অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

পাৰিপাৰ্শ্বিক কবিতা

পাৰিপাৰ্শ্বিক কবিতা (২০২৩, ইংৰাজী: Pariparshik Kabita) অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ এখন সংকলন। সংকলনখনৰ সম্পাদক কবি, অনুবাদক আৰু লেখক প্ৰকল্প ৰঞ্জন ভাগৱতী।

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ৭০ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

পাৰিপাৰ্শ্বিক কবিতা (২০২৩, ইংৰাজী: Pariparshik Kabita) অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ এখন সংকলন। সংকলনখনৰ সম্পাদক কবি, অনুবাদক আৰু লেখক প্ৰকল্প ৰঞ্জন ভাগৱতী। ১

বিৱৰণ

সংকলনটিৰ আগকথা লিখিছে সমালোচক আনন্দ বৰমুদৈয়ে। অসমৰ ঊনষাঠিগৰাকী কবিৰ ডেৰশৰো অধিক পাৰিপাৰ্শ্বিক কবিতা সংকলনটোত সন্নিৱিষ্ট হৈছে।২ সমালোচক বৰমুদৈয়ে আগকথাত কৈছে-- "এই কবিতাৰ সংকলনখনে সাম্প্ৰতিক অসমীয়া কবিতাই কেঁকুৰী এটা ঘূৰাৰ ইংগিত দিছে।"৩ সংকলনটিত সমালোচক মৃদুল বৰদলৈৰ 'Situating the Environmental Turn in Contemporary Assamese Poetry' শীৰ্ষক এটি ইংৰাজী লেখাও সন্নিৱিষ্ট হৈছে।২

সাতসৰী আলোচনীত প্ৰকাশিত এটা প্ৰবন্ধত কিতাপখনৰ বিষয়ে জ্যোতিষ্মান দাসে কৈছে, "পাৰিপাৰ্শ্বিক কবিতা (২০২৩) সংকলনটোৱে বিগত বৰ্ষত প্ৰকাশিত অসমীয়া গ্ৰন্থৰ তালিকাত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰাৰ লগতে আমাৰ মুলুকত কবিতা সম্পৰ্কীয় চিন্তা-চৰ্চা আৰু অনুশীলনৰ সুকীয়া বাট এটিও মসৃণকৈ কাটি দিলে।"৪

তথ্যসূত্ৰ

__FORCETOC__

তথ্যসূত্ৰ

  1. ↑ জ্যোতিষ্মান দাস, 'কবিতাত বাসোপযোগী ধৰাতলৰ প্ৰসংগ', সাতসৰী, ডিচেম্বৰ, ২০২৪, গুৱাহাটী।
  2. ↑ প্ৰকল্প ৰঞ্জন ভাগৱতী, পাৰিপাৰ্শ্বিক কবিতা ২০২৩, অসম পাবলিচিং কোম্পানী, গুৱাহাটী।
  3. ↑ জ্যোতিষ্মান দাস, 'কবিতাত বাসোপযোগী ধৰাতলৰ প্ৰসংগ', সাতসৰী, ডিচেম্বৰ, ২০২৪, গুৱাহাটী।
  4. ↑ জ্যোতিষ্মান দাস, 'কবিতাত বাসোপযোগী ধৰাতলৰ প্ৰসংগ', সাতসৰী, ডিচেম্বৰ, ২০২৪, গুৱাহাটী।

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থকবিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰিপাৰ্শ্বিক কবিতা” প্ৰবন্ধৰ সংশোধন ৪৯১১৮৩ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।