অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কৰ্দ্দৈ

কৰ্দ্দৈ ( Carambola) ইয়াৰ বৈজ্ঞানিক নাম হ'ল Averrhoa Carambola ৷ ইয়াক ইংৰাজীত পাঁচকোণীয়া (star)ফল বুলিও কোৱা হয়৷ এই ফল কেঁচাতে টেঙা আৰু পকিলে কিছু মিঠা হয়৷

হালনাগাদ: ২৯ এপ্ৰিল ২০২০ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

কৰ্দ্দৈ ( Carambola) ইয়াৰ বৈজ্ঞানিক নাম হ'ল Averrhoa Carambola ৷ ইয়াক ইংৰাজীত পাঁচকোণীয়া (star)ফল বুলিও কোৱা হয়৷ এই ফল কেঁচাতে টেঙা আৰু পকিলে কিছু মিঠা হয়৷ <ref name="গ্ৰন্থ ১" ১

খাদ্যপ্ৰাণ

শৰ্কৰা আৰু খনিজ পদাৰ্থৰ ভিতৰত - কেলচিয়াম,মেগনেছিয়াম আৰু ফছফৰাছ থাকে৷ ইয়াত Oxalic acid থাকে,গতিকে বেছিকৈ খালে বৃক্কৰ পাথৰ (kidney) হোৱাৰ সম্ভাৱনা বঢ়াই দিয়ে৷ ইয়াত প্ৰচুৰ পৰিমাণে 'গ' খাদ্যপ্ৰাণ থাকে৷ কৰ্দ্দৈৰ বাকলিৰ সেউজীয়া ৰং হ'ল এবিধ Pigment,যি যকৃতৰ বাবে ভাল৷ গতিকে কৰ্দ্দৈ বাকলিৰ সৈতে খাব লাগে৷

আকাৰ

কৰ্দ্দৈ এবিধ পাঁচকোনীয়া ৰসাল ফল৷ এই ফলৰ গছজোপা জোপোহা আৰু পাতবিলাক সৰু সৰু সেউজীয়া ৰঙৰ৷ ফুলবিলাক সৰু আৰু গোলাপী ৰঙৰ৷ এই ফল কেঁচাতে সেউজীয়া ৰঙৰ আৰু পকিলে হালধীয়া বৰণৰ হয়৷

Sliced carambolas having 7, 6, and the usual 5 points
Sliced carambolas having 7, 6, and the usual 5 pointsছবি: K-MUS · CC0
Vertical, end view, and cross section of the ripe carambola
Vertical, end view, and cross section of the ripe carambolaছবি: SMasters · CC BY-SA 3.0
Carambolas in varying stages of ripeness
Carambolas in varying stages of ripenessছবি: rex pe · CC BY 2.0

ঔষধি গুণ

  1. কেঁচা কৰ্দ্দৈ বা কৰ্দ্দৈৰ ৰস পানীত মিলাই খালে,শৌচ পনীয়া হোৱা ৰোগীয়ে খালে ভাল ফল পায়৷
  2. কৰ্দ্দৈত 'গ' ভিটামিন যথেষ্ট পৰিমানে থাকে বাবে ই অৰ্শৰোগ,দাঁত আলুৰ ৰক্তক্ষৰণ আৰু জণ্ডিছ ৰোগীৰ বাবে ভাল৷
  3. খনিজ পদাৰ্থ সঠিক পৰিমাণে থাকে বাবে ই শৰীৰত acid-base ৰ সমতা ৰক্ষা কৰিব পাৰে৷
  4. Isothio cynates নামৰ pigment থাকে বাবে কৰ্দ্দৈ যকৃৎৰ বাবে ভাল৷

তথ্যসূত্ৰ

  1. ↑ ডা:চাহজাহান বৰবৰা. (২০০৬). অসমীয়া ফল. বিজ্ঞান জেউতি. পৃ. পৃষ্ঠা ২১-২২

সম্পৰ্কিত শ্ৰেণী

গুল্মফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰ্দ্দৈ” প্ৰবন্ধৰ সংশোধন ২২৩৯২১ (২৯ এপ্ৰিল ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।