অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ফ্ৰণ্টলাইন (আলোচনী)

ফ্ৰণ্টলাইন (ইংৰাজী: Frontline) হ’ল হিন্দু গোষ্ঠীৰপৰা প্ৰকাশিত ইংৰাজী ভাষাৰ এখন পষেকীয়া আলোচনী৷ ইয়াৰ মুখ্য কাৰ্যালয় চেন্নাইত অৱস্থিত৷ বৰ্তমান আলোচনীখনৰ সম্পাদক হ’ল বৈষ্ণ ৰয়৷ আলোচনীখনত ৰাজনৈতিক, বিশ্ব পৰিক্ৰমা, সংস্কৃতি, বিজ্ঞান, স্থাস্থ্য, বাণিজ্য, ব্যক্তিত্ব আদি বিভিন্ন বিষয়ৰ সংবাদ আৰু গভীৰ…

হালনাগাদ: ৭ আগষ্ট ২০২৫ ১০৪ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

ফ্ৰণ্টলাইন (ইংৰাজী: Frontline) হ’ল হিন্দু গোষ্ঠীৰপৰা প্ৰকাশিত ইংৰাজী ভাষাৰ এখন পষেকীয়া আলোচনী৷ ইয়াৰ মুখ্য কাৰ্যালয় চেন্নাইত অৱস্থিত৷ বৰ্তমান আলোচনীখনৰ সম্পাদক হ’ল বৈষ্ণ ৰয়৷১ আলোচনীখনত ৰাজনৈতিক, বিশ্ব পৰিক্ৰমা, সংস্কৃতি, বিজ্ঞান, স্থাস্থ্য, বাণিজ্য, ব্যক্তিত্ব আদি বিভিন্ন বিষয়ৰ সংবাদ আৰু গভীৰ অন্তৰ্দৃষ্টিসম্পন্ন বিশ্লেষণ প্ৰকাশ পায়৷২ আলোচনীখনে ভাৰতৰ উন্নয়নমূলক বিষয়বোৰ আৰু শ্ৰমিক শ্ৰেণী, অসংগঠিত শ্ৰেণী, জনজাতীয় অঞ্চল আৰু অন্য অনুন্নত অঞ্চলৰ মানুহৰ সমস্যাবোৰৰ ওপৰত আলোকপাত কৰে৷১

ইতিহাস

ফ্ৰণ্টলাইন প্ৰথম প্ৰকাশ পাইছিল ১৯৮৪ চনৰ ডিচেম্বৰ মাহত৷ ইয়াক প্ৰথমে বাতৰিকাকত হিচাপে প্ৰকাশ কৰাৰ পৰিকল্পনা আছিল৷ বিষয়বস্তু আৰু প্ৰকাশনা লৈ প্ৰতিষ্ঠাপকসকলৰ মাজত মতভেদ ঘটাত আলোচনীখন পি.এল. ইনভেষ্টমেণ্ট লিমিটেডক বিক্ৰী কৰি দিয়ে৷ পি.এল. ইনভেষ্টমেণ্ট লিমিটেডে পিছত হিন্দু গোষ্ঠীক বিক্ৰী কৰি দিয়ে৷১

লেখকসকল

আৰ. বিজয় শংকৰ আলোচনীখনৰ দীৰ্ঘ দিন সম্পাদক হৈ আছিল৷ তেওঁ ২੦২২ চনৰ মে’ত অৱসৰ গ্ৰহণ কৰে৷ আলোচনীখনৰ নিয়মীয়া লেখকসকলৰ ভিতৰত চি. পি. চন্দ্ৰশেখৰ, প্ৰফুল বিডৱাই, জয়তী ঘোষ, হাসনেইন ৰিজা, ভাস্কৰ ঘোষ, ইজাজ আহমেদ, বিজয় প্ৰসাদ, এ. জি. নুৰানী আদি অন্যতম৷ মাৰ্ক্সবাদী ইতিহাসবিদ বিজয় প্ৰসাদে ‘আমেৰিকাৰ চিঠি’ শীৰ্ষক শিতানটো লিখে৷ আলোচনীখনে কোনো বিষয়ৰ পুংখানুপুংখ আলোচনা, দীঘলীয়া সাক্ষাৎকাৰ, প্ৰবন্ধ আৰু স্তম্ভৰ বাবে জনাজাত৷ ইজাজ আহমেদে আলোচনীখনক “পৃথিৱীৰ এখন শ্ৰেষ্ঠ সংবাদ-আলোচনী”৩ বুলি কৈছে৷

বঁটা

আলোচনীখনৰ নিয়মীয়া সংবাদদাতা ডিয়নি বুন্সাই পৰিৱেশ বিষয়ক ক্ষেত্ৰখনত অসাধাৰণ সংবাদসেৱা আগবঢ়োৱাৰ বাবে ২੦੦৭ চনত ৰামনাথ গোয়েংকা বঁটা লাভ কৰে৷ সাংবাদিক পি ছাইনাথ আলোচনীখনৰ এগৰাকী নিয়মীয়া সাংবাদিক৷ তেৱোঁ ২੦੦৭ চনত সৃষ্টিশীল কলা, সাংবাদিকতা আৰু যোগাযোগ শিতানত ৰমণ মেগাছেছে বঁটা লাভ কৰে৷১

তথ্যসূত্ৰ

  1. ↑ en.wikipedia.org/wiki/Frontline_(magazine)#cite_
  2. ↑ frontline.thehindu.com/aboutus/
  3. ↑ web.archive.org/web/20070929135538/http://www.zm

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী আলোচনীভাৰতত প্ৰকাশিত আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰণ্টলাইন (আলোচনী)” প্ৰবন্ধৰ সংশোধন ৫৩০৮৪১ (৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।