দেওৰাজ হাঁহ (Greylag Goose, বৈজ্ঞানিক নাম-Anser anser) এবিধ বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ ৰাজহাঁহ(Goose)ৰ প্ৰজাতি৷ ই বিশ্ববিখ্যাত বিজ্ঞানী কনৰাড লৰেন্সৰ আচৰণ সম্পৰ্কীয় গৱেষণাৰ বাবে অধিক পৰিচিত৷
বিৱৰণ


দেওৰাজ হাঁহ Anser গোত্ৰৰ আটাইতকৈ ডাঙৰ প্ৰজাতিসমূহৰ ভিতৰত এটা৷ ইয়াৰ দেহটো নোদোকা, ডিঙি শকত আৰু দীঘল, মূৰ আৰু ঠোঁটো বৃহৎ আকাৰৰ৷ ইয়াৰ ঠেং দুখন গুলপীয়া আৰু ঠোঁটটো কমলা বা গুলপীয়া বৰণৰ হোৱা দেখা যায়৷১ ইয়াৰ দেহৰ দৈৰ্ঘ্য ৭৪-৯১ ছৈ: মি: আৰু ডেউকা প্ৰায় ৪১.২-৪৮ ছে: মি পৰ্যন্ত হয়৷ নেজ-৬.২-৬.৯ ছে: মি:, ঠোঁট ৬.৪-৬.৯ ছে:মি: আৰু ঠেং-৭.১-৯.৩ ছে: মি: হোৱা দেখা যায়৷ ইয়াৰ দেহৰ ওজন ২.১৬ কি:গ্ৰা: হয়৷ ২৩৪মতা দেওৰাজ হাঁহ মাইকীজনীতকৈ আকাৰত কিছু ডাঙৰ হয়৷১
দেওৰাজ হাঁহৰ দেহৰ বৰণ মুগা-মটীয়া (greyish-brown), মূৰ ডাঠ আৰু পেট শেঁতা বৰণৰ হয়৷ পেটত বিভিন্ন ধৰণৰ ক'লা দাগ থাকে৷১৫
ইয়াৰ মাত ডাঙৰ, HOOOOOONK! ধৰণৰ ৷১
বিতৰণ
দেওৰাজ হাঁহ 'Old World' ৰ প্ৰায়ভাগ অঞ্চলতে পোৱা যায়৷ পূবে ই এছিয়াৰ পৰা চীনলৈকে বিস্তৃত৷ ৫
ই সাধাৰণতে বিভিন্ন জলাশয় যেনে, হ্ৰদ আদিত প্ৰজনন কৰে বুলি জনা যায়৷
আচৰণ
দেওৰাজ হাঁহ পৰিভ্ৰমণকাৰী চৰাইৰ প্ৰজাতি৷ ইহঁতে শীতকালত দক্ষিণৰ পৰা পশ্চিমলৈ পৰিভ্ৰমণ কৰে বুলি জনা যায়৷ অৱশ্যে স্কটলেণ্ড আৰু উত্তৰ পশ্চিম ইউৰোপৰ কিছুমান দেওৰাজ হাঁহ প্ৰধানকৈ স্থানীয়ভাৱে পোৱা যায়৷৬
তথ্য সংগ্ৰহ
- BirdLife International. (2009). Anser anser. 2009.2 IUCN Red List of Threatened Species
- Dunning. (1992). CRC Handbook of Avian Body Masses. CRC Press. ISBN 978-0-8493-4258-5
- Johnsgard, Paul A. (2010). Ducks, Geese, and Swans of the World. University of Nebraska Press
- Lorenz, Konrad Z.; Martys, Michael; Tipler, Angelika. (1991). Here Am I—Where Are You? The Behavior of the Greylag Goose. Harcourt Brace Jovanovich. ISBN 0-15-140046-3{{Please check ISBN|reason=Check digit (3) does not correspond to calculated figure.}}
- Madge, Steve; Burn, Hilary. (1988). Waterfowl: an Identification Guide to the Ducks, Geese, and Swans of the World. Houghton Mifflin. ISBN 0-395-46727-6
- Ogilvie, M. A.; Young, S. (2004). Wildfowl of the World. New Holland Publishers. ISBN 978-1-84330-328-2
- Wójcik, Ewa; Smalec, Elżbieta. (2007). Description of the Anser anser Goose Karyotype. Folia Biol.. পৃ. 35–40
বাহ্যিক সংযোগ
- Ageing and sexing (PDF) by Javier Blasco-Zumeta & Gerd-Michael Heinze
- RSPB A to Z of UK Birds
- Greylag Goose videos, photos & sounds on the Internet Bird Collection
- Greylag Goose pictures Wildlife Greylag Goose photos- adult with nestlings and voice
- Strong increase in the number of greylag goose in Norway (PDF, in Norwegian, by the Norwegian Institute for Nature Research)
তথ্যসূত্ৰ
- ↑ Madge Burn 1988, পৃ. 140–141
- ↑ Dunning 1992
- ↑ Ogilvie Young 2004
- ↑ Greylag Goose. oiseaux-birds.com
- ↑ Johnsgard 2010, পৃ. 60
- ↑ American Heritage Dictionary, graylag, noun. Dictionary.reference.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেওৰাজ হাঁহ” প্ৰবন্ধৰ সংশোধন ৬৩১৯৯২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।