চীনা বনৰৌ (Chinese pangolin; বৈজ্ঞানিক নামঃ Manis pentadactyla) উত্তৰ ভাৰতীয় উপমহাদেশ, দক্ষিণ-পূব এছিয়াৰ উত্তৰ অংশ আৰু দক্ষিণ চীনৰ স্থানীয় প্ৰাণী। ইয়াক ২০১৪ চনৰ পৰা আই.ইউ.চি.এন.ৰ ৰঙা তালিকাত গুৰুতৰভাৱে বিপন্ন প্ৰাণী হিচাপে তালিকাভুক্ত কৰা হৈছে। চীনা বনৰৌৰ তিনিটা প্ৰজন্মত বন্য সংখ্যা ৮০%তকৈ অধিক হ্ৰাস পোৱা বুলি অনুমান কৰা হৈছে, যিটো ২১ বছৰৰ সমান। অবৈধ বন্যপ্ৰাণী ব্যৱসায়ৰ বাবে হোৱা চোৰাং চিকাৰৰ ফলত ই ভাবুকিৰ সন্মুখীন হৈছে।
বৈশিষ্ট্যসমূহ

]]
চীনা বনৰৌৰ ৰূপটো বাকলি থকা এণ্টিয়েটাৰৰ দৰে। ইয়াৰ বাকলিবোৰ সাধাৰণতে ধূসৰ-নীলা ৰঙৰ। ইয়াৰ মূৰ আৰু শৰীৰৰ জোখ প্ৰায় ৪০-৫৮ ছে. মি. (১৬-২৩ ইঞ্চি) আৰু ইয়াৰ নেজৰ দৈৰ্ঘ্য প্ৰায় ২৫-৩৮ ছে. মি. (৯.৮-১৫ ইঞ্চি)।১ এটা পৰিপক্ব চীনা বনৰৌৰ ওজন ২ৰ পৰা ৭ কিলোগ্ৰাম (৪.৪ পাউণ্ডৰ পৰা ১৫.৪ পাউণ্ড)। ইয়াৰ শৰীৰত নোমৰ সহিত ১৮ শাৰীৰ খলপা-খলপ বাকলি আছে, স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত ই এক বিৰল সংমিশ্ৰণ। ইয়াৰ মুখ সৰু, ঠেক আৰু মূৰ অলপ তীক্ষ্ণ। বয়স বাঢ়ি যোৱাৰ লগে লগে ইয়াৰ নখবোৰ ডাঙৰ হয়। মাইকী চীনা বনৰৌৱে এবাৰত এটা পোৱালি জন্ম দিয়ে।
এটা নৱজাতক বনৰৌৰ ওজন প্ৰায় ৯৩ গ্ৰাম (৩.৩আউন্স) আৰু দৈৰ্ঘ্য প্ৰায় ৪৫ ছেঃমিঃ (১৮ ইঞ্চি)। চীনা বনৰৌৱে এপ্ৰিল আৰু মে' মাহত বতৰ গৰম হ'লে প্ৰজনন কৰে। সন্তান কোমল বাকলিৰ সৈতে জন্ম হয় আৰু দুদিনৰ পিছত কঠিন হৈ পৰে। যদিও পোৱালি বনৰৌৱে জন্মৰ দিনাই খোজ কাঢ়িব পাৰে তথাপি মাকে তাক পিঠি বা নেজৰ ওপৰত তুলি নিয়ে।২ মাকে বিপদ অনুভৱ কৰিলে লগে লগে নেজৰ সহায়ত সন্তানক পেটত তলত সুমুৱাই দিয়ে। মতা বনৰৌবোৰে মাইকী বনৰৌ আৰু তাইৰ সন্তানক মতাটোৰ আশ্ৰয়ৰ গাঁতটো ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া দেখা যায়৷
শ্ৰেণীবিন্যাস
কাৰ্ল লিনিয়াছে চীনা বনৰৌৰ বাবে ১৭৫৮ চনত প্ৰস্তাৱ কৰা বৈজ্ঞানিক নাম আছিল মেনিছ পেণ্টাডেক্টিলা। ঊনবিংশ আৰু কুৰি শতিকাত কেইবাটাও চীনা বনৰৌৰ নমুনা সংগ্ৰহ কৰি সেইবোৰ বৰ্ণনা কৰা হৈছিলঃ
- মেনিস পেণ্টাডেক্টিলা অ'ৰিটাছ (১৮৩৬ চনত ব্ৰায়ান হ'টন হজছনৰ দ্বাৰা) মূল এছিয়াৰ পৰা৩৪
- মেনিছ পেণ্টাডেক্টিলা পেণ্টাডেকটিলা (১৭৫৮-ত লিনাইউছৰ দ্বাৰা) ৩৪
- মেনিস পেণ্টাডেক্টিলা পুসিলা (১৯০৬ চনত জোয়েল আছফ এলেন দ্বাৰা) হাইনানৰ পৰা৩৪
বিতৰণ আৰু বাসস্থান
চীনা বনৰৌ দক্ষিণ নেপাল, উত্তৰ-পূব ভাৰত, ভূটান, বাংলাদেশ, ম্যানমাৰ, উত্তৰ ইণ্ডোচীন, হাইনান দ্বীপকে ধৰি দক্ষিণ চীন আৰু টাইৱানৰ বেছিভাগ অঞ্চলৰ স্থানীয় প্ৰাণী। ইয়াক ৩,০০০ মিটাৰ (৯,৮০০ ফুট ) উচ্চতালৈকে বিচৰণ কৰাৰ তথ্য লিপিৱদ্ধ কৰা হৈছে। পূৰ্বতে ইয়াৰ বিস্তৃতি অঞ্চল সমগ্ৰ য়াংজি নদীৰ দক্ষিণে থকা প্ৰদেশসমূহৰ লগতে দক্ষিণ চিচুয়ান, য়াংজে নদীৰ উত্তৰ, উত্তৰ-পূব চংকিং, উত্তৰ-পশ্চিম হুবেই আৰু দক্ষিণ-পশ্চিম হেনান প্ৰদেশত আছিল।৪ বৰ্তমান চীনৰ মূল ভূখণ্ডৰ ইউনান, হাইনান, গুয়াংছি, গুয়াংডং, হুনান, চংকিং, ফুজিয়ান, জিয়াংছি, ঝেজিয়াং আৰু আনহুই প্ৰদেশত ইয়াক পোৱাটো নিশ্চিত।৪ ই প্ৰাথমিক আৰু গৌণ ক্ৰান্তীয় অৰণ্য, বাঁহৰ অৰণ্য, চূণশিলৰ অৰণ্য, বহল পাতৰ অৰণ্য, শঙ্কুযুক্ত অৰণ্য, কৃষিক্ষেত্ৰ আৰু ঘাঁহনি অঞ্চলত বাস কৰে।৫
আচৰণ আৰু পৰিৱেশ
চীনা বনৰৌ হ'ল একেবাৰে গোপনে থাকিব বিচৰা এক নিশাচৰ প্ৰাণী৷ ই লাহে লাহে গতি কৰে। ইয়াৰ শৰীৰৰ কঠিন বাকলিবোৰে ইয়াক শত্ৰুৰ পৰা সুৰক্ষা দিয়ে আৰু ই যেতিয়া বিপদ অনুভৱ কৰে তেতিয়া এটা বললৈ ই ৰূপান্তৰিত হয় (′ভোলভেচন')।৬
আহাৰ

চীনা বনৰৌৱে প্ৰধানকৈ পোক-পতংগ, বিশেষকৈ উঁইপৰুৱা আৰু পৰুৱা খায়। ই ইয়াৰ ডাঙৰ-দীঘল নখ আৰু আগ তলুৱাৰে পৰুৱাৰ বাহ আৰু উঁই হাফলু খান্দে আৰু ইয়াৰ দীঘল, আঠাযুক্ত জিভাৰে পোক-পতংগ ভক্ষণ কৰে। চীনা বনৰৌৱে মাটিত দীঘল গাঁত খান্দে, এই গাঁত ইহঁতে শুবলৈ আৰু উঁইপৰুৱা চিকাৰ কৰিবলৈ ব্যৱহাৰ কৰে।৭
২০১৩ চনৰ ২৪ নৱেম্বৰত হংকঙত কুকুৰে হত্যা কৰা এটা বন্য কিশোৰ বনৰৌৰ অন্ত্ৰত মাত্ৰ ২৫,৮০৩টা পৰুৱা আৰু ৮১২টা উঁইপৰুৱা পোৱা গৈছিল। ই ৬টা গণৰ আৰু ৯বিধ প্ৰজাতিক প্ৰতিনিধিত্ব কৰিছিল। প্ৰজাতি হিচাপে পৰুৱা ইহঁতৰ মুখ্য খাদ্যৰ উৎস; ৮টা প্ৰজাতিৰে ইয়াৰ প্ৰাচুৰ্য্য ৯৭%, আৰু জৈৱবস্তু ৯৮% প্ৰতিনিধিত্ব কৰে; আটাইতকৈ প্ৰচুৰৰ প্ৰজাতি হৈছে কেম্পোনাটাছ নিক'বাৰেঞ্চিছ, পলিৰাচিছ টাইৰেনিকা, আৰু ক্ৰেমেটোগাষ্টাৰ ডোহৰনি। ৮ আক্ৰমণাত্মক হালধীয়া উন্মাদ পৰুৱাও পেটত পোৱা গৈছিল, এইবিধ পৰুৱা সাধাৰণতে মানুহৰ বসতি অঞ্চল আৰু অৰণ্যৰ সমীপৱৰ্তী অৱৰোধহীন অৰণ্যত পোৱা যায়। এই বনৰৌটোৱে বনাঞ্চলৰ প্ৰান্তত খাদ্য সন্ধান কৰিছিল, চিকাৰ কৰিবলৈ ভালপোৱা গ্ৰাম্য জনসংখ্যাৰ ভিৰৰ য'ত বিঘিনি-এৰাই চলাৰ আচৰণ আশা কৰা অসম্ভৱ৷৮৯
ইয়াক নিৰ্দিষ্ট আহাৰৰ বাবে বন্দী অৱস্থাত উপযুক্ত খাদ্য প্ৰদান কৰাটো কঠিন হৈ পৰিব পাৰে। ১৯৭০ চনৰ পৰা "বনৰৌ এতিয়া দৰ্শনাৰ্থীৰ বাবে প্ৰায় অজ্ঞাত আৰু চিৰিয়াখানাত সঘনাই প্ৰদৰ্শিত হয়", আৰু "ঐতিহাসিকভাৱে ৰক্ষণাবেক্ষণ কৰাটো কঠিন হৈ পৰিছে, বেছিভাগ বন্দী বনৰৌ ধৰাৰ পিছতেই কম সময়ৰ ভিতৰত মৃত্যুমুখত পৰে।" যেতিয়া সিহঁত প্ৰাকৃতিক বাসস্থানত থাকে, পৰুৱা, উঁইপৰুৱাৰ লগতে অন্যান্য বিভিন্ন অমেৰুদণ্ডী প্ৰাণী যেনে, মৌমাখিৰ পলু, মাখি, কৃমি, কেঁচো আৰু উইচিৰিঙা খাই জীয়াই থাকে। চিৰিয়াখানাত সাৱধানে নতুন, অধিক বহনক্ষম ৰন্ধন প্ৰণালীৰে সৃষ্টি কৰা খাদ্যৰ উপাদানৰ ভিতৰত আছে "কণী, মাংস (গোমাংস, ঘোঁৰা, টিনজাত মেকুৰীৰ খাদ্য), বাষ্পীভূত গাখীৰৰ সামগ্ৰী, কৃত্ৰিম গাখীৰ, মাছ, অৰ্কিডৰ পাত, বাণিজ্যিক চাউ, চাইলিয়াম বীজ, গাজৰ, ইষ্ট, মাল্টিভিটামিন, আৰু পোক-পতংগ (ৰেচম পলু, কেঁচু, পৰুৱা, উঁইচিৰিঙা, খাদ্য কৃমি বা উইচিৰিঙাৰ মিশ্ৰণ)।" বনৰৌক পৰ্যবেক্ষণত ৰখা কেইবাটাও চিৰিয়াখানাত দেখা গৈছে যে সিহঁতে সফলতাৰে প্ৰজনন নকৰাকৈয়ে সাধাৰণতে কেইবছৰমানৰ পিছত মৃত্যু মুখত পৰিছে। গৱেষকসকলৰ দাবী এই ঘটনাৰ লগত "বন্দীৰ খাদ্যৰ দুৰ্বল গ্ৰহণযোগ্যতা আৰু পাচনতন্ত্ৰৰ সমস্যা"ৰ সম্পৰ্ক আছে। চীনা বনৰৌক বিলুপ্তিৰ ক্ষেত্ৰত উচ্চ বিপদজনক বুলি গণ্য কৰা হয়।১০৭
ভাবুকি
চোৰাং চিকাৰে চীনা বনৰৌৰ প্ৰতি আটাইতকৈ বেছি ভাবুকিৰ সৃষ্টি কৰিছে। কিছুমান চীনা মানুহে ইয়াৰ মাংস খায় আৰু ইয়াৰ বাকলিবোৰ পৰম্পৰাগত চীনা ঔষধত (টিচিএম) এক উপাদান হিচাপে ব্যৱহাৰ কৰে। ১৯৬০ৰ দশকত চীনৰ ফুজিয়ান, হুনান, গুয়াংছি, গুইঝৌ, ইউনান আৰু গুয়াংডং প্ৰদেশত বছৰি প্ৰায় ১৭০,০০০ৰ পৰা ১৮০,০০০ চীনা বনৰৌ জব্দ কৰা হৈছিল।১১২০০২ চনত বিপন্ন প্ৰজাতিৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চুক্তিয়ে ৰাষ্ট্ৰীয় সীমাৰ সিপাৰৰ পৰা বনৰৌ বিক্ৰী নিষিদ্ধ কৰিছিল। চীনে ইতিমধ্যে বনৰৌৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছে, তথাপি এই প্ৰজাতিটো ৰক্ষা কৰিবলৈ ই পৰ্যাপ্ত নহ'বও পাৰে। বিপন্ন প্ৰজাতিৰ বন্যপ্ৰাণী আৰু উদ্ভিদৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চুক্তিত প্ৰকাশ পাইছে যে বনৰৌ হৈছে আটাইতকৈ বেছি সৰবৰাহ হোৱা আৰু অবৈধভাৱে চিকাৰ কৰা স্তন্যপায়ী প্ৰাণী।১২
চীনা বনৰৌৰ বাকলিবোৰ কৰ্কট ৰোগৰ পৰা পেটৰ বিষ, হাঁপানীলৈকে বিভিন্ন ধৰণৰ ৰোগৰ চিকিৎসাৰ বাবে বিক্ৰী কৰা হয়। বনৰৌৰ শৰীৰৰ অন্যান্য অংশসমূহো পৰম্পৰাগত চীনা ঔষধত ব্যৱহাৰ কৰা হয়। ২০২০ চনৰ এক অধ্যয়নত সাক্ষাৎকাৰ লোৱা টিচিএমৰ ৭১% চিকিৎসকে বিশ্বাস কৰিছিল যে বনৰৌৰ বাকলিৰ ঠাইত অন্য উপাদান "অন্ততঃ কিছুমান, যদিও সকলো চিকিৎসাতে নহয়" বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি।১৩ পূব নেপালৰ স্থানীয় লোকসকলে বনৰৌৰ বাকলিক সৌভাগ্যৰ আকৰ্ষণ হিচাপে বিবেচনা কৰে।১৪
১৯৭০ আৰু ১৯৮০ চনৰ পৰা বনৰৌ যদিও আইনৰ দ্বাৰা সুৰক্ষিত হৈ আহিছে, তথাপিও মানুহে এই বিপন্ন জীৱ-জন্তুবোৰক চিকাৰ কৰিবলৈ এৰা নাই। ২০১৪ চনৰ মে' মাহত হংকংৰ কাৱাই চুং কণ্টেইনাৰ বন্দৰত যাদৃচ্ছিকভাৱে পৰীক্ষা কৰাৰ সময়ত বিষয়াসকলে প্ৰায় ৮,০০০ বনৰৌৰ বাকলি আটক কৰিছিল। মাত্ৰ দুসপ্তাহৰ পিছতে হংকঙৰ বিষয়াসকলে প্ৰায় ৫,০০০ বনৰৌৰ বাকলি থকা দ্বিতীয়টো চালান জব্দ কৰে। ২০১৪ চনত ইণ্ডোনেছিয়াৰ বন মন্ত্ৰালয়ে ২০০৬ চনৰ পৰা বনৰৗ সৰবৰাহৰ ৫৮৭টা ঘটনাৰ কথা উল্লেখ কৰিছিল। অবৈধ বজাৰত বনৰৌৰ আনুমানিক মূল্য ৪৩ লাখ মাৰ্কিন ডলাৰ।১৫
২০১৩ চনৰ এপ্ৰিলত ফিলিপাইনৰ উপকূলৰক্ষী বাহিনীয়ে ইণ্ডোনেছিয়াৰ পৰা ১০,০০০ কিলোগ্ৰাম (২২,০০০ পাউণ্ড) বনৰৌৰ মাংস আৰু কেইবা হাজাৰ বনৰৌৰ হিমায়িত ছালৰ ৪০০টা বাকচ থকা এখন নাও জব্দ কৰে। পালাৱান প্ৰদেশৰ প'ৰ্টো প্ৰিঞ্চেছা চহৰৰ আঞ্চলিক বিচাৰ আদালতে নাৱৰ অধিনায়কক ১২ বছৰৰ কাৰাদণ্ড আৰু প্ৰতিজন নাবিককে ছয়ৰ পৰা দহ বছৰৰ কাৰাদণ্ড বিহে। কৰ্মচাৰীসকলৰ প্ৰতিজনৰ পৰা ১০০,০০০ ডলাৰকৈ জৰিমনাও লোৱা হৈছিল।
সংৰক্ষণ
২০১৬ চনত চাইটছত চীনা বনৰৌক ইয়াৰ এপেণ্ডিক্স II-ৰ পৰা স্থানান্তৰ কৰি বিলুপ্ত হোৱাৰ প্ৰত্যক্ষ ভাবুকি নথকা কিন্তু শোষণ প্ৰতিৰোধৰ বাবে সুৰক্ষাৰ প্ৰয়োজন হোৱা প্ৰজাতিসমূহক এপেণ্ডিক্স্ I-লৈ স্থানান্তৰ কৰে; যিটো বিলুপ্ত হোৱাত আটাইতকৈ প্ৰত্যক্ষভাৱে ভাবুকি পোৱা প্ৰজাতিৰ বাবে সংৰক্ষিত। পৰিশিষ্ট ১-ৰ তালিকাখনত বনৰ পৰা ধৰা বনৰৌৰ বাণিজ্যিক ব্যৱসায় নিষিদ্ধ কৰা হৈছে। এই প্ৰজাতিৰ বিচৰণ ক্ষেত্ৰ থকা বহু দেশে ইতিমধ্যে ইয়াক সুৰক্ষিত কৰাৰ বাবে আইন প্ৰণয়ন কৰিছেঃ
- ১৯৭২-ভাৰতৰ বন্যপ্ৰাণী সুৰক্ষা আইন অধীনত অনুসূচী ১-ত প্ৰজাতি হিচাপে শ্ৰেণীৱদ্ধ কৰি চীনা বনৰৌক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰা হৈছে৷
- ১৯৭৩-নেপালত ইয়াক ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত অনুসূচী ১-ত সংৰক্ষিত প্ৰাণী হিচাপে ঘোষণা কৰা হৈছে।
- ১৯৭৬-হংকঙে এই প্ৰজাতিটোৰ লগতে আৰু বিপন্ন অন্যান্য প্ৰজাতিৰ সুৰক্ষাৰ বাবে বন্যপ্ৰাণী সুৰক্ষা অধ্যাদেশ বলবৎ কৰিছে।
- ১৯৮৯-চীনত বন্যপ্ৰাণী সুৰক্ষা আইনৰ জৰিয়তে এই প্ৰজাতিটোক ৰাজ্যিক দ্বিতীয় শ্ৰেণীৰ সংৰক্ষিত প্ৰাণী হিচাপে শ্ৰেণীৱদ্ধ কৰিছে।
- ১৯৯০-টাইৱানৰ বন্যপ্ৰাণী সংৰক্ষণ আইনৰ অধীনত সুৰক্ষিত কৰিবলৈ সমগ্ৰ মেনিছ গণ যোগ কৰে, যিটো ১৯৮৯ চনত প্ৰথমবাৰৰ বাবে গৃহীত হৈছিল।
- ১৯৯২-চীনে স্থলীয় বন্যপ্ৰাণী সুৰক্ষা আইন ৰূপায়ণৰ নিয়মাৱলী ব্যৱহাৰ কৰি এই প্ৰজাতিটোৰ সুৰক্ষা বৃদ্ধি কৰে। সেই বছৰতে থাইলেণ্ড বন্যপ্ৰাণী সংৰক্ষণ আৰু সুৰক্ষা আইন বি. ই. ২৫৩৫-ৰ অধীনত সুৰক্ষিত হিচাপে মেনিছ গণক শ্ৰেণীৱদ্ধ কৰিছিল।
- ১৯৯৪-ম্যানমাৰে বন্যপ্ৰাণী আৰু বন্য উদ্ভিদৰ সুৰক্ষা আৰু প্ৰাকৃতিক অঞ্চলৰ সংৰক্ষণ আইন প্ৰণয়ন কৰে, যিয়ে প্ৰজাতিবোৰক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰে।
- ২০০০-চীনে বিশেষকৈ বনৰৌৰ লগত জড়িত অপৰাধৰ শাস্তিৰ বাবে অধিক সংজ্ঞায়িত চৰ্ত প্ৰতিষ্ঠা কৰে।
- ২০০৬-চীনে চাইটছৰ নিৰ্দেশনাসমূহ পূৰণ কৰিবলৈ বিপন্ন প্ৰজাতিৰ বন্যপ্ৰাণী আৰু উদ্ভিদৰ আমদানি আৰু ৰপ্তানিৰ ব্যৱস্থাপনাৰ নিয়মাৱলী প্ৰণয়ন কৰে। ইয়াৰ উপৰিও, হংকঙে বিপন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু উদ্ভিদৰ সুৰক্ষা আইনৰ জৰিয়তে চীনা বনৰৌৰ সুৰক্ষা বৃদ্ধি কৰিছিল। ২০০৬ চনত ভিয়েটনামে বিপন্ন, মূল্যৱান আৰু বিৰল প্ৰজাতিৰ বন্য উদ্ভিদ আৰু প্ৰাণীৰ ব্যৱস্থাপনাৰ ডিক্ৰী ৩২-ৰ IIB গোটত ইয়াক সম্পূৰ্ণৰূপে সুৰক্ষিত প্ৰজাতি হিচাপে শ্ৰেণীৱদ্ধ কৰিছিল।
- ২০০৭-চীনে বনৰৌ চিকাৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰি পৰম্পৰাগত ঔষধত বনৰৌ ব্যৱহাৰৰ বাবে ইয়াৰ নিয়মাৱলী কঠোৰ কৰে, আৰু বনৰৌৰ বাকলিৰ বৰ্তমান মজুতক পঞ্জীয়ন কৰা আৰু চিকিৎসালয়ৰ দৰে কেৱল মনোনীত ক্ৰেতাৰ জৰিয়তে ব্যৱসায় কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিছে। ইফালে, লাওছে এই প্ৰজাতিটোক বিলুপ্তিৰ ওচৰত বুলি ঘোষণা কৰিছিল, আৰু বন্যপ্ৰাণী আৰু জলজ আইনৰ নিষিদ্ধ শ্ৰেণীত ইয়াৰ উচ্চ গুৰুত্ব আছে।
- ২০১২-বাংলাদেশ বন্যপ্ৰাণী সংৰক্ষণ আৰু সুৰক্ষা আইনৰ জৰিয়তে চীনা বনৰৌক সুৰক্ষা প্ৰদান কৰা হৈছে।
- ২০২০-চীনে চীনা বনৰৌকে ধৰি সকলো বনৰৌ প্ৰজাতিৰ সুৰক্ষাৰ স্থিতি সৰ্বোচ্চ স্তৰলৈ বৃদ্ধি কৰে।১৬
চীনে আন দেশৰ তুলনাত বনৰৌৰ সুৰক্ষাৰ বাবে বহু বেছি আইন প্ৰণয়ন কৰিছে। যোৱা কেইটামান দশকত চীনত এই প্ৰজাতিৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। এইটো বনৰৌ বাকলি আৰু মাংসৰ বাবে অত্যধিক চোৰাং চিকাৰৰ প্ৰত্যক্ষ ফল।
সংৰক্ষণৰ প্ৰচেষ্টা
২০১৬ চনৰ মে' মাহত ১,৮৯২জন চীনা প্ৰাপ্তবয়স্কক প্ৰতিনিধিত্ব কৰা এক সমীক্ষাত প্ৰকাশ পাইছিল যে চীনৰ ৮০% তকৈ অধিক লোকে বনৰৌ সুৰক্ষিত হোৱাটো বিচাৰে। এই জৰীপৰ নেতৃত্ব দিছিল আইতা ফাউণ্ডেশ্যন আৰু হিউমেন ছ'চাইটি ইণ্টাৰনেশ্যনেলে।১৭
আই.ইউ.চি.এন. এছ.এছ.চি. বনৰৌ বিশেষজ্ঞ দলে ২০১৪ চনৰ জুলাইত বনৰৌ সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধি, পুঁজি যোগান আৰু গৱেষণা বৃদ্ধিৰ বাবে এক প্ৰস্তাৱ দিছিল। এই পৰিকল্পনাৰ কিছুমান বিশেষত্বৰ ভিতৰত আছে বনৰৌৰ সংখ্যা নিৰীক্ষণৰ বাবে প্ৰট'কল প্ৰস্তুত কৰা, বনৰৌৰ পৰা প্ৰস্তুত সামগ্ৰীৰ ব্যৱহাৰৰ সূচক স্থাপন কৰা আৰু প্ৰজাতিটোৰ মাজৰ আৰু ভিতৰৰ পাৰ্থক্য নিৰ্ধাৰণৰ বাবে ডিএনএ বিশ্লেষণ ব্যৱহাৰ কৰা।১৮ তদুপৰি, সংৰক্ষণ পৰিকল্পনাৰ লক্ষ্য হৈছে ইয়াৰ সংখ্যা অধিক থকা ঠাইৰ চাৰিওফালে টহল-আধাৰিত নিৰীক্ষণ বৃদ্ধি কৰা, সমস্যাটোৰ তীব্ৰতাৰ বিষয়ে সজাগতা আৰু শিক্ষা বৃদ্ধি কৰা, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বনৰৌৰ মাংস আৰু বাকলিৰ চাহিদা হ্ৰাস কৰাৰ কৌশল ৰূপায়ণ কৰা।১৮
আই.ইউ.চি.এন.-ৰ দ্বাৰা প্ৰস্তাৱিত আইনৰ আন এটা বিকল্পৰ ভিতৰত আছে স্থানীয় সম্প্ৰদায়ক সংৰক্ষণ প্ৰচেষ্টাত জড়িত হোৱাৰ বাবে আৰ্থিক পৰিশোধ বা ভূমিৰ সম্পদৰ ওপৰত নিয়ন্ত্ৰণৰ দৰে ইতিবাচক ইনচেণ্টিভ প্ৰদান কৰা। গৱেষকসকলে পৰম্পৰাগত ঔষধত ব্যৱহৃত বিপন্ন প্ৰজাতিৰ জৈৱিক বিকল্প বিচাৰি উলিওৱাত গুৰুত্ব দিছে।১৯ ডি.এন.এ. বাৰক'ডিং আৰু বিশ্লেষণ ব্যৱহাৰ কৰি কোনবোৰ সাধাৰণ প্ৰজাতি জিনগতভাৱে যথেষ্ট একে আৰু চীনা বনৰৌৰ বাকলিৰ দৰে একে প্ৰভাৱ উৎপন্ন কৰে সেইটো নিৰ্ধাৰণ কৰা৷ অবৈধ চিকাৰ প্ৰতিৰোধ কৰিবলৈ, আমদানি আৰু ৰপ্তানি কৰা প্ৰজাতি সামগ্ৰীৰ সঠিক চিনাক্তকৰণৰ বাবেও বাৰক'ডিং কৌশল ব্যৱহাৰ কৰা৷
চীন জীৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু সেউজ উন্নয়ন ফাউণ্ডেশ্যন (চি বি চি জি ডি এফ) নামৰ এক অলাভজনক আৰু বেচৰকাৰী সংস্থাই চীনা বনৰৌৰ সংৰক্ষণৰ বাবে গৱেষণা আৰু ক্ষেত্ৰভিত্তিক তথ্য সংগ্ৰহ কৰাত বিশেষভাৱে সক্ৰিয়। ২০১৭ চনৰ জুলাই মাহৰ পৰা বেইজিংস্থিত বেচৰকাৰী সংগঠনটোৱে হুনান, গুয়াংছি আৰু জিয়াংছি প্ৰদেশত তিনিখন চীনা বনৰৌ সম্প্ৰদায় সংৰক্ষণ অঞ্চল স্থাপন কৰিছে।২০
২০১৭ চনৰ আগষ্ট মাহৰ শেষৰ ফালে চি. বি. চি. জি. ডি. এফ.-এ চীনা চিকাৰীসকলৰ পৰা ৩৩টা চীনা বনৰৌ জব্দ কৰে আৰু সেইবোৰ গুৱাংছি বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰত মুকলি কৰি দিয়ে। ফাউণ্ডেশ্যনৰ তৰফৰ পৰা বনৰৌ উদ্ধাৰৰ নিয়ম আৰু পদ্ধতিৰ উন্নতি; সম্পূৰ্ণ সুস্থ হোৱাৰ পিছত ইহঁতক বনত তৎক্ষণাত মুকলি কৰি দিয়া; তথ্যসমূহ জনসাধাৰণৰ বাবে মুকলি কৰি ৰখা; গুৱাংছিত বিপন্ন প্ৰজাতি সংৰক্ষণৰ আইন আৰু নিয়মসমূহ সংশোধন কৰা, মুক্তিৰ পিছত তদাৰক কৰা বিষয়ত পৰামৰ্শ দিয়া হৈছে। ২০১৭ চনৰ বিশ্ব বনৰৌ দিৱসত চি. বি. চি. জি. ডি. এফ.-এ পৰম্পৰাগত চীনা চিকিৎসা গ্ৰন্থৰ পৰা বনৰৌক আঁতৰাবলৈ আহ্বান জনাইছিল। চি. বি. চি. জি. ডি. এফ.-এ অবৈধভাৱে চীনলৈ সৰবৰাহ কৰাৰ চেষ্টা কৰোঁতে জব্দ কৰা বনৰৌৰ বাকলিবোৰ জ্বলাই দিবলৈও আহ্বান জনাইছিল।২১ তদুপৰি ২০১৮ চনৰ জুলাই মাহত চিবিচিজিডিএফে আয়োজন কৰা এখন সন্মিলনত গ্ল’বেল বায়’ডাইভাৰচিটি ইনফৰ্মেশ্যন ফেচিলিটি (জিবিআইএফ) আয়োজন কৰা হৈছিল। সেই সন্মিলনৰ সময়ত চিবিচিজিডিএফে চীনৰ বনৰৌৰ শেহতীয়া তথ্য জিবিআইএফৰ সৈতে মুকলিকৈ ভাগ-বতৰা কৰিছিল।২২
তথ্যসূত্ৰ
- ↑ Shepherd. (2012). A Naturalist's Guide to the Mammals of Southeast Asia. John Beaufoy Publishing. পৃ. 13. ISBN 978-1-906780-71-5
- ↑ (2018-12-19). Chinese Pangolin Facts. Animals
- ↑ Heath. (1992). Manis pentadactyla. Mammalian Species. পৃ. 1–6
- ↑ Zhang; Wu, Shibao; Cen, Peng. (2022-01-01). The past, present and future of the pangolin in Mainland China. Global Ecology and Conservation. পৃ. e01995
- ↑ Bhandari; Chalise, M. K. (2014). Habitat and distribution of Chinese Pangolin (Manis pentadactyla Linnaeus, 1758) in Nagarjun Forest of Shivapuri Nagarjun National Park, Nepal. Nepalese Journal of Zoology. পৃ. 18–25
- ↑ Wang. (2016). Pangolin armor: Overlapping, structure, and mechanical properties of the keratinous scales. Acta Biomaterialia. পৃ. 60–74
- ↑ Shibao; Naifa, L.; Yingmei, Z. (2004). Assessment of Threatened Status of Chinese Pangolin. Chinese Journal of Applied and Environmental Biology
- ↑ Lee; Cheung, Khan; Fellowes, John R. (January 2017). Insights Into the Chinese Pangolin's (Manis pentadactyla) Diet in a Peri-Urban Habitat: A Case Study From Hong Kong. Tropical Conservation Science. পৃ. 194008291770964
- ↑ Wu; Liu, N.F.; Ma, G.Z. (2003-01-01). Habitat Selection by Chinese Pangolin (Manis pentadactyla) in Winter in Dawuling Natural Reserve. Mammalia
- ↑ Yang; Chen, S.; Chang, C.-Y. (2007). History and Dietary Husbandry of Pangolins in Captivity. Zoo Biology. পৃ. 223–230
- ↑ Wu, S.; Ma, G. (2007). The status and conservation of pangolins in China. TRAFFIC East Asia Newsletter. পৃ. 1–5
- ↑ Foley, James A. (17 Mar 2014). Plight of the Pangolin: The Most Trafficked Animal on Earth Needs More Protection. Nature World News
- ↑ Wang, Y.; Turvey, S.T.; Leader-Williams, N. (2020). Knowledge and attitudes about the use of pangolin scale products in Traditional Chinese Medicine (TCM) within China. People and Nature. পৃ. 903–912
- ↑ (2013). https://www.researchgate.net/publication/311557761
- ↑ Clifton, M. (2014). Armor Is Not Enough to Protect Pangolins. Animals 24-7
- ↑ (9 June 2020). China raises protection for pangolins by removing scales from medicine list
- ↑ Survey Results in China Reveal Strong Public Support for Pangolin Protection: Humane Society International
- ↑ (2014). Scaling up pangolin conservation
- ↑ Luo. (31 October 2013). A Strategy for Trade Monitoring and Substitution of the Organs of Threatened Animals. Scientific Reports. Nature Publishing Group. পৃ. 3108
- ↑ 中华保护地
- ↑ 今天是穿山甲日,环保组织呼吁列为一级保护动物、从药典删除__中国青年网. news.youth.cn
- ↑ (11 July 2018). Chinese NGO contributes biodiversity data to global platform. China.org.cn
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চীনা বনৰৌ” প্ৰবন্ধৰ সংশোধন ৫৬১৮৬৮ (৭ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।