অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

পিৰাহা ভাষা

পিৰাহা বা মুৰা-পিৰাহা ভাষা হ'ল ব্ৰাজিলৰ আমাজনাৰ পিৰাহা জনগোষ্ঠীৰ থলুৱা ভাষা। পিৰাহাসকলে আমাজন নদীৰ উপনৈ মাইচি নদীৰ কাষত বাস কৰে। পিৰাহা হৈছে মুৰা ভাষাৰ একমাত্ৰ জীয়াই থকা উপভাষা।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

পিৰাহা বা মুৰা-পিৰাহা ভাষা হ'ল ব্ৰাজিলৰ আমাজনাৰ পিৰাহা জনগোষ্ঠীৰ থলুৱা ভাষা। পিৰাহাসকলে আমাজন নদীৰ উপনৈ মাইচি নদীৰ কাষত বাস কৰে। পিৰাহা হৈছে মুৰা ভাষাৰ একমাত্ৰ জীয়াই থকা উপভাষা। মুৰা জনগোষ্ঠীৰ বেছিভাগ গোট পৰ্তুগীজলৈ স্থানান্তৰিত হোৱাৰ কাৰণে যোৱা কেইটামান শতিকাত মুৰা ভাষাৰ বাকী উপভাষা সমূহৰ মৃত্যু হৈছে। পিৰাহা ভাষা কোৱা মানুহৰ সংখ্যা ২৫০ৰ পৰা ৩৮০জনৰ ভিতৰত হ'ব বুলি অনুমান কৰা হৈছে।১ অৱশ্যে এই ভাষাৰ বিলুপ্তিৰ তাৎক্ষণিক বিপদ নাই। কাৰণ ইয়াৰ ব্যৱহাৰ প্ৰবল আৰু পিৰাহা সম্প্ৰদায় বেছিভাগেই একভাষিক। পিৰাহাসকলৰ সৈতে ১৮ মাহ ধৰি বাস কৰা নৃতত্ত্ববিদ মাৰ্কো এণ্টনিঅ' গনচালভেছে লিখিছে যে "বেছিভাগ পুৰুষে পৰ্তুগীজ ভাষা বুজি পায়, যদিও সকলোৱেই ভাষাটোত নিজকে প্ৰকাশ কৰিবলৈ সক্ষম নহয়। মহিলাসকলৰ পৰ্তুগীজ ভাষাৰ বিষয়ে কম বুজাবুজি থাকে আৰু কেতিয়াও ইয়াক ব্যৱহাৰ নকৰে।"

ধ্বনিবিজ্ঞান

পিৰাহা ভাষা হৈছে ধ্বনিতাত্ত্বিকভাৱে সৰল ভাষাসমূহৰ ভিতৰত অন্যতম, ৰ'ট'কাছ (নিউ গিনি) আৰু লেকছ প্লেইন ভাষা যেনে অবকুইটাইৰ সৈতে তুলনাযোগ্য।

তথ্যসূত্ৰ

  1. ↑ Nevins, Andrew; Pesetsky, David; Rodrigues, Cilene. (September 2009). Evidence and argumentation: A reply to Everett (2009). Language. পৃ. 671–681

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিৰাহা ভাষা” প্ৰবন্ধৰ সংশোধন ৬২৪০৪২ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।