হলবী, বস্তৰী, হলব, হলৱস বা হলৱী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা, যি ওড়িয়া আৰু মাৰাঠীৰ মাজৰ ৰূপান্তৰণৰ ভাষা।১ মধ্য ভাৰতত কমেও ৭৬৬২৯৭জন লোকে এই ভাষা ব্যৱহাৰ কৰে।
মহৰী উপভাষা অন্য উপভাষাসমূহতকৈ কিছু পৃথক আৰু কষ্টেৰেহে বুজিব পৰা যায়। এই ভাষাৰ আনুমানিক ২০০০০০ দ্বিতীয়-ভাষা কথোঁতাও আছে (২০০১ চনত)। ছত্তীসগঢ়ত প্ৰায় লোক হিন্দী ভাষাত পাকৈত। কিছু কিছু হলবী ভাষী লোকে ভত্ৰীক দ্বিতীয় ভাষা হিচাপে শিকে।
হলবী ভাষাক প্ৰায় বাণিজ্যৰ ভাষা হিচাপে ব্যৱহাৰ কৰা হয়। এই ভাষা বিষয়-বস্তু-ক্ৰিয়া ক্ৰমত লিখা হয়, ই এফিক্সৰ বহল প্ৰয়োগ কৰে আৰু বিশেষ্যৰ আগত বিশেষণ প্ৰয়োগ কৰে।
ধ্বনিতত্ত্ব
স্বৰধ্বনি
হলবী ভাষাত ৬ট স্বৰধ্বনি আছে: /a, e, ɘ, i, o, u/। আটাইকেইটা স্বৰধ্বনিৰেই নাকেৰে কৰা উচ্চৰণো আছে২
ব্যঞ্জনধ্বনি
| Labial | Alveolar | Palatal | Velar | Glottal | ||
|---|---|---|---|---|---|---|
| Nasal | m | n | ŋ | |||
| Stop | voiceless | p | t | k | ʔ | |
| aspirated | pʰ | tʰ | kʰ | |||
| voiced | b | d | g | |||
| breathy | bʱ | dʱ | gʱ | |||
| Affricate | voiceless | t͡s | cç | |||
| voiced | ɟʝ | |||||
| Fricative | voiceless | f | s | ç | h | |
| voiced | v | z | ||||
| Approximant | l | j | w | |||
| Trill | r |
তথ্যসূত্ৰ
- ↑ Masica (1991)
- ↑ PHOIBLE 2.0 -. phoible.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হলবী ভাষা” প্ৰবন্ধৰ সংশোধন ৩৯৭৮৪৬ (১৬ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।