অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বলধাৰোহী

বলধাৰোহী (ইংৰাজী: Baladharohi) (২০২১) প্ৰকল্প ৰঞ্জন ভাগৱতীৰ একমাত্ৰ অসমীয়া কবিতা-সংকলন। ২০২১ চনৰ জানুৱাৰী মাহত অসম পাবলিচিং কোম্পানীয়ে সংকলনটি প্ৰকাশ কৰে।

হালনাগাদ: ১২ মাৰ্চ ২০২৬ ৫১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বলধাৰোহী (ইংৰাজী: Baladharohi) (২০২১) প্ৰকল্প ৰঞ্জন ভাগৱতীৰ একমাত্ৰ অসমীয়া কবিতা-সংকলন। ২০২১ চনৰ জানুৱাৰী মাহত অসম পাবলিচিং কোম্পানীয়ে সংকলনটি প্ৰকাশ কৰে।১২৩

বিষয়বস্তু

কবিতা-সংকলনটিত মুঠ আঠত্ৰিছটা কবিতা সন্নিৱিষ্ট হৈছে। প্ৰথম ছটা কবিতাৰ ৰচনাকাল ১৯৯৭-২০১৫ আৰু বাকীখিনি কবিতাৰ ৰচনাকাল ২০১৯-২০২০।১ সংকলনটিৰ আগকথা লিখিছে বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকাই।১ আগকথাত ডেকাই ভাগৱতীৰ কবিতাৰ বৈশিষ্ট্য সম্পৰ্কে ক’বলৈ গৈ কৈছে-- “অলংকাৰৰ অযথা প্ৰয়োগ পৰিহাৰ কৰিব পৰাটো তেওঁৰ আত্মবিশ্বাসৰ পৰিচায়ক৷”১ সংকলনটিৰ শেষৰ ফালে সমালোচক আনন্দ বৰমুদৈৰ 'প্ৰকল্প ৰঞ্জন ভাগৱতীৰ কবিতা' শীৰ্ষক এটি সমালোচনা সন্নিৱিষ্ট হৈছে, য’ত তেওঁ কৈছে যে ভাগৱতীৰ একাধিক কবিতাত সমাজ-জীৱন কলুষিত কৰা অমংগলৰ সূক্ষ্ম বিদ্ৰূপ আৰু সমালোচনা সোমাই আছে।১ সমালোচক মুনীন বায়নৰ মতে বুদ্ধিদীপ্ত ব্যংগ আৰু পৰিহাসময়তাই ভাগৱতীৰ কবিতাক নাগৰিক জীৱনৰ ওচৰ চপাই আনিছে৷১ কবি অনুভৱ তুলসীৰ মতে ভাগৱতীৰ কবিতা ‘এক চিন্তাশীলৰ আকৰ্ষণীয় কৰ্ষণ৷’১ লেখক কুমাৰ বিভূতিৰ মতে সংকলনটোৰ কবিতাবোৰ অনাড়ম্বৰ, অথচ হৃদয়ভেদ্য৷৪ সমালোচক সিদ্ধাৰ্থ গোস্বামীৰ মতে কবিতাবোৰত প্ৰচ্ছন্ন হৈ আছে সমাজ সমালোচনা, ব্যৱস্থাৰ প্ৰতি ব্যংগ, বিদ্ৰূপ, শ্লেষ৷২ কবি, সমালোচক ৰাজীব বৰাই কৈছে, “ইয়াত সন্নিৱিষ্ট কবিতাখিনিৰে তেওঁ সাম্প্ৰতিক অসমীয়া কবিতাৰ এটা গুৰুত্বপূৰ্ণ স্বৰ হৈ ধৰা দিয়া যেন অনুভৱ হৈছে৷”৫

তথ্যসূত্ৰ

  1. ↑ বলধাৰোহী, প্ৰকল্প ৰঞ্জন ভাগৱতী, অসম পাবলিচিং কোম্পানী, গুৱাহাটী, ২੦২১, ISBN 978-93-90043-09-5
  2. ↑ ‘বলধাৰোহীৰ কবিতাবোৰ: এক নতুন সোৱাদ’, সিদ্ধাৰ্থ গোস্বামী, অসম আদিত্য, ২২ মে’, ২੦২২৷ (epaper.asomaditya.com/epaper/m/226330/6289afe7df)
  3. ↑ poetrywithoutfear.com/baladharohi-aru-anyanya-ka
  4. ↑ কুমাৰ বিভূতি, সাতসৰী, ছেপ্টেম্বৰ, ২੦২১
  5. ↑ ৰাজীব বৰা, অসমীয়া খবৰ, ৩੦ অক্টোবৰ, ২੦২১

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থকবিতাঅসমীয়া কবিতাপুথি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বলধাৰোহী” প্ৰবন্ধৰ সংশোধন ৫৮৭৩০৩ (১২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।