পৰাণ নিগৰে হ’ল অসমৰ নৱপ্ৰজন্মৰ সাহিত্যিক শৰ্মিষ্ঠা প্ৰীতমৰ এখন উপন্যাস।১২ নিভাঁজ গাঁৱলীয়া পৰিৱেশৰ বৰ্ণনা সম্বলিত৩ উপন্যাসখন বনফুল প্ৰকাশনৰ পৰা প্ৰকাশিত। ২০১৯ চনৰ নৱেম্বৰ মাহত উপন্যাসখন প্ৰথম প্ৰকাশ হৈছে। মুঠ ২১৬ পৃষ্ঠাৰ উপন্যাসখনৰ মূল্য ২২৫ টকা। ৩ লেখিকাই গ্ৰন্থখন "সৰুৰ মাকৰ হাতত" অৰ্পণ কৰিছে। সৰু হৈছে উপন্যাস পৰাণ নিগৰেৰ কেন্দ্ৰীয় চৰিত্ৰ।৪
বিৱৰণ
গ্ৰাম্য জীৱনৰ ভিত্তিত ৰচিত পৰাণ নিগৰে উপন্যাসখনত মূলতঃ সৰু নামৰ শিশুচৰিত্ৰটিক লৈয়ে কাহিনী আগবাঢ়িছে। উপন্যাসখনত গ্ৰাম্য-প্ৰকৃতিক কাব্যময় বিৱৰণত পোৱা যায়।৩ উপন্যাসখনে পঢ়ুৱৈক চৰিত্ৰবোৰৰ সৈতে একাত্ম কৰাৰ লগতে শৈশৱৰ দিনলৈ মনত পেলায় দিয়ে বুলি পঢ়ুৱৈ সমাজে কয়।১উপন্যাস খনৰ প্ৰধান চৰিত্ৰ হৈছে সৰু। পঢ়ুৱৈৰ মত অনুসৰি, "সৰুৰ বাবে পৃথিৱীখন বিচিত্ৰ। মায়ালগা। অলেখ প্ৰশ্নই সৰুক জুমুৰি দি থাকে। সৰুৰ শিশু মনটোক ভাতৰ চিন্তাই আকুল কৰিলেও নিৰাশ কৰিব নোৱাৰে।" ২
উপন্যাসখনত গ্ৰাম্য সমাজৰ নিভাঁজ ছবি ৰোমন্থন আৰু শৈশৱৰ বিস্ময়কৰ কাহিনী বৰ্ণিত হৈছে। সৰু নামৰ শিশু চৰিত্ৰটিৰ সহায় লৈ নষ্টালজিক চেতনাৰ অন্তৰ্স্থলীত প্ৰোথিত কৰি তাৰ সমান্তৰালভাৱে পঢ়ুৱৈক অতীত আৰু বৰ্তমানৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যবোৰ দেখুৱাব পাৰিছে বুলিও পঢ়ুৱৈয়ে মন্তব্য দিয়া দেখা যায়। উপন্যাসখনত সৰু-ডাঙৰ, ভিন্ন মনস্তত্ত্বৰ, ভিন্ন বৈশিষ্ট্যৰ অনেক চৰিত্ৰৰ সমাগম ঘটিছে। সৰুৰ মাক, ককায়েক মইনা, জানেকী জেঠাই, বুঢ়ীবাই, খোপাডাঙৰী বাই, নামতী আই, যমুনা আই ইত্যাদি। ৩
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: শৰ্মিষ্ঠা প্ৰীতম
নগাঁও জিলাৰ ফুলগুৰিত জন্ম লাভ কৰা শৰ্মিষ্ঠা প্ৰীতম পিতৃৰ নাম অভয় বৰুৱা আৰু মাতৃ ৰেণু বৰুৱা। ফুলগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰি ফুলগুৰি হাইস্কুলৰ পৰা মেট্ৰিকৰ দেওনা পাৰ কৰে। তেওঁ ৰহা হাইস্কুলৰ পৰা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰহা মহাবিদ্যালয়ৰ পৰা স্নাতক শিক্ষা লাভ কৰে।৫ সৰুৰে পৰা সাহিত্যত ৰাপ থকা শৰ্মিষ্ঠাৰ নানা প্ৰবন্ধ অসমৰ কেইবাখনো বাতৰি কাকতত প্ৰকাশ হৈছে। তেওঁৰ প্ৰথম গ্ৰন্থ আছিল "ডাৱৰীয়া আকাশৰ বেলি" নামৰ এখন প্ৰবন্ধ সংকলন৬। "দোকমোকালি" তেওঁৰ প্ৰথম কবিতা পুথি৬। "আলফুলৰ সপোন" তেওঁৰ শিশু উপন্যাস। শৰ্মিষ্ঠা প্ৰীতম সৰুৰে পৰা "স্পাইনেল মাছ্কুলাৰ এট্ৰ'ফী" (Spinal muscular Atrophy) নামৰ ৰোগত আক্ৰান্ত৬।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ ভাৰতী পাঠক. (১৬ মে', ২০২০). শৰ্মিষ্ঠা প্ৰীতমৰ দুখন কিতাপ পঢ়ি, আত্মকথা, পৰাণ নিগৰে. নিয়মীয়া বাৰ্তা
- ↑ ড° উৰ্বশী মহন্ত. (১১ জুলাই, ২০২০). পৰাণ নিগৰে. নিয়মীয়া বাৰ্তা
- ↑ ঈশান জ্যোতি বৰা. (১২ জানুৱাৰী, ২০২০). সাধাৰণ পাঠকৰ দৃষ্টিৰে শৰ্মিষ্ঠা প্ৰীতমৰ নৱতম উপন্যাস. প্ৰতিদিন
- ↑ শৰ্মিষ্ঠা প্ৰীতম. (নৱেম্বৰ, ২০১৯). পৰাণ নিগৰে. বনফুল. ISBN 978-93-81710-78-4
- ↑ লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ সৈতে এখন্তেক. আমি অসমীয়া
- ↑ উপেন্দ্ৰ বৰকটকী. শাৰীৰিক প্ৰত্যাহ্বানযুক্ত লেখিকাৰ সৃষ্টি প্ৰতিভা. Assameseonline.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰাণ নিগৰে” প্ৰবন্ধৰ সংশোধন ৪০৯৭৯২ (৫ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।