ধৃতৰাজ (Bar-headed Goose, বৈজ্ঞানিক নাম-Anser indicus) এবিধ জলচৰ হাঁহৰ প্ৰজাতি। ইহঁতে মধ্য এছিয়াৰ পৰ্বতীয় হ্ৰদসমূহত সহস্ৰ লগ হৈ কলনীত প্ৰজনন কৰে আৰু দক্ষিণ এছিয়ালৈ পৰিভ্ৰমণ কৰে। ইহঁতে মাটিত বাহ সাজে আৰু তিনিৰ পৰা আঠটাকৈ কণী পাৰে।
বিৱৰণ
ধৃতৰাজ চৰাইৰ বৰণ শেঁতা মুগা আৰু ইয়াৰ মূৰত থকা কলা আঁচ দুডালে ইয়াক অন্য হাঁহৰ প্ৰজাতিসমূহৰ পৰা সহজে পৃথক কৰে। তদুপৰি একে গোত্ৰৰ অন্য হাঁহৰ প্ৰজাতিতকৈ ই যথেষ্ট শেঁতা বৰণৰ হয়। ইয়াৰ দেহৰ দৈৰ্ঘ্য সাধৰণতে ৭১-৭৬ ছে: মি: আৰু ওজন ১.৮ কি: গ্ৰা: ৰ পৰা ৩.২ কি: গ্ৰা: পৰ্যন্ত হয়।
বাসস্থান
গ্ৰীষ্মকালত ধৃতৰাজৰ বাসস্থান হ'ল সাগৰ পৃষ্ঠৰ পৰা সৰ্বোচ্চ স্থানত থকা হ্ৰদ বা পুখুৰী সমূহ। ইয়াত এই চৰাই সমূহে চুটি ঘাঁহনিত চৰি ফুৰে। ই দক্ষিণৰ তিব্বত স্বায়ত্তশাসিত অঞ্চল, কাজাখাস্তান, মংগোলীয়া আৰু ৰাছিয়াৰ পৰা পৰিভ্ৰমণ কৰে বুলি জনা যায়। ই্য়াক বিভিন্ন খেতি-পথাৰত সাধাৰণতে দেখা পোৱা যায়।
আচৰণ
ধৃতৰাজ বিশ্বৰ আটাইতকৈ দীঘলীয়াকৈ আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই সমূহৰ মাজৰ এটা প্ৰজাতি।১ ইয়াক পৃথিৱীৰ পঞ্চম উচ্চ পৰ্বত শৃংগ মাকালুৰ ওপৰেদি উৰাৰ প্ৰমাণ পোৱা গৈছে আৰু কোনো কোনোৰ মতে মাউণ্ট এভাৰেষ্টতো ইয়াক দেখাৰ নজিৰ আছে২ এই চৰাইবিধে দক্ষিণ এছিয়াৰ অসমৰ পৰা তামিলনাডু জুৰি থকা অঞ্চল সমূহত শীতকালতো কটোৱাৰ উদেশ্যে হিমালয়ৰ ওপৰেদি পৰিভ্ৰমণ কৰে। ৩
ধৃতৰাজে মূলতঃ ধান, বাৰ্লি, গম আদি খায় আৰু খেতি-পথাৰৰো বিনষ্ট কৰে।৪
ই তিব্বতত বাহ সাজি প্ৰজনন কৰে বুলি জনা যায়।৫
বাহ্যিক সংযোগ
- Bar-headed Goose
- Bar-headed Goose found in Brattleboro, Vermont, USA (April, 2009)
- Hawkes et al. (2011) The Trans-Himalayan flights of bar-headed geese (Anser indicus)
তথ্যসূত্ৰ
- ↑ Than, Ker. Highest Flying Bird Found; Can Scale Himalaya: The Bar-headed Goose Can Reach Nearly 21,120 Feet, New Study Shows. National Geographic News date=June 10, 2011. National Geographic Society
- ↑ Swan, L. W. (1961). The Ecology of the High Himalayas. Scientific American. পৃ. 68–78
- ↑ Takekawa, J. Y.; Heath, S. R.; Douglas, D. C. (2009). Geographic Variation in Bar-headed Geese Anser Indicus: Connectivity of Wintering Areas and Breeding Grounds Across a Broad Front. Wildfowl. পৃ. 100–123
- ↑ Koppen; Yakovlev, A. P.; Barth, R. (2010). Seasonal Migrations of Four Individual Bar-headed Geese Anser indicus from Kyrgyzstan Followed by Satellite Telemetry. Journal of Ornithology. পৃ. 703–712
- ↑ Weigmann, C.; Lamprecht, J. (1991). Intraspecific Nest Parasitism in Bar-headed Geese, Anser indicus'. Animal Behaviour''. পৃ. 677–688
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধৃতিৰাজ” প্ৰবন্ধৰ সংশোধন ৬২৪৩৬১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।