অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বনফুল

বনফুল হৈছে কবি আৰু সু-সাহিত্যিক যতীন্দ্ৰ নাথ দুৱৰাৰ চতুৰ্থখন কবিতাপুথি। অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত এইখন প্ৰথম গ্ৰন্থ। কলিকতাত প্ৰবাসী হৈ থকা কালত যতীন্দ্ৰ নাথ দুৱৰাই বনফুল কবিতাপুথিখনৰ ৰচনা কৰে। ১৯৫২ চনত প্ৰকাশিত কবিতাপুথিখনত মুঠ ৫০টা কবিতা আছে।

হালনাগাদ: ২ মাৰ্চ ২০২৪ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

বনফুল হৈছে কবি আৰু সু-সাহিত্যিক যতীন্দ্ৰ নাথ দুৱৰাৰ চতুৰ্থখন কবিতাপুথি। অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত এইখন প্ৰথম গ্ৰন্থ। কলিকতাত প্ৰবাসী হৈ থকা কালত যতীন্দ্ৰ নাথ দুৱৰাই বনফুল কবিতাপুথিখনৰ ৰচনা কৰে। ১৯৫২ চনত প্ৰকাশিত কবিতাপুথিখনত মুঠ ৫০টা কবিতা আছে।১

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: যতীন্দ্ৰ নাথ দুৱৰা

যতীন্দ্ৰ নাথ দুৱৰা (১৮৯২-১৯৬৪) এগৰাকী প্ৰসিদ্ধ কবি আৰু সু-সাহিত্যিক আছিল। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি অনুৰাগ থকা দুৱৰাৰ প্ৰতিভা কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যত বিকশিত হয়। অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা পোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া সাহিত্যিক আছিল। ১৯৫৫ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ সভাপতিৰ পদ দুৱৰা দেৱে অলংকৃত কৰিছিল। ইংৰাজ সাহিত্যৰ ৰোমাণ্টিক কবিসকল, পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়াম, জাৰ্মান ভাষা কবি হেইনৰিখ আদি কবিসকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল।২

বঁ‌টা

বনফুল কবিতাপুথিখনৰ বাবে কবি যতীন্দ্ৰ নাথ দুৱৰাই ১৯৫২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ ডেকা, ড॰ নমিতা. যতীন্দ্ৰনাথ দুৱৰাৰ ‘বনফুল’
  2. ↑ ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ. পৃ. ৭৫, ৭৬, ৭৮

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া কবিতাপুথিসাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনফুল” প্ৰবন্ধৰ সংশোধন ৪০৯১৩৩ (২ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।