অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বিজ্ঞানৰ ইতিহাস

বিজ্ঞানৰ ইতিহাস (২੦২৩, Bigyanar Itihas – A Comprehensive history of science) ২੦২৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাই প্ৰকাশ কৰা বিজ্ঞানৰ ইতিহাস বিষয়ক এখন গ্ৰন্থ৷ গ্ৰন্থখন সম্পাদনা কৰিছে যোগেন্দ্ৰনাথ শৰ্মাই৷

হালনাগাদ: ১০ মাৰ্চ ২০২৫ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৪৭
সংশোধনৰ পৰামৰ্শ

বিজ্ঞানৰ ইতিহাস (২੦২৩, Bigyanar Itihas – A Comprehensive history of science) ২੦২৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাই প্ৰকাশ কৰা বিজ্ঞানৰ ইতিহাস বিষয়ক এখন গ্ৰন্থ৷ গ্ৰন্থখন সম্পাদনা কৰিছে যোগেন্দ্ৰনাথ শৰ্মাই৷১

বিষয়বস্তু

গ্ৰন্থখনত মুঠ এঘাৰটা অধ্যায় আছে৷ প্ৰতিটো অধ্যায় ঊনৈছগৰাকী ভিন ভিন বিষয়ৰ

লেখকে প্ৰস্তুত কৰিছে৷ গ্ৰন্থখনৰ বিভিন্ন অধ্যায় প্ৰস্তুত কৰা লেখকসকল হ’ল: অপূৰ্ব ভাস্কৰ গগৈ, অৱনী কুমাৰ ভাগৱতী, অমিয়া ৰাজবংশী, উমানন্দ দেৱ গোস্বামী, কল্পনা দুৱৰা, কল্যাণ ভূঞা, গোপালচন্দ্ৰ হাজৰিকা, চন্দ্ৰকান্ত চেতিয়া, জ্যোতিৰেখা গগৈ সন্দিকৈ, টীকেন্দ্ৰজিৎ গগৈ, তাপস কুমাৰ গোস্বামী, পৰমানন্দ মহন্ত, প্ৰদীপ কুমাৰ ভূঞা, বাৰীন্দ্ৰ কুমাৰ শৰ্মা, বুলুমণি কলিতা, মুকুন্দ ৰাজবংশী, যোগেন্দ্ৰনাথ শৰ্মা, সুৰজিৎ বৰকটকী আৰু সোণেশ্বৰ শৰ্মা৷ ১

গ্ৰন্থখনত পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান, গণিত, প্ৰাণীবিদ্যা, উদ্ভিদবিদ্যা, ভূবিজ্ঞানকে ধৰি বিজ্ঞানৰ আটাইবোৰ পৰম্পৰাগত বিষয়ক সামৰি লোৱাৰ লগতে জীৱপ্ৰযুক্তি বিজ্ঞান, মহাকাশবিজ্ঞান, দ্ৰব্যবিজ্ঞান, নেন’বিজ্ঞান আদি প্ৰাসংগিক বিষয়সমূহতো আলোকপাত কৰা হৈছে৷১

তথ্যসূত্ৰ

  1. ↑ বিজ্ঞানৰ ইতিহাস, যোগেন্দ্ৰনাথ শৰ্মা (সম্পা.) ২੦২৩, প্ৰকাশন শাখা, ডিব্ৰুগড় বিশ্ববিদ্যালয়৷

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজ্ঞানৰ ইতিহাস” প্ৰবন্ধৰ সংশোধন ৪৯০০৩৬ (১০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।