অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

জিঞাখাটী

জিঞাখাটী (Blue-tailed Bee-eater, বৈজ্ঞানিক নাম-Merops philippinus) 'Meropidae' গোটৰ এবিধ চৰাইৰ প্ৰজাতি৷ ই সাধাৰণতে দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰে বুলি জনা যায়৷ ই প্ৰধানকৈ এবিধ পৰিভ্ৰমণকাৰী চৰাইৰ প্ৰজাতি৷

হালনাগাদ: ২৯ অক্টোবৰ ২০২৫ ২৬৪ শব্দ · ১ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

জিঞাখাটী (Blue-tailed Bee-eater, বৈজ্ঞানিক নাম-Merops philippinus) 'Meropidae' গোটৰ এবিধ চৰাইৰ প্ৰজাতি৷ ই সাধাৰণতে দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰে বুলি জনা যায়৷ ই প্ৰধানকৈ এবিধ পৰিভ্ৰমণকাৰী চৰাইৰ প্ৰজাতি৷

বিতৰণ

সমগ্ৰ ভাৰত, ম্যানমাৰ, আৰু দক্ষিণ-পূব এছিয়াৰ কিছু অংশত এই প্ৰজাতিটোৰ প্ৰজননৰ বিস্তৃতি খণ্ডিতভাৱে সিঁচৰতি হৈ আছে৷১ ভাৰতত ইহঁতে গোদাৱৰী, কাবেৰী, টুংগা বদৰা আৰু কৃষ্ণা নদীকে ধৰি কেইবাখনো নদী উপত্যকাত প্ৰজনন কৰে বুলি জনা যায়।২ শ্ৰীলংকাৰ পূব অঞ্চলতো ইহঁতে বাহ সজাৰ তথ্য পোৱা গৈছে‍।৩৪

জিঞাখাটী বহু ঠাইত ঋতুভিত্তিক আৰু টাঞ্জুং টুয়ান (পশ্চিম মালয়েছিয়া) আৰু প্ৰমছ্ৰি হিল৫ (দক্ষিণ থাইলেণ্ড)ৰ দৰে কিছুমান ঠাইত দিনৰ ভাগত সামূহিকভাৱে প্ৰব্ৰজন কৰা বুলি জনা যায়।৬ মালয়েছিয়া আৰু ভাৰতৰ কিছু অংশত ইহঁত শীতকালীন পৰিভ্ৰমী চৰাই৷৭ গুজৰাট৮ আৰু ভাৰতৰ পশ্চিম উপদ্বীপৰ কিছুমান অঞ্চলত নীলা গালযুক্ত জিঞাখাটী আৰু জিঞাখাটী অপ্ৰজনন পৰিসৰত দেখা যায়।৯

বিৱৰণ

নীলা নেজৰ সৈতে জিঞাখাটীৰ দেহৰ পিছফালৰ অংশ
নীলা নেজৰ সৈতে জিঞাখাটীৰ দেহৰ পিছফালৰ অংশছবি: Ravi Vaidyanathan · CC BY 2.5

জিঞাখাটীৰ দেহৰ বৰণ এই গোটৰ অন্য চৰাইবোৰৰ দৰেই খুবেই বৰ্ণময়৷ ইয়াৰ দেহটো মূলতঃ সেউজীয়া৷ ইয়াৰ মুখত নীলা দাগ আৰু চকুৰ কাষত ক'লা আঁচ থাকে৷ ইয়াৰ ডিঙি হালধীয়া আৰু মুগা বৰণৰ৷ জিঞাখাটীৰ নেজ নীলা, ঠোঁটৰ বৰণ আকৌ ক'লা৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ২৩-২৬ ছে: মি: পৰ্য্যন্ত হ'ব পাৰে৷ মতা আৰু মাইকীৰ বাহ্যিক গঠন প্ৰায় একে৷

আচৰণ

জিঞাখাটীয়ে বিষুৱীয় অঞ্চলৰ মুকলি বাসস্থান যেনে খেতি-পথাৰ, উদ্যান আদিত প্ৰজনন কৰে৷ ইয়াক প্ৰায়ে জলাশয় সমূহৰ আশে পাশে দেখিবলৈ পোৱা যায়৷

খাদ্য

এই গোটৰ অন্যান্য চৰাইৰ প্ৰজাতিৰ দৰেই ইও প্ৰধানকৈ পোক-পতংগ,জিঞা, বৰল আদি খাই জীয়াই থাকে৷ ই এই চিকাৰসমূহ বতাহতে ঠোঁটেৰে ধৰিব পাৰে৷ ধৰাৰ পিছত চিকাৰক জিৰণি লোৱা ঠাইত মৰিয়াই মাৰি পেলাই জিঞাখাটীয়ে ভক্ষণ কৰে৷

প্ৰজনন

জিঞাখাটী সাধাৰণতে জাক পাতি বসবাস কৰা দেখা যায়৷ ইহঁতে নদীকাষৰীয়া বালিময় বা মুকলি খেতি পথাৰত ক'লনি গঠন কৰি বাহ সাজে৷ ই মাটিত দীঘলীবা সুৰংগ খান্দি তাৰ ভিতৰত পাঁচৰ পৰা সাতটাকৈ কণী পাৰে৷ মতা আৰু মাইকী দুয়ো কণীৰ যত্ন লয়৷

তথ্যসূত্ৰ

  1. ↑ Peters, James Lee. (1945). Check-list of birds of the World. Volume 5. Harvard University Press. পৃ. 235
  2. ↑ Neelakantan, K. K. (1948). On the breeding of the Blue-tailed Bee-eater (Merops superciliosus javanicus) in Rajahmundri, East Godavari district. Journal of the Bombay Natural History Society. পৃ. 741–742
  3. ↑ Norris, C. E. (1963). The Bluetailed Bee-eater Merops philippinus Linnaeus, nesting in Ceylon. Journal of the Bombay Natural History Society. পৃ. 259
  4. ↑ Hewavithana, K.; Pieris, A.L.; Peries, T.N. (2017). Discovery of a large nesting colony of the blue-tailed bee-eater (Merops philippinus) in Oluvil, Amparad. Wildlanka. পৃ. 11–16
  5. ↑ DeCandido, Robert; Nualsri, Chukiat; Allen, Deborah. (2010). Mass northbound migration of Blue-tailed Merops philippinus and Blue-throated M. viridis Bee-eaters in southern Thailand, spring 2007–2008. Forktail. পৃ. 42–48
  6. ↑ DeCandido, Robert; Allen, Deborah; Yosef, Reuven. (2004). Merops Migration at Tanjung Tuan, Malaysia: An Important Spring Bee-eater Migration Watchsite in South-east Asia. J. Yamashina Inst. Ornithol.. পৃ. 15–21
  7. ↑ Nisbet, I.C.T. (2013). Seasonal occurrence, migrations and habitat relationships of blue-tailed and blue-throated bee-eaters Merops philippinus and M. viridis in Peninsular Malaysia. The Raffles Bulletin of Zoology. পৃ. 219–223
  8. ↑ Dharmakumarsinhji, K. S. (1958). Bluetailed Bee-eater Merops philippinus Linnaeus in western Saurashtra. Journal of the Bombay Natural History Society. পৃ. 351–352
  9. ↑ Gosavi, P.; Mannar, H.; Sumesh, P. B. (2019). Status of Blue-cheeked Bee-eater Merops persicus in south-western India. Indian Birds. পৃ. 117–119

সম্পৰ্কিত শ্ৰেণী

মাছৰোকাঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিঞাখাটী” প্ৰবন্ধৰ সংশোধন ৫৪৬১৩৫ (২৯ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।