ফ্ৰেংকেনষ্টাইন (Frankenstein) বা দ্য মডাৰ্ণ প্ৰমিথিউছ (The Modern Prometheus) হৈছে মেৰী ৱলষ্ট’নক্ৰেফ্ট শ্বেলীৰ দ্বাৰা ৰচিত এখন জনপ্ৰিয় উপন্যাস। স্বামীৰ লগত ছুইজাৰলেণ্ডলৈ ফুৰিবলৈ যাওঁতে তেওঁৰ এই উপন্যাসখনৰ বীজৰ সৃষ্টি হয় আৰু তেওঁ ১৮ বছৰ বয়সতেই এই উপন্যাসখন ৰচনা কৰে।১
লেখিকাৰ চমু পৰিচয়
মূল প্ৰবন্ধ: মেৰী শ্বেলী
১৭৯৭ চনৰ ৩০ আগষ্টত লণ্ডনত মেৰী ৱলষ্ট’নক্ৰেফ্ট শ্বেলীৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল দাৰ্শনিক উইলিয়াম গডউইন আৰু মাক মেৰী ৱলষ্ট’নক্ৰেফ্ট সেই সময়ৰ এগৰাকী নাৰীবাদী চিন্তাৰ মহিলা আৰু লেখিকা আছিল। তেওঁ প্ৰখ্যাত ইংৰাজ কবি পাৰ্ছি বাইশ্ব শ্বেলী (Percy Bysshe Shelley)-ৰ দ্বিতীয় পত্নী আছিল। ১৮৫১ চনৰ ১ ফেব্ৰুৱাৰীত লণ্ডনত মেৰী শ্বেলীৰ মৃত্যু হয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰেংকেনষ্টাইন” প্ৰবন্ধৰ সংশোধন ৫২২৩৩৯ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।