অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

দীঘলনেজী

দীঘলনেজী হাঁহ (Northern Pintail, বৈজ্ঞানিক নাম-Anas acuta) সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে আৰু শীতকালত বিষুৱীয় অঞ্চলসমূহলৈ পৰিভ্ৰমণ কৰে৷ ইয়াৰ মতা হাঁহটোৰ দীঘল আৰু জোঙা নেজডালৰ বাবে অসমীয়াত 'দীঘলনেজী' আৰু ইংৰাজীত…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৬৩ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

দীঘলনেজী হাঁহ (Northern Pintail, বৈজ্ঞানিক নাম-Anas acuta) সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰজনন কৰে আৰু শীতকালত বিষুৱীয় অঞ্চলসমূহলৈ পৰিভ্ৰমণ কৰে৷ ইয়াৰ মতা হাঁহটোৰ দীঘল আৰু জোঙা নেজডালৰ বাবে অসমীয়াত 'দীঘলনেজী' আৰু ইংৰাজীত 'Pintail" বুলি কোৱা হয়৷

টেক্সন'মি

এই প্ৰজাতিটো পোনপ্ৰথমে কাৰ্ল লিনিয়াছে (Linnaeus) ১৭৫৮ চনত তেওঁৰ চিষ্টেমা নেচুৰী (Systema naturae) গ্ৰন্থত উল্লেখ কৰিছিল৷১ ইয়াৰ বৈজ্ঞানিক নামকৰণ পদ্ধতিটো দুটা লেটিন ভাষাৰ শব্দৰ পৰা লোৱা হৈছে, anasৰ অৰ্থ "হাঁহ" আৰু acuta ৰ উৎস হৈছে acuere, যাৰ অৰ্থ জোঙা (sharpen)৷ গতিকে ইংৰাজী নামৰ দৰে বৈজ্ঞানিক নামটোও ইয়াৰ জোঙা নেজৰ ভিত্তিত দিয়া হৈছে৷২

বিৱৰণ

মতা দীঘলনেজী হাঁহ
মতা দীঘলনেজী হাঁহছবি: Petar Milošević · CC BY-SA 4.0

দীঘলনেজী এবিধ ডাঙৰ আকাৰৰ হাঁহ৷ ইয়াৰ ডেউকাৰ দৈৰ্ঘ্য ২৩.৬-২৮.২ ছে:মি:৷৩ মতা দীঘলনেজী হাঁহৰ দেহৰ দৈৰ্ঘ্য ৫৯-৭৬ ছে:মি: আৰু ওজন প্ৰায় ৪৫০-১৩৬০ গ্ৰাম পৰ্যন্ত হয়৷ আনহাতে মাইকী হাঁহৰ দেহৰ দৈৰ্ঘ্য ৫১-৬৪ ছে:মি: আৰু ওজন ৪৫৪-১১৩৫ গ্ৰাম হোৱা দেখা যায়৷ ৪ প্ৰজননৰ সময়ত মতা দীঘলনেজীৰ মূৰৰ ৰং চকলেটী-মুগা আৰু বুকু বগা হৈ পৰে৷ ইয়াৰ দেহৰ ওপৰ অংশ মটীয়া৷ ৫ দীঘলনেজীৰ ঠোঁট নীলা আৰু ঠেং দুখন নীলা-মুগা৷ ৬

পূণৰ্বয়স্ক মাইকী দীঘলনেজীৰ শেঁতা মুগা বৰণৰ৷ ইয়াৰ নেজ মতা হাঁহতকৈ চুটি৷ ইয়াৰ দেহৰ গঠন, দীঘল ডিঙি আৰু দীঘলীয়া মুগা ঠোঁটৰ সহায়ত চিনাক্ত কৰিব পাৰি৷ ৫ দীঘলনেজী মাটিত খোজকঢ়া আৰু পানীত সাঁতোৰা দুয়োটাতে পাৰ্গত৫৷ ই বৰ বেগেৰে উৰিবও পাৰে৷৭৮

মতা দীঘলনেজীৰ মাতটো হুইছেলৰ দৰে- কোমল 'প্ৰু-উ-প- প্ৰু-উ-প' ধৰণৰ৷ আনহাতে মাইকীজনীৰ মাতটো ডাঙৰৰ পৰা সৰু হৈ যোৱা 'কোৱেক' ধৰণৰ৷

বিতৰণ আৰু বাসস্থান

শীতকালত ভাৰতলৈ পৰিভ্ৰমণ কৰা দীঘলনেজী হাঁহ
শীতকালত ভাৰতলৈ পৰিভ্ৰমণ কৰা দীঘলনেজী হাঁহছবি: J.M.Garg · CC BY-SA 3.0
''Anas acuta''
Anas acutaছবি: Roger Culos · CC BY-SA 4.0

এই হাঁহৰ প্ৰজাতিটোৱে ইউৰেছিয়াৰ উত্তৰৰ অঞ্চল সমূহৰ পৰা পোলেণ্ড, মংগোলিয়া,কানাডা, আলাস্কা, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি দেশত প্ৰজনন কৰে৷ ৪ ৷ সাধাৰণতে ই বিষুৱীয় অঞ্চল যেনে পানামা, আফ্ৰিকা আৰু দক্ষিণ এছিয়া লৈ শীতকালত পৰিভ্ৰমণ কৰে৷ তাৰোপৰি কিছুসংখ্যক দীঘলনেজী হাঁহে প্ৰশান্ত মহাসাগৰৰ বিভিন্ন দ্বীপসমূহ যেনে- হাৱাই দ্বীপপুঞ্জলৈ পৰিভ্ৰমণ কৰা দেখা যায়৷৫

দীঘলনেজীয়ে সাধাৰণতে মুকলি জলাশয় যেনে, পানীপূৰ্ণ ঘাঁহনি, হ্ৰদ আদিত বাস কৰে৷ ইহঁতে সাধাৰণতে জাক পাতি চৰে৷ প্ৰায়ে নিজৰ প্ৰজাতিৰ বাহিৰেও অন্য প্ৰজাতিৰ হাঁহৰ লগত একেলগে খাদ্যৰ সন্ধান কৰে৷ ৫

আচৰণ

প্ৰজনন

এযোৰ মতা-মাইকী দীঘলনেজী হাঁহ
এযোৰ মতা-মাইকী দীঘলনেজী হাঁহছবি: No machine-readable author provided. Zeimusu assumed (based on copyright claims) · CC BY-SA 3.0

দীঘলনেজীৰ মতা-মাইকী উভয়ে এবছৰ বয়সত পূৰ্ণবয়স্ক হৈ উঠে৷ মাইকী চৰাইজনীক মতা দীঘলনেজীয়ে কাষে কাষে সাঁতুৰি, মূৰ তললৈ কৰি আৰু নেজ দাঙি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে৷৪

এপ্ৰিল আৰু জুন মাহত ইহঁতে সাধাৰণতে প্ৰজনন কৰে৷ ই পানীৰ পৰা কিছু আঁতৰত শুকান অঞ্চলত মাটিত বাহ সাজে৷ বাহটো সাজিবলৈ ই উদ্ভিদৰ বিভিন্ন অংশ ব্যৱহাৰ কৰে৷৫ মাইকী দীঘলনেজীয়ে সাতৰ পৰা নটাকৈ ক্ৰীম ৰঙৰ কণী পাৰে৷৪ প্ৰথমবাৰত কণীকেইটা চিকাৰীৰ আক্ৰমণত ধ্বংস হ'লে মাইকীজনীয়ে আকৌ জুলাই মাহত কণী পৰা দেখা যায়৷৪

মাইকীজনীয়ে অকলেশৰেই কণীৰ যত্ন লয় আৰু উমনি দিয়ে৷ কণী ফুটি ওলোৱা পোৱালিৰ চকু মেল খাই থাকে আৰু জন্মৰ পিছতে খোজ দিব পৰা হয়৷৯

খাদ্য

দীঘলনেজীয়ে অগভীৰ পানীত আন্ধাৰ হোৱাৰ পিছত ডুব দি দি খাদ্যৰ সন্ধান কৰে৷ সেয়ে ই দিনৰ বেছিভাগ সময় জিৰণি লৈ থাকে৷৫ ইয়াৰ দীঘল ডিঙিটোৱে পানীত ডুব দি তলৰ পৰা খাদ্য বিচাৰি অনাত বিশেষভাৱে সহায় কৰে৷৬

দীঘলনেজীয়ে প্ৰধানকৈ জলজ উদ্ভিদৰ বিভিন্ন অংশ যেনে শিপা, গুটি আদি খাই জীয়াই থাকে৷৬ প্ৰজনন কালত ই অৱশ্যে বিভিন্ন অমেৰুদণ্ডী প্ৰাণীও খাদ্য হিচাপে গ্ৰহণ কৰে৷ ৪

স্থিতি

দীঘলনেজী সমগ্ৰ বিশ্বতে বহুল ভাৱে বিস্তৃত হৈ আছে আৰু বৰ্তমান ইয়াৰ সংখ্যা ৫.৩-৫.৪ নিযুত বুলি ধাৰণা কৰা হয়৷ ১০ সেয়ে আই. ইউ. চি. এন এ ইয়াক সংকটৰ পৰা মুক্ত বুলি স্বীকৃতি দিছে৷

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Linnaeus, Carolus. (1758). Systema naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Editio decima, reformata.. Holmiae. (Laurentii Salvii). পৃ. 126
  2. ↑ uk.rec.birdwatching, scientific bird names explained. Retrieved 13 January 2008
  3. ↑ del Hoyo, J., Elliott, A. and Sargatal, J. (1992) Handbook of the Birds of the World. Volume 1: Ostrich to Ducks. Lynx Edicions, Barcelona
  4. ↑ Robinson, Jerry. (2002). Anas acuta. Animal Diversity Web. University of Michigan Museum of Zoology
  5. ↑ Madge, Steve. (1988). Wildfowl: An Identification Guide to the Ducks, Geese and Swans of the World (Helm Identification Guides). Christopher Helm. পৃ. 222–224. ISBN 0-7470-2201-1
  6. ↑ Gooders, John. (1997). Ducks of Britain and the Northern Hemisphere. Collins & Brown. পৃ. 58–61. ISBN 1-85585-570-4
  7. ↑ Mullarney, Killian; Svensson, Lars, Zetterstrom, Dan; Grant, Peter. (2001). Birds of Europe. Princeton University Press. pp 48–9 ISBN 0-691-05054-6
  8. ↑ Northern Pintail species description. Bird Guide. Cornell Lab of Ornithology
  9. ↑ Pintail Anas acuta (Linnaeus, 1758). BTOWeb BirdFacts. British Trust for Ornithology
  10. ↑ Northern Pintail Anas acuta. BirdLife International

সম্পৰ্কিত শ্ৰেণী

হাঁহজীৱবিজ্ঞানঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীঘলনেজী” প্ৰবন্ধৰ সংশোধন ৬৩০৮৫৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।