প্ৰেমত পৰিলো নেকি গ্ৰন্থখন অসমীয়া ভাষাত কম্পিউটাৰেৰে ডিটিপি কৰি প্ৰস্তুত কৰা প্ৰথমখন গ্ৰন্থ। গ্ৰন্থখনৰ লিখক দিলীপ কুমাৰ দত্ত। ১৯৮৭ চনৰ ডিচেম্বৰ মাহত এই গ্ৰন্থখন প্ৰকাশক নাৰায়ণ ডেকাৰ ‘অসমী প্ৰকাশন’ৰ পৰা প্ৰকাশ হৈছে।১ গ্ৰন্থখনত লিখকৰ শৈশৱ জীৱনৰ প্ৰেম আৰু অভিজ্ঞতাৰ বৰ্ণনা আছে। এই গ্ৰন্থখন তেঁও নিজে নিৰ্মাণ কৰা ‘ব্ৰহ্মপুত্ৰ’ নামৰ এটা ফণ্টৰ জৰিয়তে ডিটিপি কৰি প্ৰকাশ কৰা হৈছে। গ্ৰন্থখনৰ শিৰোনাম পৃষ্ঠাতে ‘ভাৰতীয় ভাষাত কম্পিউটাৰেৰে প্ৰস্তুত কৰা প্ৰথম পুথি’ বুলি উল্লেখ কৰা হৈছে।২ প্ৰকাশৰ সময়ত গ্ৰন্থখনৰ মূল্য আছিল ১৬ টকা।৩
সূচীপত্ৰ
গ্ৰন্থখনত তিনিটা ভাগ কৰা হৈছে। তিনিওটা ভাগতে চাৰিটাকৈ লেখা আছে। ভাগকেইটা হৈছে-
- প্ৰথম ভাগঃ প্ৰেমৰ লগত পৰিচয়ঃ খালত পৰা প্ৰেম, ঘোঁৰা-বাগিৰ পৰা প্ৰেম, লগে ভাগে পৰা প্ৰেম, জঁপিয়াই পৰা প্ৰেম
- দ্বিতীয় ভাগঃ প্ৰেমৰ লগত কাসাকাসিঃ ইনেয়ে পৰা প্ৰেম, উজুটি খাই পৰা প্ৰেম, চাইকেলৰ-পৰা পৰা প্ৰেম, খটখটিৰপৰা পৰা প্ৰেম
- তৃতীয় ভাগঃ প্ৰেমৰ লগত সন্মুখাসমুখিঃ দেৱজানি-উৰ্মিলা, জেচোলিন, সুজাতা, সামৰণি
তথ্যসূত্ৰ
- ↑ কম্পিউটাৰত লিখা প্ৰথমখন অসমীয়া গ্ৰন্থৰ স্ৰষ্টা, বিশিষ্ট লিখক-শিক্ষাবিদ দিলীপ কুমাৰ দত্ত আৰু নাই…
- ↑ কম্পিউটাৰত অসমীয়াত লিখা প্ৰথমখন গ্ৰন্থৰ স্ৰষ্টা, অসমীয়া গণিতজ্ঞ, গৱেষক, শিক্ষাবিদ ড° দিলীপ কুমাৰ দত্তৰ জীৱনযাত্ৰাঃ
- ↑ দিলীপ কুমাৰ দত্ত. (১৯৮৭). প্ৰেমত পৰিলো নেকি. অসমী প্ৰকাশন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰেমত পৰিলো নেকি” প্ৰবন্ধৰ সংশোধন ৩৮৫১৪৪ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।