অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

গুটিমালী ফুল

গুটিমালী (বৈজ্ঞানিক নাম: Jasminum multiflorum) জেছমিন গণৰ অন্তৰ্গত এক প্ৰকাৰৰ সুগন্ধী বগা ফুল। ইয়াক তেলুগুত "ছান্না জাজি মাল্লি" (సన్న జాజి మల్లి), বাংলাত কুন্দ আৰু সংস্কৃতত মেঘ মল্লিকা বোলে।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ১৮৭ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

গুটিমালী (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Jasminum multiflorum) জেছমিন গণৰ অন্তৰ্গত এক প্ৰকাৰৰ সুগন্ধী বগা ফুল। ইয়াক তেলুগুত "ছান্না জাজি মাল্লি" (సన్న జాజి మల్లి), বাংলাত কুন্দ আৰু সংস্কৃতত মেঘ মল্লিকা বোলে। ইংৰাজী ভাষাত ইয়াক সাধাৰণতে ষ্টাৰ জেছমিন (star jasmine) বুলি কোৱা হয়৷

ভাৰতীয় পৌৰাণিক কাহিনীত কুন্দ ফুল বগা ৰঙৰ বাবে জনাজাত। গতিকে, সাধাৰণ পশ্চিমীয়া ‘বৰফৰ দৰে বগা’ (white as snow) বাক্যাংশৰ পৰিৱৰ্তে হিন্দু পৌৰাণিক কাহিনীত প্ৰায়ে ‘কুন্দৰ দৰে বগা’ বাক্যাংশ ব্যৱহাৰ কৰা হয়। লগতে ধুনীয়া বগা দাঁতবোৰক প্ৰায়ে কুন্দ কলিৰ লগত তুলনা কৰা হয়। বিষ্ণুৰ বাবে ইয়াক বিশেষভাবে পবিত্ৰ বুলি ধৰা হয়। মণিপুৰত কুন্দ ফুল উপাসনাত ব্যৱহাৰ কৰা হয়, আৰু বিবাহ অনুষ্ঠানৰ এক অপৰিহাৰ্য অংশ। কইনাই দৰাক দুধাৰী কুন্দ ফুলৰ মালা পিন্ধায়। তাৰপিছত দৰাজনে তাৰে এধাৰী মালা কইনাক পিন্ধায়।

বিতৰণ

গুটিমালী ফুল ভাৰত, নেপাল, ভূটান, লাউচ, বাৰ্মা, থাইলেণ্ড, আৰু ভিয়েটনামৰ স্থানীয় উদ্ভিদ। গ্ৰীষ্মমণ্ডলীয় আৰু উপগ্ৰীষ্মমণ্ডলীয় অঞ্চলত বহুলভাৱে ইয়াৰ খেতি কৰা হয়। সাধাৰণতে জেচমিনজাতীয় ফুলবোৰ আকৰ্ষণীয় আৰু তীব্ৰ সুগন্ধি ফুলৰ বাবে জনাজাত যদিও এই প্ৰজাতিৰ কোনো গোন্ধ নাথাকে। এই প্ৰজাতিটো ফ্ল'ৰিডা, চিয়াপাছ, মধ্য আমেৰিকা, কুইন্সলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ বহু অংশত প্ৰাকৃতিককৰণ কৰা বুলি কোৱা হয়।১২৩

ব্যুৎপত্তি

ইংৰাজী জেচমিনিয়াম (Jasminum) শব্দটো আৰবী ياسمين য়াচেমিন (yasemin) শব্দটোৰ এটা লেটিনকৃত ৰূপ, যিয়ে মিঠা সুগন্ধিযুক্ত উদ্ভিদক বুজায়।৪

তথ্যসূত্ৰ

  1. ↑ Kew World Checklist of Selected Plant Families, Jasminum multiflorum
  2. ↑ Jasminum multiflorum. Australian Plant Name Index (APNI), IBIS database. Centre for Plant Biodiversity Research, Australian Government, Canberra
  3. ↑ Biota of North America Program, Jasminum multiflorum
  4. ↑ Gledhill, David (2008). "The Names of Plants". Cambridge University Press. (hardback), (paperback). pp 220

সম্পৰ্কিত শ্ৰেণী

ফুলঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুটিমালী ফুল” প্ৰবন্ধৰ সংশোধন ৫৪০৮৭৭ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।