বিন্দু অসমৰ প্ৰথমখন ক্ষুদ্ৰতম আলোচনী আছিল। ১৯৭০ চনৰ এপ্ৰিল মাহত ড° ভূপেন হাজৰিকাৰ সম্পাদনাত আলোচনীখন প্ৰথম প্ৰকাশ পাইছিল। ড° ভূপেন হাজৰিকাই আলোচনীখনৰ আঠটা খণ্ড সম্পাদনা কৰিছিল। বিন্দু আলোচনীখনৰ মূল্য আছিল ত্ৰিশ পইছা।১
লিখকসকল
অসমৰ কেইবাজনো উল্লেখযোগ্য সাহিত্যিকে 'বিন্দু আলোচনীখনলৈ লিখা পঠিয়াইছিল। সেইসকল আছিল ক্ৰমেঃ লক্ষ্মীনাথ বেজবৰুৱা, ড° ভবেন্দ্ৰ নাথ শইকীয়া, অন্নদাশংকৰ ৰায়, নিত্যা দত্ত, লক্ষহীৰা দাস, উপেন কাকতি, পবিত্ৰ কুমাৰ ডেকা, ডঃ ভেৰিয়াৰ এলুইন, নিৰোদ চৌধুৰী, ৰবীন্দ্ৰ সৰকাৰ আৰু সন্তোষ চৰকাৰ।২
তথ্যসূত্ৰ
- ↑ দত্ত,ৰীমা. ড° ভূপেন হাজৰিকা দ্বাৰা সম্পাদিত প্ৰথম অসমীয়া আলোচনী “বিন্দু”-. rupaliparda
- ↑ দত্ত,ৰীমা. ড° ভূপেন হাজৰিকা দ্বাৰা সম্পাদিত প্ৰথম অসমীয়া আলোচনী “বিন্দু”-. rupaliparda
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিন্দু (আলোচনী)” প্ৰবন্ধৰ সংশোধন ৩২৮০০৬ (১৬ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।