বিপন্ন সময় (Biponno Xomoi) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত এখনি উল্লেখযোগ্য উপন্যাস। উপন্যাসখনৰ বিষয়বস্তু হৈছে ইতিহাস-সচেতনতা আৰু ইতিহাস বিশ্লেষণ। উল্লেখযোগ্য যে, বিশেষ উপন্যাসখনৰ বাবে ঔপন্যাসিক মেদিনী চৌধুৰীয়ে ১৯৯৯ চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।১
গ্ৰন্থকাৰৰ চমু পৰিচয়
মূল প্ৰবন্ধ: মেদিনী চৌধুৰী
মেদিনী চৌধুৰী অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক। তেখেতৰ ৰচনাসমূহৰ ভিতৰত প্ৰধানকৈ আছে উপন্যাস, জীৱনীমূলক উপন্যাস, বুৰঞ্জীমূলক গ্ৰন্থ, ভ্ৰমণ কাহিনী আৰুজন প্ৰব্ৰজন, সাহিত্য চিন্তা, ছাত্ৰ আন্দোলন আদি বিভিন্ন বিষয় সম্পৰ্কীয় প্ৰবন্ধ। বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু আদৰ্শৰে সমৃদ্ধ জীৱনভিত্তিক উপন্যাস ফেৰেংগাদাও মেদিনী চৌধুৰীৰ উল্লেখযোগ্য সৃষ্টি।
উপন্যাসৰ সংক্ষিপ্ত বিৱৰণ
গ্ৰন্থখনত ঊনবিংশ আৰু বিংশ শতিকাৰ অসম আৰু অসমে মুখামুখি হোৱা সমস্যাবোৰৰ বিৱৰণভিত্তিক কথন সন্নিৱিষ্ট হৈছে। বুৰঞ্জীৰ ঘটনাৱলীক কাহিনীৰ দ্বাৰা সংযুক্তকৰণৰ চেষ্টা এটা এই উপন্যাসত পৰিলক্ষিত হয়। সংশয় আৰু দ্বিধাগ্ৰস্ততাত আবদ্ধ নতুন পুৰুষে কেনেধৰণৰ কৌতূহলৰে বিগত সময়ছোৱাক চাইছে, তাৰো এখন সম্যক ছবি গ্ৰন্থখনত উপস্থাপিত হৈছে।১
বঁটা আৰু সন্মান
মেদিনী চৌধুৰীৰ এই গ্ৰন্থখনে ১৯৯৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।১
তথ্যসূত্ৰ
- ↑ বৰুৱা, শান্তনু কৌশিক. (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৬০৮. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিপন্ন সময়” প্ৰবন্ধৰ সংশোধন ২৫৭১৩৯ (৩১ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।