অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নামমালিকা

নামমালিকা মাধৱদেৱ বিৰচিত এখন অমূল্য গ্ৰন্থ। এই গ্ৰন্থখনি কোচ ৰাজবিষয়া বীৰুকাৰ্য্যীৰ অনুৰোধত ৰচনা কৰা হৈছিল। মাধৱদেৱৰ শিষ্য পদ্ম আতাই উজনিলৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ আহোঁতে ঘোষা ৰত্নাৱলী কীৰ্তন দশম আৰু নামমালিকা গুৰুৰ আশীৰ্বাদৰূপে লৈ গৈছিল।

হালনাগাদ: ২১ জুন ২০২৫ ১৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

নামমালিকা মাধৱদেৱ বিৰচিত এখন অমূল্য গ্ৰন্থ। এই গ্ৰন্থখনি কোচ ৰাজবিষয়া বীৰুকাৰ্য্যীৰ অনুৰোধত ৰচনা কৰা হৈছিল। মাধৱদেৱৰ শিষ্য পদ্ম আতাই উজনিলৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ আহোঁতে ঘোষা ৰত্নাৱলী কীৰ্তন দশম আৰু নামমালিকা গুৰুৰ আশীৰ্বাদৰূপে লৈ গৈছিল।

উত্তৰ কমলাবাৰীত সত্ৰত নামমালিকা পুথিখন বৰ্তমানো সেৱাৰ বস্তু হিচাপে সংৰক্ষিত হৈ আছে।১

ৰচনা

নামমালিকা পুথিখন মাধবদেৱৰ শেষ বয়সৰ ৰচনা। এই পুথিখন তেওঁ কোচবেহাৰত থাকোঁতে ৰচনা কৰিছিল। ৰজা বীৰনাৰায়ণ আৰু ৰাজমাও আইধাইৰ পৃষ্ঠপোষকতাত তেওঁ শাস্ত্ৰ চৰ্চাৰ অনুকুল পৰিৱেশ পাইছিল।

ৰাজবিষয়া বীৰুকাৰ্য্যীৰ মাধবদেৱৰ প্ৰতি অগাধ ভক্তি আছিল। এদিন তেওঁ এজন ব্ৰাহ্মণ, এজন কায়স্থ আৰু মাধবদেৱক এখন পদপুথি ৰচনা কৰিবলৈ দিলে। ব্ৰাহ্মণে ছয় মাহত, কায়স্থজনে তিনি মাহত আৰু মাধবদেৱে এপক্ষৰ ভিতৰতে পদ লিখি শেষ কৰিলে। তিনিওখন নিৰীক্ষণ কৰি মাধবদেৱৰ পদসমূহকে শ্ৰেষ্ঠতৰ বুলি স্বীকৃতি দি নামমালিকা পুথি আকাৰে গ্ৰহণ কৰিলে।২ নামমালিকাৰ মূল গ্ৰন্থ পুৰুষোত্তম গজপতি ৰচিত সংস্কৃত পুথি, যিখন বিষ্ণু শৰ্মা ভট্টাচাৰ্য্যই আনি বীৰু কাৰ্য্যীক দিছিল।৩

তথ্যসূত্ৰ

  1. ↑ কেনেদৰে আছে শংকৰদেৱ গুৰুজনাই স্বহস্তে লেখা দশম পুথিখনি
  2. ↑ ঠাকুৰ, দৈত্যাৰি. (২০০৪ (তৃতীয় প্ৰকাশ)). মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ চৰিত্ৰ. দত্তবৰুৱা পাব্লিছিং কোম্পানী প্ৰা: লি:. পৃ. ৩০৪, ৩০৫
  3. ↑ নেওগ, মহেশ্বৰ (সম্পাদিত). (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃ. ৩৯

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থধৰ্ম গ্ৰন্থমাধৱদেৱৰ সাহিত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নামমালিকা” প্ৰবন্ধৰ সংশোধন ৫১৯৭৬৭ (২১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।