পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ (pathabhrasta hoise neki sankar sangha) হৈছে অসমৰ লেখক, শিক্ষাবিদ, সাহিত্যিক, সমালোচক ময়ূৰ বৰাৰ প্ৰথমখন প্ৰবন্ধ গ্ৰন্থ। ২০১২ চনৰ জানুৱাৰী মাহত আঁক-বাক প্ৰকাশনে প্ৰথম প্ৰকাশ কৰা এই প্ৰবন্ধ সংকলনখনিৰ মূল্য আশী টকা। কিতাপখনৰ মুঠ পৃষ্ঠা সংখ্যা ৯৬। লেখকে গ্ৰন্থখনৰ আৰম্ভণিতে লিখিছে, "শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী সংগী আই আৰু বাপলৈ এই গ্ৰন্থখন আগবঢ়ালোঁ, অসীম শ্ৰদ্ধা আৰু আগ্ৰহেৰে"।১
বিৱৰণ
কিতাপখন দুটা অংশত বিভক্ত। ১প্ৰথম অংশ হৈছে সংঘৰ ঐতিহ্য আৰু কাৰুণ্য।এই অংশত থকা প্ৰবন্ধসমূহ হৈছে-
- শংকৰ সংঘৰ জন্মৰ ঐতিহাসিক প্ৰেক্ষাপট
- শংকৰ সংঘৰ জন্ম বৃত্তান্ত
- শংকৰ সংঘৰ বিকাশ আৰু ক্ৰমবৰ্ধমান শক্তি
- সংঘ, সাহিত্য সভা আৰু ছাত্ৰ সন্থা
- শংকৰদেৱ আৰু শংকৰ সংঘ
দ্বিতীয় অংশ হৈছে সংঘৰ বৌদ্ধিক দিগ্ভ্ৰান্তিৰ কেতবোৰ দৃষ্টান্ত।এই অংশত মুঠ ২৫ টা প্ৰবন্ধ। ১সেইসমূহ হ'ল-
- নিৰ্লিপ্ত মনোভাৱ আৰু নিয়মৰ মেৰপেঁচ
- গুৰুজনাৰ জন্মস্থান সন্দৰ্ভত সংঘৰ মৌনতা
- পাটেকিবৰীৰ বেদখল সন্দৰ্ভতো সংঘ নীৰৱ
- 'শংকৰ বিভ্ৰাট' আৰু শংকৰ সংঘ
- 'কীৰ্তন বিতৰ্ক'ৰ সময়ত সংঘৰ শামুকীয়া গতি
- 'ৰাম বিজয় নাট' বিকৃতকৰণৰ সময়ত সংঘৰ নীৰৱতা
- মধুপুৰ সঁচাকৈ বহুদূৰ
- বৃন্দাবনী বস্ত্ৰ বিতৰ্ক
- শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নামত ভেঁকো-ভাওনা
- ড০ ভূপেন হাজৰিকাক দুখ দিয়া ঘটনাটো
- ড০ নগেন শইকীয়া কিদৰে অপমানিত হৈছিল
- সাহিত্য সভাৰ লগত শীতল সম্পৰ্ক
- ইলাৰাম দাসৰ বহিষ্কাৰ- এটা দুঃখজনক অধ্যায়
- দেহদান সন্দৰ্ভত সংঘৰ পশ্চাদ্মুখী চিন্তা
- মেলামুখী মানসিকতা আৰু বাৰ্ষিক অধিৱেশনত ভি আই পিৰ দপ্দপনি
- বিত্তীয় দিশত অধিক স্বচ্ছতাৰ প্ৰয়োজন
- হকে-বিহকে বামুণক গালি পৰা প্ৰৱণতা
- সংঘত নৱব্ৰাহ্মণ্যবাদ
- গুৰুজনাৰ আদৰ্শক সংকীৰ্ণ কৰিছে নেকি সংঘই?
- ধৰ্মান্তৰকৰণ সন্দৰ্ভত সংঘৰ দুৰ্বল ভূমিকা
- লোকাচাৰৰ চক্ৰবেহুত গুৰুজনাৰ মানৱতাবাদী দৰ্শন ধৰাশায়ী
- ব্ৰজাৱলী ভাষাৰ শক্তি অব্যৱহৃত
- সংঘৰ নেতৃত্বৰ হিন্দী-ইংৰাজীত দখল আছেনে?
- নৱপ্ৰজন্ম কিয় আহিব সংঘলৈ?
- শক্তিশালী পুনৰ্জাগৰণে সঠিক পথলৈ আনিব পাৰে
একেবাৰে শেষত সংযুক্ত হৈছে এখন গ্ৰন্থপঞ্জী
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: ময়ূৰ বৰা
ময়ূৰ বৰা হৈছে এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) লেখক আৰু সমালোচক৷ একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা। ২তেখেতে ২০১৮ চনলৈকে ১৪ খন গ্ৰন্থ ৰচনা কৰে।৩ ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা।তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা৪ আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।২বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬ খন গ্ৰন্থৰ লেখক।৫
তথ্যসূত্ৰ
- ↑ ময়ূৰ বৰা. (জানুৱাৰী,২০১২). পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ. আঁক-বাক
- ↑ সম্পাদনা-ডিম্পল চমুৱা. (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃ. 95
- ↑ Meet Mayur Bora- the acclaimed writer with 14 books to his credit. Guwahati Plus
- ↑ (10 dec, 2017). বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন. North east now
- ↑ বৰা, ময়ূৰ. (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৩৩৩৮১৯ (২৬ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।