নাৰীবাদ (ইংৰাজী: Nareebad) (২੦১৮) হ’ল অপৰ্ণা মহন্তৰ নাৰীবাদৰ ইতিহাস আৰু তত্ত্ব সম্পৰ্কে অসমীয়া ভাষাত লিখা এখন গ্ৰন্থ৷ গ্ৰন্থখন ২੦১৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাৰপৰা ‘জ্ঞান বিচিত্ৰা গ্ৰন্থমালা’ৰ অধীনত প্ৰকাশ পায়৷১
বিষয়বস্তু
গ্ৰন্থখন দুটা খণ্ডত বিভক্ত৷ প্ৰথম খণ্ডত নাৰীবাদী আন্দোলনৰ ইতিহাসৰ এক ৰূপৰেখা আগবঢ়োৱা হৈছে৷ দ্বিতীয় খণ্ডত নাৰীবাদী চিন্তাধাৰা আৰু নাৰীবাদী তত্ত্বৰ অংকুৰণ আৰু বিকাশৰ আলোচনা আগবঢ়োৱা হৈছে৷ নাৰীবাদী আন্দোলনৰ ইতিহাসৰ আলোচনাত ভাৰত আৰু অসমৰ প্ৰসংগও সুকীয়াকৈ আলোচনা কৰা হৈছে৷১
লেখকৰ বিষয়ে
ড੦ অপৰ্ণা মহন্ত অসম আৰু উত্তৰ পূব ভাৰতত নাৰীবাদী অধ্যয়ন আৰু চিন্তা-চৰ্চাৰ ক্ষেত্ৰখনৰ এগৰাকী এটি সুপৰিচিত নাম৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপনা কৰা মহন্ত বিশ্ববিদ্যালয়খনৰ নাৰী অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল৷ তেওঁ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ইকনমিক এণ্ড পলিটিকেল ৱিইকলী, প্ৰকাশ, গৰীয়সী আদি আলোচনীত নাৰীবাদ বিষয়ক প্ৰবন্ধ-পাতি লিখিছিল৷১
তথ্যসূত্ৰ
- ↑ নাৰীবাদ, অপৰ্ণা মহন্ত, ২੦১৮, প্ৰকাশন শাখা, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ISBN 978-93-84819-14-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰীবাদ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৪৯০৭৪১ (১১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।