ঢোঁৰা সাপ (checkered keelback বা Asiatic water snake, বৈজ্ঞানিক নাম-Xenochrophis piscator) এছিয়া মহাদেশত বিস্তৃত হৈ থকা এবিধ বিহ নথকা (non venomous) সাপৰ প্ৰজাতি।
বিৱৰণ

ঢোঁৰা সাপৰ চকুযোৰ তুলনামূলক ভাবে যথেষ্ট সৰু। ইয়াৰ গাৰ বাকলিবোৰ ১৯টা শাৰীত সজ্জিত হৈ থাকে। ইয়াৰ গাৰ বৰণ ঠাইবিশেষে বেলেগ বেলেগ হ'ব পাৰে। সমগ্ৰ দেহটোত কিছুমান গাঢ় ৰঙৰ ফোঁট থাকে। দেহটো দেখাত হালধীয়া বৰণৰ হয়। ১
বাসস্থান
ঢোঁৰা সাপ ঘাইকৈ পুখুৰী বা নৈৰ আশে পাশে দেখিবলৈ পোৱা যায়। ই সাধাৰণতে সৰু মাছ আৰু পানী ভেকুলী আদি খাই জীয়াই থাকে।
বিতৰণ
ঢোঁৰা সাপ প্ৰধানকৈ আফগানিস্তান, বাংলাদেশ, পাকিস্তান, শ্ৰীলংকা, ভাৰত, ম্যানমাৰ, থাইলেণ্ড, লাওছ, ভিয়েটনাম, পশ্চিম মালয়েছিয়া, চীন, টাইৱান আৰু ইন্দোনেছিয়া আদি দেশত বিস্তৃত হৈ আছে।
প্ৰকাৰ
- X. p. melanzostus: Indonesia (Borneo [?], Java, Sulawesi [?]; Sumatra), India (Andaman and Nicobar Islands)
- X. p. piscator (Schneider, 1799): Bangladesh, Bhutan, India, Myanmar, Pakistan, People's Republic of China (including Hainan), Sri Lanka, Taiwan, and Thailand
লগতে চাওক
- Dutt, Kalma 1970 Chromosome Variation in Two Populations of Xenochrophis piscator Schn. from North and South India (Serpentes, Colubridae). Cytologia 35: pp. 455–464
- Schneider, J. G., 1799 Historiae Amphibiorum narturalis et literariae. Fasciculus primus, continens Ranas. Calamitas, Bufones, Salamandras et Hydros. Jena, 266 S.
তথ্যসূত্ৰ
- ↑ Boulenger, G.A. (1890) Fauna of British India. Reptilia and Batrachia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঢোঁৰা সাপ” প্ৰবন্ধৰ সংশোধন ২৩৫০৮৫ (৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।