অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ক’লা নুনী

ক’লা নুনী ( black mulberry, বৈজ্ঞানিক নাম: Morus nigra) Moraceae পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। ই দক্ষিণ এচিয়া আৰু আইবেৰিয়ান উপদ্বীপৰ থলুৱা উদ্ভিদ। এই দুই স্থানত ইমানেই প্ৰাচীন কালৰ পৰা ক’লা নুনীৰ খেতি কৰা হয় যে ইয়াৰ সঠিক প্ৰাকৃতিক সময় নিৰূপণ কৰাটো কঠিন।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ক’লা নুনী ( black mulberry, বৈজ্ঞানিক নামকৰণ পদ্ধতি: Morus nigra)১ Moraceae পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। ই দক্ষিণ এচিয়া আৰু আইবেৰিয়ান উপদ্বীপৰ থলুৱা উদ্ভিদ। এই দুই স্থানত ইমানেই প্ৰাচীন কালৰ পৰা ক’লা নুনীৰ খেতি কৰা হয় যে ইয়াৰ সঠিক প্ৰাকৃতিক সময় নিৰূপণ কৰাটো কঠিন।২ ক’লা নুনী ইয়াৰ বহুসংখ্যক ক্ৰ’মজমৰ বাবে জনাজাত।

ব্যৱহাৰ

ক'লা নুনীৰ উৎপত্তি মেচপটেমিয়া আৰু পাৰস্যৰ পাহাৰীয়া অঞ্চলত (অৰ্থাৎ আৰ্মেনিয়ান উচ্চভূমি) হোৱা বুলি ভবা হয়। ইউক্ৰেইনকে ধৰি ইউৰোপৰ বহু অংশত পশ্চিমে আৰু পূবে চীনলৈকে ক'লা নুনী ৰোপণ কৰা হয় আৰু প্ৰায়ে প্ৰাকৃতিককৰণ কৰা হয়। বৰ্তমান সমগ্ৰ আৰ্মেনিয়া, আফগানিস্তান, ইৰাক, ইৰাণ, ভাৰত, পাকিস্তান, ছিৰিয়া, লেবানন, জৰ্ডান, পেলেষ্টাইন, ইজৰাইল, তুৰস্কত ই ব্যাপকভাৱে বিয়পি পৰিছে।

ক’লা নুনীৰ ফল খোৱাৰ উপযোগী৩ আৰু সেয়ে ইয়াৰ খেতি বহুদিনৰ পৰাই হৈ আহিছে। গছ আৰু ফল দুয়োটাকে পাৰ্চী ভাষাৰ পৰা উৎপন্ন টুট (নুনী) বা শ্বাহতুট (ৰজাৰ বা "উচ্চ" নুনী), বা আৰবী ভাষাত শ্বজাৰত টুক্কি নামেৰে জনা যায়। এই অঞ্চলত ফলৰ পৰা জাম আৰু চৰবেট তৈয়াৰ কৰা হয়। ৰেচম পলুৰ বাবে উপযোগী হ’ব বুলি আশা কৰি ১৭ শতিকাত ব্ৰিটেইনলৈ ক’লা নুনী আমদানি কৰা হৈছিল। সেই উদ্যোগটোত ই সফল নহ’ল কাৰণ ৰেচমৰ পলুৱে বগা নুনীহে বেছি পছন্দ কৰে। ইয়াক ২০১৩ চনত খৰৰ চিকিৎসাত বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Definition And Classification Of Commodities (Draft) 8. Fruits And Derived Products. Food and Agriculture Organization of the United Nations
  2. ↑ (2008). RHS A-Z encyclopedia of garden plants. Dorling Kindersley. পৃ. 1136. ISBN 978-1405332965
  3. ↑ Morus nigra Black Mulberry PFAF Plant Database. Plants for a Future

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক’লা নুনী” প্ৰবন্ধৰ সংশোধন ৬৩২৮৫৪ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।