৰা: হয়।৩৪৫দৈকলাৰ দেহৰ দৈৰ্ঘ্য ৭০-১০২ ছে:মি: পৰ্যন্ত হ'ব পাৰে।৬৭ ইয়াৰ নেজ দীঘল, ডিঙিত হালধীয়া দাগ আছে। পূৰ্ণবয়স্ক দৈকলাৰ প্ৰজনন কালত উৰু অংশত বগা দাগ দেখা যায়।
টেক্স'নমি

দৈকলাৰ কেইবাবিধো উপ-প্ৰজাতি দেখা পোৱা যায়। ইয়াৰ ভিতৰত প্ৰধান হৈছে-
- P. c. carbo- আটলাণ্টিক মহাসাগৰীয়া দ্বীপসমূ্হত
- P. carbo novaehollandiae৮-অষ্ট্ৰেলিয়া
- P. c. lucidus-আফ্ৰিকা
- P. c. sinensis-এছিয়া
- 'P. c. maroccanus'' -উত্তৰ-পশ্চিম আফ্ৰিকা
- 'P. c. hannedae'' -জাপান
বিতৰণ
দৈকলা সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা এবিধ চৰাইৰ প্ৰজাতি। ইয়াক দক্ষিণ আমেৰিকা যুক্তৰাষ্ট্ৰ তথা এণ্টাৰ্কটিকাৰ বাহিৰে প্ৰায় সকলো মহাদেশতে দেখা পোৱা যায়।
বাসস্থান
দৈকলা চৰাই বোৰ অত্যন্ত অভিযোজনযোগ্য আৰু বিভিন্ন জলজ বাসস্থানত পোৱা যায়। এইবোৰ সাধাৰণতে উপকূলীয় অঞ্চল, হ্ৰদ, নদী আৰু আনকি জলাশয় আৰু পুখুৰী আদিতো পোৱা যায়। এই চৰাইবোৰ দীঘলীয়া দূৰত্ব। উৰিব পৰা ক্ষমতাৰ বাবে জনাজাত, যাৰ ফলত তেওঁলোকে খাদ্য আৰু উপযুক্ত প্ৰজনন স্থানৰ সন্ধানত ঋতুঅনুসৰি প্ৰব্ৰজন কৰিবলৈ সক্ষম হয়।
আচৰণ
খাদ্য
দৈকলাই পানীৰ যথেষ্ট গভীৰলৈকে যাব পাৰে যদিও প্ৰায়ে ই অগভীৰ পানীত চিকাৰ ধৰি খায়। ই বিভিন্ন ধৰণৰ সৰু-বৰ মাছ খাই জীয়াই থাকে।
প্ৰজনন
দৈকলাই সাধাৰণতে জলাশয়ৰ আশে পাশে শিলাময় পাহাৰত বা গছত বাহ সাজে। বাহ সাজিবলৈ ই গছৰ ডাল-পাত আদি ব্যৱহাৰ কৰা দেখা যায়। ই এবাৰত ৩-৪ টাকৈ কণী পাৰে।
মানুহৰ সৈতে সম্পৰ্ক
দৈকলাক চীন, জাপানকে ধৰি বিশ্বৰ বিভিন্ন ঠাইত সমূহীয়াকৈ মাছ ধৰা কামত মাছমৰীয়া সকলে ব্যৱহাৰ কৰি আহিছে। এই প্ৰক্ৰিয়াত মাছমৰীয়া জনে দৈকলাৰ ডিঙিত মাছ গিলিব নোৱাৰাকৈ এডাল ৰছী বান্ধি দিয়ে আৰু মাছ ধৰা সৰু নাওৰ লগত আগবাঢ়ি যাবলৈ দিয়ে। দৈকলাই মাছ ধৰিবলৈ সক্ষম হয় কিন্তু ৰছীডালৰ বাবে সম্পূৰ্ণকৈ গিলি পেলাব নোৱাৰে। গতিকে এই পৰ্বৰ শেষত মাছমৰীয়াই দৈকলা চৰাইৰ মুখৰ পৰা মাছবোৰ সংগ্ৰহ কৰি লয়।
স্থিতি তথা সংৰক্ষণ
ত দৈকলাৰ সহায়ত মাছ ধৰা অৱস্থাত]]
বহুতো মাছমৰীয়াই দৈকলাক মাছৰ বাবে নিজৰ প্ৰতিযোগী বুলি গণ্য কৰে আৰু এইবাবেই অতীজত দৈকলাৰ বিস্তৰ পৰিমাণে চিকাৰ কৰা হৈছিল। অৱশ্যে পৰৱৰ্ত্তী কালত ইয়াৰ সংৰক্ষণৰ বাবে বিভিন্ন পদক্ষেপ লোৱাত ইয়াৰ জনসংখ্যা বিলুপ্তিৰ পৰা ৰক্ষা পৰে।৯ কিন্তু ইয়াৰ ক্ৰমাৎ বৃদ্ধি পোৱা জনসংখ্যাই পুনৰ মাছমৰীয়াসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। ১০১১
লগতে চাওক
- Sibley, C. G., & Monroe, B. L. (1990). Distribution and taxonomy of birds of the world. New Haven CT: Yale University Press.
- Ian Sinclair, Phil Hockey and Warwick Tarboton, SASOL Birds of Southern Africa (Struik 2002) ISBN 1-86872-721-1
Separation of carbo and ''sinensis
- Newson, Stuart, Graham Ekins, Baz Hughes, Ian Russell and Robin Sellers (2005) Separation of North Atlantic and Continental Cormorants Birding World 18(3):107–111
- Millington, Richard (2005) Identification of North Atlantic and Continental Cormorants Birding World 18(3):112–123
বাহ্যিক সংযোগ
- Ageing and sexing (PDF) by Javier Blasco-Zumeta & Gerd-Michael Heinze
- www.mchportal.com/photography-galleries/macro-an
- Great Cormorant videos, photos & sounds on the Internet Bird Collection
তথ্যসূত্ৰ
- ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
- ↑ Ali, S. (1993). The Book of Indian Birds. Bombay Natural History Society. ISBN 0-19-563731-3
- ↑ Ribak, Gal; Weihs, Daniel; Arad, Zeev. (2005). Water retention in the plumage of diving great cormorantsPhalacrocorax carbo sinensis. Journal of Avian Biology. পৃ. 89
- ↑ Cormorant . The Canadian Encyclopedia. Retrieved on 2012-08-21
- ↑ Great Cormorant, Identification, All About Birds – Cornell Lab of Ornithology. Birds.cornell.edu. Retrieved on 2012-08-21
- ↑ Field Guide to the Birds of East Africa: Kenya, Tanzania, Uganda, Rwanda, Burundi by Stevenson & Fanshawe. Elsevier Science (2001), ISBN 978-0856610790
- ↑ Great Cormorant, Life History, All About Birds – Cornell Lab of Ornithology. Allaboutbirds.org. Retrieved on 2012-08-21
- ↑ Barrie Heather and Hugh Robertson, "The Field guide to the Birds of New Zealand"(revised edition), Viking, 2005
- ↑ Wetland International Cormorant Researg Group: Cormorants in the western Palearctic, Distribution and numbers on a wider European scale
- ↑ FAO publication: Workshop on a European Cormorant management Plan, 20–21 November 2007; EIFAC, European Inland Fisheries Advisory Commission
- ↑ European Parliament resolution of 4 December 2008: "on the adoption of a European Cormorant Management Plan to minimise the increasing impact of cormorants on fish stocks, fishing and aquaculture"
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৈকলা” প্ৰবন্ধৰ সংশোধন ৬১১৭৩৮ (১১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।