ডায়েটম (লেটিন tém-n-ō ৰ পৰা, “I cut” বা “দুটা ভাগত বিভক্ত“) সাগৰ, অন্য জলউৎস আৰু মাটিত পোৱা এবিধ ক্ষুদ্ৰ এককোষী জীৱ শেলাই। ই ফাইট'প্লেংকটনৰ প্ৰধান প্ৰকাৰ। ডায়েটমে পৃথিৱীত প্ৰতি বছৰে প্ৰস্তুত অম্লজান]ৰ প্ৰায় ২০% উৎপন্ন কৰে।১ জীৱিত ডায়েটমৰ সংখ্যা এহেজাৰ কোটিৰো বেছি। সাগৰত পোৱা জৈৱিক দ্ৰব্যৰ আধাৰো বেছি ডায়েটেমেৰে গঠিত। মৃত ডায়েটমৰ খোলা সাগৰতলীৰ আধা মাইললৈকে বিস্তৃত হ'ব পাৰে। খাদ্য শৃংখলত ডায়েটম স্বয়ংপোষিত (Autotroph) জীৱ। চকুত লগা সজ্জা আৰু সামঞ্জস্যৰ বাবে ইয়াক 'সাগৰৰ মুকুতা' বুলিও অভিহিত কৰা হয়।২
ডায়েটমৰ এটা অদ্বিতীয় বৈশিষ্ট্য হৈছে ইয়াৰ কোষ বেৰ চিলিকাৰে (হাইড্ৰেটেড চিলিকন ডাইঅক্সাইড) গঠিত। ইয়াক ফ্ৰাষ্টিউল (frustule) বোলা হয়।৩ ফ্ৰাষ্টিউলৰ ৰূপ ভিন ভিন হ'ব পাৰে, কিন্তু সাধাৰণতে দ্বিমুখী সামঞ্জস্য দেখা যায়। ইয়াৰ নামৰ উৎপত্তিও সেয়েই। এটা ফালৰ ভাল্ভ আনটো অংশতকৈ সামান্য ডাঙৰ বাবে এই সামঞ্জস্য নিখুঁত নহয়। ডায়েটমৰ পুৰুষ জননকোষৰহে ফ্লেজেলা থাকে।
ফচিলৰ পৰা গম পোৱা গৈছে যে প্ৰাৰম্ভিক জুৰাচিক যুগৰ সময়ত বা আগতেই ডায়েটমৰ উৎপত্তি হৈছিল। ১৭৮৩ চনত ডেনিচ প্ৰকৃতিবিদ অট' ফ্ৰেডেৰিক মুলাৰৰ বৈজ্ঞানিক বিৱৰণত Bacillaria paxillifer নামেৰে ডায়েটমৰ প্ৰথম উল্লেখ পোৱা যায়।
পানীৰ মানৰ গুণাগুণ চোৱাকে ধৰি পৰিবেশ পৰীক্ষণত ডায়েটেম এক জনপ্ৰিয় আহিলা। ডায়েটমৰ খোলা গুৰি কৰি diatomaceous earth (diatomite) নামৰ পদাৰ্থ তৈয়াৰ কৰা হয়। ইয়াক পানী পৰিস্ৰাৱন, মসৃণ কৰা বস্তু (mild abrasive), ডায়নামাইট ষ্টেবিলাইজাৰ আদি কামত ব্যৱহাৰ কৰা হয়।
বাহ্যিক সংযোগ
- Catalogue of Diatom Names, California Academy of Sciences
- Diatom Genome, Joint Genome Institute
- Diatom EST database, École Normale Supérieure
- Plankton*Net, taxonomic database including images of diatom species
- Life History and Ecology of Diatoms, University of California Museum of Paleontology
- Diatoms: 'Nature's Marbles', Eureka site, University of Bergen
- Diatom life history and ecology, Microfossil Image Recovery and Circulation for Learning and Education (MIRACLE), University College London
- Diatom page, Royal Botanic Garden Edinburgh
- Geometry and Pattern in Nature 3: The holes in radiolarian and diatom tests
- Diatom QuickFacts, Monterey Bay Aquarium Research Institute
- Algae image database Academy of Natural Sciences of Philadelphia (ANSP)
- Diatom taxa Academy of Natural Sciences of Philadelphia (ANSP)
তথ্যসূত্ৰ
- ↑ The Air You're Breathing? A Diatom Made That
- ↑ Hoiberg Dale H. (Editor). (2013). Britannica Reference Encyclopedia. Britannica Encyclopaedia Inc. পৃ. 199
- ↑ More on Diatoms. University of California Museum of Paleontology
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডায়েটম” প্ৰবন্ধৰ সংশোধন ৫০৭৫৮১ (১১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।