প্ৰকৃতি আৰু পৰিৱেশ
উদ্ভিদ, প্ৰাণী, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ-বৈচিত্ৰ্য · ১,০১২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মধুৰিআম
মধুৰিআম (Guava) হৈছে বহুতো ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলত উৎপাদিত এবিধ ক্ৰান্তীয় ফল। সাধাৰণ মধুৰিআম ছাইডিয়াম গুৱাজাভা (নেমু মধুৰিআম, আপেল মধুৰিআম) হৈছে মৰ্টেল পৰিয়ালৰ (মাইৰ্টেচিয়া) অন্তৰ্গত এটি সৰু বৃক্ষ। ই মেক্সিকো, মধ্য আমেৰিকা, কেৰিবিয়ান আৰু উত্তৰ দক্ষিণ আমেৰিকাৰ এটি স্থানীয় উদ্ভিদ।
-
মুচি গেন্দেৰা
মুচি গেন্দেৰা(Small Indian Civet, বৈজ্ঞানিক নামঃ Viverra zibetha) দক্ষিণ আৰু দক্ষিণ পূৱ এছিয়াত পোৱা এবিধ জন্তু। ইয়াৰ ব্যাপক বিতৰণ, ব্যাপক বিচৰণক্ষেত্ৰৰ ব্যৱহাৰ আৰু ইয়াৰ বিচৰণক্ষেত্ৰত অন্তৰ্ভুক্ত বহুতো ৰাজ্যৰ কৃষি আৰু গৌণ প্ৰাকৃতিক পৰিৱেশত বাস কৰা সুস্থ সংখ্যাৰ বাবে ইয়াক আই ইউ চি এন ৰঙা তালিকাত…
-
মৌপিয়া
মৌপিয়া (Crimson Sunbird, বৈজ্ঞানিক নাম-Aethopyga siparaja) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই ঘাইকৈ ফুলৰ ৰস খায় বাবে ইয়াক মৌপিয়া বুলি কোৱা হয়৷ অৱশ্যে প্ৰজনন কালত ই পোক-পতংগও খোৱা দেখা যায়৷ ই চিংগাপুৰৰ ৰাষ্ট্ৰীয় চৰাই৷
-
মৌলিং ৰাষ্ট্ৰীয় উদ্যান
মৌলিং ৰাষ্ট্ৰীয় উদ্যান (Mouling National Park ) হৈছে ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান, মূলতঃ উজনি ছিয়াং জিলা আৰু পশ্চিম ছিয়াং জিলা আৰু পূব ছিয়াং জিলাৰ কিছু অংশত অৱস্থিত। ১৯৭২ চনত নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ পিছত ৰাজ্যখনত সৃষ্টি হোৱা দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান আছিল।
-
শঁকা সাপ
শঁকা সাপ বা শংখচূড় (Banded Krait, বৈজ্ঞানিক নাম: Bungarus fasciatus) ভাৰত উপ-মহাদেশ আৰু দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ সাপৰ প্ৰজাতি৷ ২.১ মিটাৰ পৰ্যন্ত দৈৰ্ঘ্যৰে ই আটাইতকৈ দীঘল সাপবোৰৰ ভিতৰতো অন্যতম৷
-
সংৰক্ষিত বনাঞ্চল
ভাৰতত সংৰক্ষিত বনাঞ্চল হৈছে নিৰ্দিষ্ট মাত্ৰাৰ সুৰক্ষা প্ৰদান কৰা অৰণ্য। ব্ৰিটিছ ৰাজৰ সময়ত ভাৰতীয় বন আইন, ১৯২৭ত ব্ৰিটিছ ভাৰতত ব্ৰিটিছ মুকুটৰ অধীনত সুৰক্ষা প্ৰদান কৰা বনাঞ্চলসমূহক বুজাবলৈ এই ধাৰণাটো প্ৰৱৰ্তন কৰা হৈছিল, কিন্তু ইয়াৰ লগত জড়িত আধিপত্যসমূহ নহয়।
-
সখিয়তী
সখিয়তী বা পাটমাদৈ(Black-hooded Oriole, বৈজ্ঞানিক নাম-Oriolus xanthornus) 'Oriole' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি৷ ই বিষুৱীয় অঞ্চলৰ দক্ষিণ এছিয়াৰ ভাৰতৰ পৰা শ্ৰীলংকা, ইণ্ডোনেছিয়া পৰ্যন্ত স্থানীয়ভাৱে প্ৰজনন কৰে৷
-
সেউতী ফুল
সেউতী হৈছে গোলাপৰ এটা প্ৰজাতি। ইয়াক ইংৰাজীত মাস্ক ৰ’জ (musk rose), বুলি কয়। হিমালয়ৰ বনাঞ্চলত ইয়াৰ আদি প্ৰজাতি পোৱা গৈছিল বুলি অনুমান কৰা হয়। নেপালী ভাষাত ইয়াক কস্তুৰী গুলাব বুলি কোৱা হয়।
-
সোণ বাঢ়ৈটোকা
সোণ বাঢ়ৈটোকা (Black-rumped Flameback, বৈজ্ঞানিক নাম-Dinopium benghalense) ভাৰত উপমহাদেশত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ বাঢ়ৈটোকা চৰাইৰ প্ৰজাতি৷ নগৰ অঞ্চলতো দেখা পোৱা বাঢ়ৈটোকাৰ প্ৰজাতিসমূহৰ ভিতৰত ই উল্লেখযোগ্য৷ ইয়াৰ প্ৰধান বৈশিষ্ট্যপূৰ্ণ বিশেষত্ব হৈছে 'rattling-whinnying' ধৰণৰ বিশেষ ধৰণৰ মাত আৰু…
-
সোণালী শিয়াল
সোণালী শিয়াল (Canis aureus), যাক সাধাৰণ শিয়াল বুলিও কোৱা হয়, ইউৰেছিয়াৰ স্থানীয় পহুৰ দৰে জন্তু। সোণালী শিয়ালৰ গাৰ ৰং গৰমৰ দিনত শেঁতা ক্ৰীম হালধীয়াৰ পৰা শীতকালত গাঢ় শুকান ঘাহৰ ৰঙলৈকে ভিন্ন হয়।
-
স্পঞ্জ
পৰিফেৰা (:Porifera) যাৰ সাধাৰণ নাম স্পঞ্জ (:Sponge) হৈছে এবিধ বহুকোষী প্ৰাণী। স্পঞ্জ বা পৰিফেৰা হৈছে প্ৰাণী ৰাজ্যৰ এটা পৰ্ব (phylum)। ইহঁত সাধাৰণতে সামুদ্ৰিক আৰু অপ্ৰতিসম (asymmetrical) প্ৰাণী। ইহঁত আদিম বহুকোষী প্ৰাণী। লেটিন শব্দ Porus অৰ্থ ছিদ্ৰ আৰু Ferre অৰ্থ বহন কৰা।
-
স্বাস্থ্যকৰ পৰিৱেশৰ অধিকাৰ
স্বাস্থ্যকৰ পৰিৱেশৰ অধিকাৰ (Right to a healthy environment) বা বহনক্ষম আৰু স্বাস্থ্যকৰ পৰিৱেশৰ অধিকাৰ হৈছে মানৱ অধিকাৰ সংগঠন আৰু পৰিৱেশ সংগঠনবোৰে মানৱ স্বাস্থ্য প্ৰদান কৰা পাৰিপাৰ্শ্বিক প্ৰণালীবোৰ সুৰক্ষিত কৰাৰ বাবে সমৰ্থন কৰা এক মানৱ অধিকাৰ।
-
সৰু ক'লা শংখচূড় সাপ
সৰু ক'লা শংখচূড় সাপ (বৈজ্ঞানিক নাম:Bungarus lividus) বা লেছাৰ ব্লেক ক্ৰেইট ভাৰত, বাংলাদেশ আৰু নেপালত পোৱা ইলাপিডি (Elapidae) পৰিয়ালৰ অন্তৰ্গত এবিধ বিষধৰ সাপৰ প্ৰজাতি।
-
ৰাজ ভাটৌ
ৰাজ ভাটৌ ( 'Alexandrine Parakeet, বৈজ্ঞানিক নাম-Psittacula eupatria) চ্চিটাচিফৰমিছ (psittaciformes) বৰ্গ আৰু চ্চিত্তাকুলিডি (Psittaculidae) পৰিয়ালৰ অন্তৰ্ভুক্ত এটা ভাটৌৰ প্ৰজাতি।
-
ৰাজধনেশ
ৰাজধনেশ বা বৰ ধনেশ (Buceros bicornis) ধনেশ পক্ষী পৰিয়ালৰ এটা ডাঙৰ চৰাই। ইয়াক ইংৰাজীত 'গ্ৰেট হৰ্ণবিল' (Great hornbill) বুলি জনা যায়। এই চৰাইবিধ ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াত পোৱা যায়। ই মূলতঃ ফল-মূল খায়। ইয়াৰ উপৰি ই সৰু স্তন্যপায়ী প্ৰাণী, সৰীসৃপ আৰু সৰু চৰাই চিকাৰ কৰে।
-
ৰামপৰা
ৰামপৰা (Brown-headed Gull, বৈজ্ঞানিক নমা-Chroicocephalus brunnicephalus)এবিধ মজলীয়া আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ ই মধ্য এছিয়াৰ তুৰ্কমেনিস্তানৰ পৰা মংগোলীয়া পৰ্যন্ত প্ৰজনন কৰে বুলি জনা যায়৷
-
অসমৰ বনৌষধি
অসমৰ হাবি-বন, বাৰী আদিতো নানা ধৰণৰ বনৌষধি পোৱা যায়। প্ৰাথমিক চিকিৎসা হিচাপে অসমৰ বিভিন্ন স্থানৰ মানুহ, এই বনৌষধি বিলাকৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। বনৌষধি সমূহৰ পাৰ্শ্বক্ৰিয়া কম। পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধিযুক্ত।
-
আমচোং অভয়াৰণ্য
আমচোং অভয়াৰণ্য (Amchang Wildlife Sanctuary) অসমৰ কামৰূপ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। আমচোং নামটোৰ উৎপত্তি অভয়াৰণ্যৰ মাজতে থকা কাৰ্বি গাঁও আমচেং (বৰ্তমান আমচিং) গাঁওখনৰ নামৰ আধাৰত নামকৰণ কৰা হৈছে৷ ই পূব-কামৰূপ বনবিভাগৰ অন্তৰ্গত।
-
ইৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যান
ইৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কেৰালা ৰাজ্যৰ পশ্চিমঘাট পৰ্বতমালাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই কেৰালাৰ ইডুক্কি আৰু এৰ্নাকুলাম জিলা জুৰি বিস্তৃত হৈ আছে। ইয়াৰ মুঠ মাটি-কালি ৯৭ বৰ্গ কিলোমিটাৰ। এইখন কেৰালাৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। ১৯৭৮ চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।
-
উকাহ
উকাহ (Grey-headed Fish Eagle, বৈজ্ঞানিক নাম-Ichthyophaga ichthyaetus) এবিধ ঈগল জাতীয় মাংসভোজী চৰাইৰ প্ৰজাতি। অন্যান্য ঈগলৰ প্ৰজাতি সমূহৰ দৰেই ইয়ো Accipitridae পৰিয়ালৰ অন্তৰ্ভুক্ত।
-
উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ
উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ (Northern pig-tailed macaque; বৈজ্ঞানিক নামঃ Macaca leonina) হ'ল চেৰকোপিথেচিডে উপপৰিয়ালৰ এক স্পৰ্শকাতৰ প্ৰজাতি। বাংলাদেশ, কম্বোডিয়া, চীন, ভাৰত, লাওছ, ম্যানমাৰ, থাইলেণ্ড, আৰু ভিয়েটনামত ইয়াক পোৱা যায়। পৰম্পৰাগতভাৱে এম.লিওনিনাক দক্ষিণৰ গাহৰি-নেজীয়া বান্দৰ (M.
-
ওলকচু
ওলকচু (Elephant foot yam or Elephant yam, বৈজ্ঞানিক নাম = Amorphophallus spp.) ( পৰিয়াল, Equisetopsida গোত্ৰ, Araceae) গোটেই বিশ্বত ওলকচুৰ ১৭৬ টাতকৈ বেছি প্ৰজাতি পোৱা যায়।
-
ওৰাঙোটাং
ওৰাঙোটাং (Orangutan) পংগ (Pongo) গণৰ নেজ নথকা এবিধ প্ৰাইমেট। ইহঁতৰ গাৰ নোম ৰঙা আৰু মটীয়া। পৃথিৱীত মাথোঁ দুটা প্ৰজাতিৰ ওৰাঙোটাং পোৱা যায়। ইহঁত দক্ষিণ-পূব এছিয়াৰ দক্ষিণৰ বনাঞ্চলত থাকে। আজিকালি ওৰাঙোটাঙৰ সংখ্যা খুব কম। জনসংখ্যা বাঢ়ি থকাত হাবি-জংঘল নাইকিয়া হৈ অহাই ইয়াৰ ঘাই কাৰণ।
-
কপিলী ফল্ট
কপিলী ফল্ট এটা টেকটনিক ফল্ট। টেকটনিক প্লেটৰ এই ফাঁটটো ভাৰতীয় প্লেটখন ইউৰেচীয়ান প্লেটখনৰ তললৈ সোমাই যোৱাৰ ফলত সৃষ্টি হৈছে। মণিপুৰৰ পৰা আৰম্ভ কৰি অসম-অৰুণাচল-ভূটানৰ সীমান্তৰ সংযোগলৈকে বিস্তৃত ৩০০ কি.মি. দীঘল আৰু ৫০ কি.মি.
-
কমলা-বুকুৰ হাইঠা
কমলা-বুকুৰ হাইঠা, (Orange-breasted Green Pigeon, বৈজ্ঞানিক নাম-Treron bicinctus) এবিধ পাৰজাতীয় চৰাইৰ প্ৰজাতি৷ ইয়াক ঘাইকৈ এছিয়াত দেখা পোৱা যায়৷ ই সৰু আকাৰৰ ফল-মূল আদি খাই জীয়াই থাকে৷
-
কাকৈশিৰা
কাকৈশিৰা বা গোবৰ খোচৰা(Hoopoe;; বৈজ্ঞানিক নাম: Upupa epops) এবিধ ৰংচঙীয়া মধ্যমীয়া আকাৰৰ চৰাই। মূৰত মুকুট সদৃশ পাখিৰ থোপা ইয়াৰ অন্যতম আকৰ্ষণীয় বৈশিষ্ট্য। ই Upupidae পৰিয়ালৰ দেখা পোৱা একমাত্ৰ প্ৰজাতি। ৰ'দত ইহঁতে পাখিমেলি ৰ'দ লোৱা (sunbathe) দেখা যায়।
-
কাঠনি বোৱাৰী
কাঠনি বোৱাৰী ( Red-headed Trogon), কাঠনি বোৱাৰী বা ৰঙামূৰীয়া ট্ৰোগন ট্ৰোগনিডি গোত্ৰ বা পৰিয়ালৰ অন্তৰ্গত হাৰ্পাক্টিস গণৰ সুন্দৰ, জুইৰঙী এটি চৰাই। কাঠনি ৱোৱাৰীৰ বৈজ্ঞানিক নামৰ অৰ্থ ৰঙামূৰীয়া ফলচোৰ (গ্ৰিক: harpactes = ফলচোৰ; eruthro = ৰঙা; kephalos = মূৰ)।
-
কুৰুৱা
কুৰুৱা (Pallas's Fish Eagle, বৈজ্ঞানিক নাম-Haliaeetus leucoryphus)), এবিধ ডাঙৰ আকাৰৰ শেন চৰাই৷ ইয়াৰ দেহ মটীয়া বৰণৰ৷ শৰাইঘাট অভিধানত কুৰুৱা-ক osprey (Pandion haliaetus) বুলি উল্লেখ কৰিছে ।
-
কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান
কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান ( Keibul Lamjao National Park ) হৈছে উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ বিষ্ণুপুৰ জিলাৰ এখন ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ আয়তন ৪০ কিলোমিটাৰ (১৫.৪ বৰ্গমাইল) বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যান আৰু লোকটক হ্ৰদৰ অবিচ্ছেদ্য অংশ।
-
কৰ্জা টেঙা
কৰ্জা টেঙা (বৈজ্ঞানিক নাম: Carissa carandas, Karmarda, Karanja, Karunda, Indian currant, Natal plum, Karunda or Christ's thorn, টাই-আহোম ভাষাত Mak-chum-karja) এজোপা জোপোহাজাতীয় চিৰসেউজ গছ। ইয়াৰ ফল সামান্য দীঘলীয়া আৰু টেঙা, পাতবোৰৰ দাঁতিত দুটা কাঁইট থাকে।