বিহুৱান অসমীয়া ভাষাৰ এখনি বছৰেকীয়া শিশু আলোচনী৷ ১৯৫০ চনত পাঠশালাৰ পৰা প্ৰকাশিত৷ সম্পাদক আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হলীৰাম ডেকা৷ এইখন এখন সচিত্ৰ শিশু আলোচনী আছিল৷ আলোচনীখনত মহৎ লোকৰ জীৱনী, লোক-সহিত্য, অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) সাহিত্যৰ জানিবলগীয়া কথা, ভ্ৰমণ কাহিনী,পুৰাণৰ কথা, বিদেশৰ শিশুৰ কথা, অতীজৰ পশু-পক্ষী, গীত কবিতা, কলা বিষয়ৰ নানা ৰচনা প্ৰকাশ পাইছিল৷ কাৰ্যাধ্যক্ষ আছিল হৰেন্দ্ৰনাথ শৰ্মা আৰু সহকাৰী অম্বিকাপদ চৌধুৰী৷ আলোচনীখন কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ বাণী মন্দিৰৰ পৰা প্ৰকাশ পাইছিল৷১
তথ্যসূত্ৰ
- ↑ ফুকন, প্ৰসন্ন কুমাৰ. (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃ. ২৭৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিহুৱান (শিশু আলোচনী)” প্ৰবন্ধৰ সংশোধন ৫২০০৬৮ (২২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।