অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

প্ৰাচীন হিন্দী

প্ৰাচীন হিন্দী (पुरानी हिंदी) হৈছে বৰ্তমানৰ হিন্দী ভাষাৰ খড়িবোলী উপভাষাৰ প্ৰাৰম্ভিক ৰূপ। ইয়াক আধুনিক মান্য হিন্দী ভাষাৰ পূৰ্বসূৰী বুলি গণ্য কৰা হয়। এই ভাষা বৰ্তমানৰ হিন্দী বেল্টৰ, বিশেষকৈ দিল্লী আৰু ইয়াৰ কাষৰিয়া অঞ্চলৰ লোকলকলৰ মাজত প্ৰায় ১৩-১৪ শতিকাৰ সময়ত প্ৰচলিত আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১০৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

প্ৰাচীন হিন্দী (पुरानी हिंदी) হৈছে বৰ্তমানৰ হিন্দী ভাষাৰ খড়িবোলী উপভাষাৰ প্ৰাৰম্ভিক ৰূপ। ইয়াক আধুনিক মান্য হিন্দী ভাষাৰ পূৰ্বসূৰী বুলি গণ্য কৰা হয়। এই ভাষা বৰ্তমানৰ হিন্দী বেল্টৰ, বিশেষকৈ দিল্লী আৰু ইয়াৰ কাষৰিয়া অঞ্চলৰ লোকলকলৰ মাজত প্ৰায় ১৩-১৪ শতিকাৰ সময়ত প্ৰচলিত আছিল। কবি আমিৰ খশ্ৰুৰ লেখনি, কবি তথা সন্ত নামদেৱৰ লেখনি, তথা শিখ ভাষাৰ ধৰ্মপুথি গুৰু গ্ৰন্থ চাহিবত চুফি সন্ত বাবা ফাৰিদৰ লিখা কিছু স্তৱকত এই ভাষাৰ ব্যৱহাৰ দেখা যায়।১২ কবীৰৰ লেখনিতো খড়িবোলীৰ সদৃশ ভাষা ব্যৱহাৰ দেখা যায়। এই প্ৰাচীন হিন্দী ভাষাৰ পৰাই বৰ্তমানৰ হিন্দুস্থানী ভাষাৰ উদ্ভব হয়।

লগতে পঢ়ক

  • Strnad, Jaroslav (2013). Morphology and Syntax of Old Hindī: Edition and Analysis of One Hundred Kabīr vānī Poems from Rājasthān. Brill. ISBN 9789004254893.

তথ্যসূত্ৰ

  1. ↑ Masica, Colin P. (1991). The Indo-Aryan Languages. Cambridge University Press. ISBN 9780521299442
  2. ↑ Callewaert, Winand M. and Mukunda Lāṭh. (1989). The Hindi Songs of Namdev. Peeters Publishers. ISBN 978-906831-107-5

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাচীন হিন্দী” প্ৰবন্ধৰ সংশোধন ৬৩১৫০৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।