ধৰ্মৰ প্ৰাণতত্ত্ব (Dharmar Prantattva) হৈছে অসমীয়া সাহিত্যিক আৰু ভূতত্ত্ববিদ ড০ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা লিখিত এখনি ধৰ্মতত্ত্ব-বিষয়ক গ্ৰন্থ। গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০১০ চনৰ মাৰ্চ মাহত প্ৰকাশিত হৈছিল। ২০২৩ চনৰ নৱেম্বৰত গ্ৰন্থখনৰ পুনৰ মুদ্ৰণ হয়। ১
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: প্ৰণৱজ্যোতি ডেকা
প্ৰণৱজ্যোতি ডেকা (জন্ম: ১৯৩৯, মৃত্যু: ৬ এপ্ৰিল, ২০২৪) অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক, গৱেষক, অভিধান প্ৰণেতা, ভূ-তত্ত্ববিদ আৰু অধ্যাপক।ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ‘সোণৰ চামুচ মুখত লৈ’ শীৰ্ষক তেওঁৰ আত্মজীৱনীখনে প্ৰকাশৰ পিছতে বিদ্বান মহলৰ প্ৰশংসা লাভ কৰিছিল। জ্যোতি দ্বিভাষিক অভিধান ডেকাৰ উল্লেখযোগ্য সাহিত্যকৃতি। ২০২৩ বৰ্ষত তেওঁ “ড° প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প” শীৰ্ষক গল্প সংকলনটিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
গ্ৰন্থৰ চমু পৰিচিতি
গ্ৰন্থখনত মুঠতে নটা অধ্যায় আছে৷ সেইকেইটা হৈছে:
- পৰিচিতি
- ধৰ্মাচৰণ আৰু প্ৰতিৰক্ষা ব্যৱস্থা
- ধৰ্মাচৰণত লুক্কায়ন আৰু স্থিৰতা
- যুদ্ধ বা পলায়নৰ বিপৰীতে ভক্তিবাদ
- ভগৱান, আত্মা আৰু পুনৰ্জন্ম
- ধৰ্মাচৰণ আৰু অলৌকিক সংঘটন
- অতীন্দ্ৰিয় অনুভূতি
- বিজ্ঞানে যেতিয়া উজুটি খায়
- সাৰাংশ
তথ্যসূত্ৰ
- ↑ ড০ প্ৰণৱজ্যোতি ডেকা. ধৰ্মৰ প্ৰাণতত্ত্ব. বান্ধৱ প্ৰকাশন, ২০২৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধৰ্মৰ প্ৰাণতত্ত্ব” প্ৰবন্ধৰ সংশোধন ৪২৫৪২২ (১০ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।