খলিহনা (banded gourami, striped gourami, বৈজ্ঞানিক নাম:Trichogaster fasciata) বিষুৱীয় অঞ্চলত পোৱা এবিধ মাছ। এই মাছবিধ এচিয়াৰ বিভিন্ন দেশ যেনে বাংলাদেশ, পূব-ভাৰত, উত্তৰ-পূব ভাৰত, নেপাল, ম্যানমাৰৰ উজনি অঞ্চল, চীন আৰু পাকিস্তানত পোৱা যায়।১
আকৃতি-প্ৰকৃতি
খলিহনা মাছৰ দেহটো দীঘলীয়া আৰু সংকোচিত। মুখখন সৰু আৰু অলপ বাহিৰলৈ ওলোৱা ধৰণৰ। শৰীৰৰ ৰং সেউজীয়া আৰু পিঠিৰ পৰা পায়ুপথলৈকে হেলনীয়া কমলা বা নীলা ৰঙৰ ৰেখা থাকে।২ এই প্ৰজাতিৰ মাছৰ মুঠ আয়ুসকাল প্ৰায় ৪ বছৰ। ইহঁতৰ জীৱনৰ তিনিটা সুকীয়া পৰ্যায় আছে: পোনা মেলাৰ পূৰ্বে (জানুৱাৰী–মাৰ্চ), পোনা মেলা (এপ্ৰিল–আগষ্ট) আৰু পোনা মেলাৰ পিছত (ছেপ্টেম্বৰ–ডিচেম্বৰ)। ১ বছৰ বয়সত ইহঁতে যৌন পৰিপক্বতা লাভ কৰে। মতা আৰু মাইকী মাছৰ মুঠ দৈৰ্ঘ্য ক্ৰমে প্ৰায় ১০ চে.মি. আৰু ৬–৮ চে.মি.। সাধাৰণতে মতাবোৰৰ আকাৰ মাইকীবোৰতকৈ অলপ ডাঙৰ হয়।২ ই অপতৃণযুক্ত পৰিৱেশ৩ যেনে মোহনা, পুখুৰী, বৃহৎ নদী, খাৱৈ, হ্ৰদ৪৫আৰু ধাননি পথাৰ পছন্দ কৰে।৪ এই প্ৰজাতিটো ইয়াৰ সুস্বাদু সোৱাদ, পুষ্টিৰ ক্ষেত্ৰত অৰিহণা আৰু একুৰিয়ামৰ মাছ হিচাপে ইয়াৰ আলংকাৰিক মূল্যৰ বাবে জনপ্ৰিয়।৬মাছবিধৰ স্বকীয় ৰঙৰ বাবে জাৰ্মানী, হংকং, জাপান, মালয়েছিয়া, কোৰিয়া ৰিপাব্লিক, ছিংগাপুৰ, টাইৱান, থাইলেণ্ড আৰু আমেৰিকালৈ ইয়াক ৰপ্তানি কৰা হৈছে।৭ পূৰ্বতে এই প্ৰজাতিটো মিঠা পানীৰ পুখুৰী, পুখুৰী, খাৱৈ, জলাশয়, নদী, গছ-গছনি থকা হ্ৰদ আদিত সহজে উপলব্ধ আছিল যদিও বিভিন্ন মানৱসৃষ্ট চাপৰ বাবে এই মাছবিধৰ প্ৰাকৃতিক উৎস দ্ৰুতগতিত হ্ৰাস পাইছে।৮
তথ্যসূত্ৰ
- ↑ Sumon, K.A. (2017). Acute toxicity of chlorpyrifos to embryo and larvae of banded gourami Trichogaster fasciata. Journal of Environmental Science and Health, Part B. পৃ. 92–98
- ↑ Mitra, K. (2007). Biology and fishery of banded gourami, Colisa fasciata (Bloch and Schneider 1801) in a floodplain wetland of Ganga river basin. Asian Fisheries Science. পৃ. 409–423
- ↑ Menon, A.G.K. (1999). Check list - fresh water fishes of India. Zoological Survey of India. পৃ. 366
- ↑ Vishwanath, W. (2010). Trichogaster fasciata. পৃ. e.T166485A6219165
- ↑ Talwar, P.K.; Jhingran, A.G. (1991). Inland fishes of India and adjacent countries. A.A. Balkema
- ↑ Goodwin, D. (2003). The practical aquarium fish handbook. Sterling Publishing Company
- ↑ Sugunan, V.V. (2002). Ornamental fishes of West Bengal. Classic Printers
- ↑ Hossen, M.S. (2014). Effects of polyunsaturated fatty acids (PUFAs) on gonadal maturation and spawning of striped gourami, Colisa fasciatus.. International Aquatic Research. পৃ. 65
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খলিহনা মাছ” প্ৰবন্ধৰ সংশোধন ৬৩১৮৬৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।